নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শতাব্দী প্রাচীন অলিম্পিকত অসমৰ প্রথমটো পদকঃ ৪ আগষ্টত প্রাক্তন বিশ্ব চেম্পিয়ন তুর্কীৰ বাছেনাজ ছার্মেনেলীৰে মুখামুখি

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ ‘গ্রেটেষ্ট শ্ব’ অন দ্য আর্থ’ অলিম্পিকত অসম সন্তানৰ পদক জয়৷ ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত অবিভক্ত অসমৰ প্রখ্যাত ফুটবলাৰ ডাঃ টালিমেৰন আওৱে দেশক প্রতিনিধিত্ব কৰাৰ সময়তে অসমবাসীৰ মনত পোখা মেলিছিল এই দুর্বাৰ সপোনৰ৷ সুদীর্ঘ ৭৩ বছৰ পূর্বে পোখা মেলা এই সপোনে অৱশেষত শুকুৰবাৰে বাস্তৱ ৰূপ পালে৷ ডাঃ টালিমেৰন আও, দীপাংকৰ ভট্টাচার্য, শিৱ থাপা আৰু জয়ন্ত তালুকদাৰে শতাব্দী প্রাচীন অলিম্পিকৰ মঞ্চত কৰিব নোৱাৰা অসম্ভৱক সম্ভৱ কৰি টকিঅ’ৰ বুকুত স্বর্ণিল ইতিহাস ৰচিলে এগৰাকী অসম কন্যাই৷ গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ বোকা–পানী গচকি বিশ্ব বক্সিঙৰ সুবিশাল ক্ষেত্রখনত ভৰি থোৱা দৃঢ়মনা যুৱতীগৰাকীয়ে টকিঅ’ অলিম্পিকত পদক নিশ্চিত কৰি ১৪০ কোটি ভাৰতীয়ৰ মুখত হাঁহি বিৰিঙাই তোলাৰ লগতে প্রতিগৰাকী অসমীয়াৰ বুকু গৌৰৱত ওফন্দাই তুলিছে৷ গগনচুম্বী আত্মবিশ্বাস, অদম্য মানসিক শক্তি আৰু বিশ্বজয়ৰ দুর্বাৰ হেঁপাহ বুকুত বান্ধি টকিঅ’ৰ বক্সিং ৰিঙত দুর্দান্ত পান্সেৰে প্রতিপক্ষক ধৰাশায়ী কৰা এইগৰাকী অসম কন্যা হ’ল দেশৰ সম্ভাৱনাময় বক্সিং তাৰকা লাভলীনা বৰগোহাঁই৷ অলিম্পিকৰ বক্সিং ইভেণ্টৰ ৬৯ কেজি শাখাৰ ছেমিফাইনেলত প্রৱেশ কৰি তেওঁ অতি কমেও ব্রঞ্জৰ পদক নিশ্চিত কৰিবলৈ সক্ষম হৈছে৷ 

শুকুৰবাৰে অনুষ্ঠিত কোৱার্টাৰ ফাইনেলত অসমৰ ২৩ বছৰীয়া বক্সাৰগৰাকীয়ে চাইনীজ টাইপেইৰ প্রাক্তন বিশ্ব চেম্পিয়ন তাৰকা নিয়ান–চিন চেনক ধৰাশায়ী কৰি ছেমিফাইনেলত স্থান সুৰক্ষিত কৰাৰ লগতে অসমৰ প্রথমগৰাকী খেলুৱৈ হিচাপে অলিম্পিকৰ মঞ্চত পদক জয় নিশ্চিত কৰে৷ ৰিঙত নামিয়েই আক্রমণাত্মক হৈ উঠা লাভলীনাই কোনো মুহূর্ততে শক্তিশালী প্রতিপক্ষক সুযোগ নিদি অনায়াসে জয় সাব্যস্ত কৰে৷ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ব্রঞ্জৰ পদক জয়েৰে দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা প্রতিভাৱান বক্সাৰগৰাকীয়ে নিজৰ শাৰীৰিক উচ্চতাৰ সুযোগ গ্রহণ কৰি চাইনীজ টাইপেইৰ খেলুৱৈগৰাকীক সম্পূর্ণ চাপত ৰাখিবলৈ সক্ষম হয়৷ আক্রমণাত্মক ক্রীড়াশৈলীৰ লগতে দক্ষতাৰে প্রতিপক্ষৰ আক্রমণৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখি লাভলীনাই ৪–১ৰ ব্যৱধানত জয় সাব্যস্ত কৰে৷ এই দুর্দান্ত জয়েৰে অসমৰ উদীয়মান তাৰকাগৰাকীয়ে দেশৰ তৃতীয়গৰাকী বক্সাৰ হিচাপে অলিম্পিকত পদক নিশ্চিত কৰে৷

ইয়াৰ পূর্বে বিজেন্দৰ সিং আৰু এম চি মেৰীকমে অলিম্পিকত ভাৰতৰ হৈ পদক জয় কৰিছিল৷ বিজেন্দৰে ২০০৮ আৰু মেৰীকমে ২০১২ত ব্রঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰছিল আৰু অসম কন্যা লাভলীনাই এইবাৰ তেওঁলোকতকৈ অধিক উন্নত প্রদর্শনেৰে টকিঅ’ অলিম্পিকত ইতিহাস ৰচাৰ সুৱর্ণ সুযোগ লাভ কৰিছে৷ অহা ৪ আগষ্টত ছেমিফাইনেলত তেওঁ পুনৰ বক্সিং ৰিঙত নামিব৷ ছেমিফাইনেলত লাভলীনাৰ প্রতিদ্বন্দ্বী তুর্কীৰ প্রাক্তন বিশ্ব চেম্পিয়ন বাছেনাজ ছার্মেনেলী৷

ইফালে লাভলীনাৰ জৰিয়তে ভাৰতে শুকুৰবাৰে টকিঅ’ অলিম্পিকত দ্বিতীয়টো পদক নিশ্চিত কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ পূর্বে ভাৰোত্তোলক মীৰাবাঈ চানুৱে মেগা ইভেণ্টখনৰ দ্বিতীয় দিনাই দেশলৈ ৰূপৰ পদক কঢ়িয়াই আনিছিল৷ আমাৰ বাবে গৌৰৱৰ বিষয় যে টকি’ অলিম্পিকৰ পৰা ভাৰতে এতিয়ালৈকে লাভ কৰা দুয়োটা পদকে উত্তৰ–পূর্বাঞ্চলৰ এথলীটে জয় কৰিছে৷ লক্ষণীয়ভাৱে অসমে ইয়াৰ পূর্বে চাৰিগৰাকী অলিম্পিয়ান সৃষ্টি কৰিবলৈ সক্ষম হৈছে যদিও লাভলীনাৰ ৰূপত শুকুৰবাৰে ৰাজ্যবাসীয়ে লাভ কৰিলে প্রথমগৰাকী পদক বিজয়ী অলিম্পিয়ান৷

বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱত পদক জয়েৰে ৰাজ্যৰ ক্রীড়া ইতিহাসত সোণালী অধ্যায়ৰ সূচনা কৰা প্রতিভাৱান বক্সাৰগৰাকীৰ এই অলিম্পিক যাত্রা কিন্তু মসৃণ নাছিল৷ লকডাউনৰ বাবে ২০২০ বর্ষটোৰ অধিকাংশ সময় অনুশীলনৰ পৰা আঁতৰি থকাৰ পাছত অক্টোবৰত লাভলীনাই ভাৰতীয় বক্সিং দলৰ সতীর্থৰ সৈতে উন্নত অনুশীলনৰ বাবে ইটালীলৈ উৰা মৰাৰ পূর্বে ক’ভিড–১৯ত আক্রান্ত হৈ চিকিৎসালয়ত ভর্তি হ’বলগীয়া হৈছিল৷ মহামাৰী ক’ভিডৰ প্রত্যাহ্বান সাহসেৰে নেওচি বক্সাৰগৰাকীয়ে মার্চত বক্সিং ৰিঙলৈ উভতে আৰু এছিয়ান চেম্পিয়নশ্বিপত দেশৰ হৈ ব্রঞ্জৰ পদক অর্জন কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পাছতে তেওঁ অলিম্পিকত পদক জয়ৰ লক্ষ্যৰে ইটালীত কঠোৰ অনুশীলন আৰম্ভ কৰে৷

উল্লেখ্য যে শৈশৱৰে পৰা অলিম্পিক খেলাৰ সপোন পুহি ৰখা লাভলীনাৰ জন্ম হৈছিল ১৯৯৭ চনৰ ২ অক্টোবৰত গোলঘাটৰ বৰপথাৰত৷ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁয়ে বিচাৰিছিল কনিষ্ঠ কন্যা লাভলীনাই ভালকৈ পঢ়া–শুনা কৰি তেওঁলোকৰ নাম উজলাব আৰু এদিন পৰিয়ালটোৰ কষ্ট দূৰ হ’ব৷ কিন্তু দুই জ্যেষ্ঠ ভগ্নী লিচা আৰু লিমাক দেখি লাভলীনায়ো প্রায় ১২ বছৰ বয়সৰ পৰাই আৰম্ভ কৰে দুঃসাহসিক খেল কিক বক্সিং৷ স্কুল পর্যায়ত কিক বক্সিং খেলি থকা সময়তে এদিন গোলাঘাট ‘ছাই’ কেন্দ্রই আয়োজন কৰা বাছনি শিবিৰত লাভলীনাৰ প্রতিভাৰ ওপৰত চকু পৰে প্রশিক্ষক পদুম বড়োৰ৷ এয়া আছিল ২০১২ চনৰ কথা৷ অভিজ্ঞ প্রশিক্ষকগৰাকীয়ে দীর্ঘদেহী খেলুৱৈগৰাকীৰ প্রতিভাৰ উমান লাভ কৰি তেওঁক ছাই কেন্দ্রত প্রশিক্ষণ দিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পৰাই আৰম্ভ হৈছিল দেশৰ নতুন মেৰীকম সৃষ্টিৰ এক মনোৰম কাহিনী৷ টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙৰ পৰা দেশলৈ পদক কঢ়িয়াই গোলাঘাটৰ লাভলীনাই এই কাহিনী অধিক মনোৰম আৰু চিত্তাকর্ষক কৰি তুলিলে৷

ইফালে অলিম্পিকত পদক নিশ্চিত কৰি ইতিহাস ৰচা অসমৰ বক্সাৰগৰাকীৰ এই সাফল্যত গৌৰৱান্বিত ৰাজ্যবাসী৷ শুকুৰবাৰৰ খেলত জয়লাভৰ পাছতে ৰাজ্যজুৰি আনন্দৰ লহৰ উঠাৰ সমান্তৰালকৈ অহা ৪ আগষ্টত অনুষ্ঠিতব্য ছেমিফাইনেল আৰু তাৰ পাছৰ চূড়ান্ত পর্যায় ফাইনেলতো লাভলীনাই সফলতাৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ কামনা কৰিছে প্রতিজন অসমীয়াই৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লাভলীনাক অভিনন্দন জনাই কৈছে যে টকিঅ’ অলিম্পিকত সফলতাৰ ধ্বজা উৰুওৱা অসম কন্যাক লৈ তেওঁ গৌৰৱান্বিত৷ প্রাক্তন মুখ্যমন্ত্রী তথা বর্তমানৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও শুভেচ্ছা জনাইছে লাভলীনাক৷ সামাজিক মাধ্যমৰ জৰিয়তে কেন্দ্রীয় মন্ত্রী সোণোৱালে অসমকন্যাৰ প্রতি শুভেচ্ছা জনাই কয় যে ইতিহাস সৃষ্টিৰ পথত লাভলীনা লাভলীনাৰ দুর্দান্ত প্রদর্শনে সমগ্র ভাৰতবাসীকে গৌৰাৱান্বিত কৰিছে৷ এয়া এক অতিকৈ স্মৰণীয় মুহূর্ত৷ ছেমিফাইনেলত স্থান নিশ্চিত কৰা লাভলীনাৰ বিশ্বজয়ৰ বহু প্রতীক্ষিত সপোন বাস্তৱায়িত হওঁক৷ তাৰ বাবে আন্তৰিক শুভ কামনা জনালোঁ৷ আমি প্রতিজন ভাৰতীয়ই সেই সোণালী ক্ষণটোলৈ অধীৰ আগ্রহেৰে বাট চাই আছোঁ৷ 

You might also like