নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ আৰম্ভ বিলাসী ডেকান অডিচি ৰেলৰ সেৱা

বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰঃ কেন্দ্ৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ সহায়ত ২০০৪ চনত ডেকান অডিচি ট্ৰেইন আৰম্ভ কৰা হৈছিল। অৱশ্যে কৰ’নাৰ সময়ত এই ৰে’লখন ৰখাই দিয়া হৈছিল। এই ৰেলখনক বিলাসী ৰেল বুলি গণ্য কৰা হয়, যাৰ বাবে যাত্ৰীসকলে যাত্ৰাৰ এক বেলেগ আনন্দ লাভ কৰে। এই ৰেলখন এতিয়া পুনৰ আৰম্ভ কৰা হৈছে। পাঁচ তাৰকাযুক্ত সুবিধাৰে সজ্জিত ৰে’লখনত এখন বিলাসী ৰেষ্টুৰেণ্টৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত স্পা, বাৰ আৰু বিলাসী ডিলাক্স কোঠাৰ দৰে সুবিধাও আছে, যিয়ে আপোনাৰ যাত্ৰাক সুখদায়ক কৰি তোলে। কেৱল এয়াই নহয়, কেৰম আদি ঘৰৰ ভিতৰৰ খেল খেলাৰ ব্যৱস্থাও কৰা হৈছে। মহাৰাষ্ট্ৰ পৰ্যটন বিভাগৰ পৰিচালন সঞ্চালক শ্ৰদ্ধা যোশী শৰ্মাৰ মতে, পুনৰ আৰম্ভ কৰা ডেকান অডিচি ৰে’লত আৰু কিছু সুবিধা বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি এই ৰেলখনকো নতুন ৰূপ দিয়া হৈছে। তেওঁ কয় যে ২০২০ চনৰ পৰা এই বিলাসী ৰেলখন বন্ধ হৈ আছিল যদিও এতিয়া নতুন ৰূপেৰে ৰাইজৰ সন্মুখলৈ অনা হৈছে। যাত্ৰীসকলে ৭ দিন আৰু আঠ ৰাতি চলি থকা ৰে’লত পাঁচ তাৰকা হোটেলৰ দৰে সুবিধা উপভোগ কৰিব পাৰিব। লগতে এই ৰেলখন যাবলগীয়া পৰ্যটনস্থলী মহাৰাষ্ট্ৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত উপভোগ কৰিব পাৰিব। এই ৰেলযোগে যাত্ৰা কৰিবলৈ যাত্ৰীসকলে ৬.৫ লাখ টকাৰ পেকেজ ল’ব লাগিব, যাৰ অধীনত ফাইভ ষ্টাৰৰ সুবিধাৰে যাত্ৰীসকলে ৭ দিন যাত্ৰা কৰিব পাৰিব। ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ইয়াৰ প্ৰথম যাত্ৰা। ইয়াৰ বুকিং আৰম্ভ কৰা হৈছে।

You might also like