নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত সক্রিয় মণিপুৰ–মিজোৰামৰ ড্রাগ্ছ মাফিয়া

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ মহানগৰ আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পিছতো গুৱাহাটীত সক্রিয় হৈ আছে মণিপুৰ আৰু মিজোৰামৰ ড্রাগ্ছ মাফিয়া৷ কালি দিছপুৰ আৰু বশিষ্ঠ আৰক্ষীয়ে ছজনকৈ কুখ্যাত ড্রাগ্ছ মাফিয়াক আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ মহানগৰ আৰক্ষীৰ তথ্যৰ ভিত্তিত পৃথকে অভিযান চলাই নাজিৰ হুছেইন, মহম্মদ আমিনৰ লগতে ছজন ড্রাগ্ছ মাফিয়াক আৰক্ষীয়ে আটক কৰে৷ সম্প্রতি বশিষ্ঠ আৰক্ষীয়ে ড্রাগ্ছ মাফিয়াকেইটাক জেৰা অব্যাহত ৰাখিছে৷ ড্রাগ্ছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰা আটাইকেইগৰাকীৰে ঘৰ মণিপুৰ আৰু মিজোৰামত বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

You might also like