নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জানুৱাৰীঃ ‘কংগ্রেছত মহিলা একেবাৰেই সুৰক্ষিত নহয়, ৰাজীৱ ভৱনত মহিলাৰ ব্লাউজটোলৈকে আলোচনা চলে৷’ এই বিস্ফোৰক মন্তব্য প্রাক্তন কংগ্রেছী মন্ত্রী বিস্মিতা গগৈৰ৷ আজি বিজেপিত যোগদান কৰি প্রাক্তন কংগ্রেছী মন্ত্রীগৰাকী কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ গগৈয়ে কয় যে তেওঁ পিন্ধা ব্লাউজটোক লৈয়ো কংগ্রেছে ৰাজীৱ ভৱনত আলোচনা কৰে৷ তেওঁ পিন্ধা ব্লাউজটোত বোলে পদুমফুল আছে সেয়ে তেওঁ বিজেপিলৈ গৈছে৷ ইমান নিকৃষ্টমানৰ কথাবতৰা কংগ্রেছৰ মজিয়াত প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত চলে৷ মহিলাৰ সন্মান হিচাপে তেওঁ দুখিত হৈছে৷ দলৰ গুৰুত্বপূর্ণ দায়িত্বত থকা ব্যক্তিয়ে তেনেদৰে মন্তব্য কৰে৷ গগৈৰ স্পষ্ট কথা– কংগ্রেছৰ মহিলা একেবাৰে সুৰক্ষিত নহয়৷ মহিলাৰ সন্মান হানি কৰিবলৈ সাধাৰণ ব্লাউজটোলৈকে যেতিয়া আলোচনা চলে, সেই দলটোৰ পৰা ৰাইজে কি আশা কৰিব পাৰে বুলিও তেওঁ প্রশ্ন কৰে।