নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ আলফা (স্বাঃ)ৰ শিবিৰত আৰক্ষীৰ স্পাই : সৰ্বত্ৰ চাঞ্চল্য

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ জানুৱাৰীঃ আলফা (স্বাঃ)ৰ শিবিৰত অসম আৰক্ষীৰ চোৰাংচোৱা৷ আলফা (স্বাঃ)ৰ এটা ভিডিঅৰ পিছত প্ৰকাশ হৈছে এই বাতৰি। অসম আৰক্ষীয়ে আলফা (স্বাঃ)ৰ গতিবিধিৰ পর্যবেক্ষণৰ বাবে চোৰাংচোৱা প্রেৰণ কৰা বিষয়টো আজি সংগঠনটোৰ দ্বাৰা প্রেৰিত ভিডিঅত প্ৰকাশ পাইছে৷ প্রায় ১৬ মিনিট দৈর্ঘ্যজোৰা ভিডিঅ’টো সংবাদ মাধ্যমত প্রচাৰ হোৱাৰ লগে লগেই অসম আৰক্ষীত জোকাৰণিৰ সৃষ্টি হৈছে৷ বিশেষ মিছন লৈ ২০২১ চনৰ নৱেম্বৰ মাহত আলফা (স্বাঃ)ত যোগদান কৰা গোলাঘাটৰ মানস বৰগোহাঁইৰ উক্ত ভিডিঅ’টো আজি প্রচাৰ হোৱাৰ পাছতেই সর্বত্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে সংগঠনবিৰোধী কাম-কাজত লিপ্ত হোৱাৰ অভিযোগত চলিত বর্ষৰ ২১ জানুৱাৰীত আলফা (স্বাঃ) নেতৃত্বই ম্যানমাৰৰ চলমান শিবিৰত গ্রেপ্তাৰ কৰিছিল মানস বৰগোহাঁই ওৰফে মুকুট অসম নামৰ আলফা সদস্যজনক৷ সদস্যজনৰ বিৰুদ্ধে উঠা সংগঠনবিৰোধী অভিযোগ প্রমাণিত হোৱাৰ লগে লগেই আলফা (স্বাঃ)ৰ আদালতত বিচাৰ প্রক্রিয়া সম্পন্ন কৰা হয়৷ উক্ত বিচাৰৰ দৃশ্যাংশ আজি সংগঠনটোৱে অসমৰ বিভিন্ন সংবাদ মাধ্যমলৈ প্রেৰণ কৰিছে৷ নিজকে অসম আৰক্ষীৰ অপৰাধ শাখাৰ এগৰাকী এছ আই হিচাপে পৰিচয় দিয়া গোলাঘাটৰ মানস বৰগোহাঁয়ে ভিডিঅ’টোত নিজৰ সকলো দোষ স্বীকাৰ কৰাৰ লগতে অসম আৰক্ষীৰ শীর্ষ নেতৃত্বই দিয়া টকা-পইচা আৰু ক্ষমতাৰ প্রলোভনৰ ভিত্তিতহে আলফা (স্বা)ৰ সৈতে জড়িত হৈ পৰিছিল বুলি মন্তব্য কৰে৷ মানস বৰগোহাঁয়ে কয় কয় যে প্রশাসনৰ বিশেষকৈ অপৰাধ শাখাৰ এছআই হিচাপে ২০২১ চনত মই নিযুক্তি পাইছিলো৷ নিযুক্তিৰ পাছতে নাটকীয়ভাৱে নিষিদ্ধ ঘোষিত সংগঠনটোৰ সৈতে সাঙুৰি তেওঁক গ্রেপ্তাৰো কৰিছিল আৰক্ষীয়ে৷ অসম আৰক্ষীৰ বিশেষ শাখাৰ মাণ্ডলিক মুৰব্বী মানস চলিহা আৰু দিগম্বৰ পাণ্ডে প্রত্যক্ষভাৱে তেওঁক আলফা বিৰোধী মিছনটোৰ বাবে সাজু কৰিছিল৷ উক্ত নিয়োগত তদানীন্তন ডিজিপি ভাস্কৰজ্যোতি মহন্ত, বর্তমানৰ ডিজিপি জি পি সিঙকে ধৰি কেইবাজনো শীর্ষ আৰক্ষী বিষয়া এই পৰিকল্পনাৰ আঁৰত পৰোক্ষভাৱে জড়িত আছিল৷ তেওঁ কয় যে ২০২১ চনৰ নৱেম্বৰ মাহত সংগঠনটোত যোগদান কৰিছিলো৷ এইটো এটা সম্পূর্ণ মিছন আছিল৷ কোনোধৰণৰ জাতিপ্রেম ইয়াত নাছিল৷ অকল ময়েই নহয়, আন বহু যুৱক-যুৱতীও একে উদ্দেশ্যৰে সংগঠনটোত বর্তমানেও সক্রিয় হৈ আছে৷ নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদানৰ পূর্বে তেওঁলোকক কাহিলিপাৰা আৰু বেলতলাৰ অজন্তা পথৰ এটা এনক্লেভত বিশেষভাৱে প্রশিক্ষণ দিয়া হৈছিল৷ সম্প্রতি ডিজিটেল যোগাযোগ ব্যৱস্থাত আলফা (স্বা)–এ ডিজিটেলী বহু সক্রিয় হৈ পৰিছে৷ সেইবাবেই বিশেষকৈ বায়’মেট্রিকছৰ ওপৰত তেওঁৰ লগতে আন সতীর্থসকলকো প্রশিক্ষণ প্রদান কৰা হৈছিল৷ অসম আৰক্ষীত ‘ঘোঁৰা’ নামেৰে জনাজাত মানস চলিহা নামৰ এছবিৰ মাণ্ডলিক মুৰব্বীজনৰ তত্ত্বাৱধানত তৃষ্ণা সন্দিকৈ নামৰ এগৰাকী বিশেষজ্ঞই সকলো প্রশিক্ষণ প্রদান কৰিছিল৷ আলফা (স্বা)ৰ ডিজিটেল ছিষ্টেমক ধ্বংস কৰি সেইবোৰ হেক কৰি সংগঠনটোক অইন ৰাষ্ট্রৰ আগত দোষী কৰাৰ প্রশিক্ষণো তেওঁলোকক দিয়া হৈছিল৷ তেওঁ কয় যে মোৰ সৈতে নগাঁৱৰ চয়নিকা দাস, কাবেৰী, গোলাঘাটৰ অংকিতা, চৰাইদেউৰ ঋতুৰাজ মহন্ত, মেৰাপানীৰ নোমল আৰু বিতোপন নামৰ সদস্যকেইজন একেলগে আছিল৷ ইয়াৰ বাদেও অহা ৭–১৫ ফেব্রুৱাৰীৰ ভিতৰত প্রণদ্বীপ গগৈ, ধৈর্য কোঁৱৰ আৰু ৰাজশ্রী নামৰ আন তিনিজন সদস্যও একে উদ্দেশ্যৰেই আলফা (স্বা)ৰ শিবিৰত যোগদান কৰাৰ প্রস্তুতি চলি আছিল৷ এওঁলোকৰ ভিতৰত কেইবাজনেও দেৰাদুনৰ মিলিটাৰী একাডেমীত বিশেষ প্রশিক্ষণ লাভ কৰিছিল৷ আহিবলগীয়া সদস্যকেইজনে বহু অত্যাধুনিক যন্ত্রও নিজৰ লগত শিবিৰলৈ অনাৰ কথা আছিল৷ আলফা (স্বা)লৈ অহা পুৰুষ-মহিলা উভয় সদস্যৰ ভিতৰত বিশেষকৈ যুৱতী সদস্যখিনিক যৌন শিক্ষাৰ ওপৰতো বিশেষ প্রশিক্ষণ প্রদান কৰা হৈছিল৷ শিবিৰৰ নেতাসকলৰ মাজত উক্ত প্রশিক্ষণৰ দ্বাৰা বিভেদৰ সৃষ্টি কৰি গোপন তথ্যসমূহ কিদৰে সংগ্রহ কৰিব পাৰি সেয়াও তেওঁলোকক শিকোৱা হৈছিল বুলি মানস বৰগোহাঁয়ে ভিডিঅ’টোত উল্লেখ কৰিছে৷ ইয়াৰ বাদেও আন ৩৩জন যুৱক-যুৱতীকো একে উদ্দেশ্যৰে অসম আৰক্ষীয়ে প্রশিক্ষিত কৰাৰ দাবী কৰিছে মানস বৰগোহাঁয়ে৷ ভৱিষ্যতে টকা আৰু ক্ষমতাৰ লোভত পৰি কোনো যুৱক–যুৱতীক এনে ভয়ানক সিদ্ধান্ত গ্রহণ কৰাৰ পৰা বিৰত থাকিবলৈ মানস বৰগোহাঁয়ে আহ্বান জনাইছে৷ উল্লেখ্য যে আলফা (স্বা)ৰ দ্বাৰা প্রেৰিত ভিডি’টোত মানস বৰগোহাঁইৰ সকলো দোষৰ কথা উল্লেখ কৰা হৈছে যদিও অসম আৰক্ষীৰ চোৰাংচোৱা বুলি আলফা (স্বা)–এ দাবী কৰা যুৱকজনক কিধৰণৰ চৰম শাস্তি প্রদান কৰা হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ ইফালে এই ঘটনাৰ পিছতে এই বাতৰি সম্পূর্ণ নস্যাৎ কৰিছে অসম আৰক্ষীৰ মুখ্য কার্যালয়ে৷ আজি এক বিবৃতিযোগে অসম আৰক্ষীয়ে আৰক্ষীৰ চোৰাংচোৱা বুলি অভিযোগ উঠা মানস বৰগোহাঁইৰ বক্তব্য সম্পূর্ণ মিথ্যা বুলি উল্লেখ কৰিছে৷ মানস বৰগোহাঁই নামৰ কোনো ব্যক্তি অসম আৰক্ষীৰ বিশেষ শাখাত ২০২১ বর্ষত মকৰল কৰা হোৱা নাই আৰু অসম আৰক্ষীৰ ফালৰ পৰা তেনে কোনো ব্যক্তিক আলফা (স্বা)ৰ কেম্পলৈ পঠোৱা হোৱা নাই বুলি বিবৃতি প্রেৰণ কৰিছে অসম আৰক্ষীয়ে৷ ভিডিঅ’টোত পৰিৱেশিত সকলোবোৰ কথা সম্পূর্ণ মিছা, বিভ্রান্তিকৰ আৰু উদ্দেশ্যপ্রণোদিত বুলিও অসম আৰক্ষীয়ে সদৰী কৰিছে৷

You might also like