নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গেলেকীত গৰুচোৰৰ বিলাসী বাহন দুৰ্ঘটনাগ্ৰস্ত, বাহনৰ খুন্দাত নিহত ঘোঁৰা 

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : নাজিৰা সমজিলাৰ গেলেকীত গৰু চোৰৰ বিলাসী বাহনে নিশা এক দুৰ্ঘটনা সংঘটিত কৰাক লৈ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । নিশা প্ৰায় এক বজাত গেলেকীৰ আৰক্ষীয়ে এখন বিলাসী বাহন তীব্ৰ বেগত আহি থকাত সন্দেহ কৰি বাহনখনক গেলেকী চাৰিআলিত ৰখাবলৈ সংকেত দিয়ে। কিন্তু বাহনখন তীব্ৰগতিত পলায়ন কৰোঁতে ৰাজপথত থকা দুটা ঘোঁৰাক খুন্দা মাৰি কলগাঁৱৰ মছজিদৰ কাষতে থকা এঘৰ লোকৰ সীমাৰ ৱালত প্ৰচণ্ড খুন্দা মৰাত গাড়ীখন আগৰ অংশ ক্ষতি হৈ ৰৈ যায় । বাহনখনৰ পিছে পিছে অহা আন এখন নম্বৰ প্লেটবিহীন বাহনে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজনক উঠাই তীব্ৰ বেগত পলায়ন কৰে ।
ইফালে, বাহনখনৰ খুন্দাত এটা ঘোঁৰা থিতাতে নিহত হয় আৰু এটা গুৰুতৰভাৱে আহত হৈ বৰ্তমান সংকটজনক অৱস্থাত আছে । এই বিলাসী বাহনখনৰ পৰা ভিতৰৰ পৰা ৰাইজে উদ্ধাৰ কৰে ৫টাকৈ গৰু। ৫টাকৈ গৰু ভৰাই অনা নম্বৰ প্লেটবিহীন বাহনখনৰ পৰা এটা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গেলেকী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে যদিও দুৰ্ঘটনাগ্ৰস্ত বিলাসী বাহনখন কাৰ একো তথ্য উদঘাটন কৰিব পৰা নাই আৰু বাহনখনত উদ্ধাৰ কৰা ম’বাইল ফোনৰ পৰা তথ্য লাভ কৰিছে যদিও অধিক অনুসন্ধানৰ বাবে আৰক্ষীয়ে তথ্য প্ৰকাশ কৰা নাই । আনহাতে, গাড়ীখনৰ ভিতৰত উদ্ধাৰ হোৱা ৫টা গৰু বৰ্তমান গেলেকীৰ আৰক্ষীৰ জিম্মাত ৰাখিছে ।
প্ৰেৰক নেকিব আহমেদ
You might also like