নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা বিড়িৰ বাবে নির্মমভাৱে হত্যা

নিয়মীয়াবার্তা,২৮ অক্টোবৰঃ বাক্সাৰ ভাৰত–ভূটান সীমান্তত সংঘটিত এটা নৃশংস হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এটা বিড়িৰ বাবে মহাকে হত্যা কৰিলে ভতিজাকক ৷ চোকা অস্ত্রৰে হানি–খুঁচি হত্যা কৰে ভতিজাকক ৷ বাক্সাৰ নিকাছী আৰক্ষী চকীৰ অন্তর্গত ১নং মধুপুৰত ৰঞ্জিত বার্লা নামৰ যুৱকজনক হত্যা কৰে লোৰেন বিলুং নামৰ লোকজনে৷ জানিব পৰা মতে, সোমবাৰে ১নং মধুপুৰৰ ৰঞ্জিত বার্লাই মহাক লোৰেন বিলুঙৰ ঘৰৰ চৌহদতে থকা দোকানত বিড়ি কিনিবলৈ যায়

‘মোক এটা বিড়ি দে’ বুলি লোৰেন বিলুঙক সাবটি ধৰে৷ সুৰাৰ ৰাগীত মাতাল হৈ থকা লোৰেণে ক্ষুণ্ণ হৈ লগত থকা চোকা অস্ত্রৰে আঘাত কৰে ৰঞ্জিতক৷ চোকা অস্ত্রৰ আঘাতত লোৰেণৰ ঘৰৰ বাৰাণ্ডাতে বাগৰি পৰে ৰঞ্জিত৷ পিছত অধিক ৰক্তক্ষৰণ হৈ মৃত্যুক সাবটি লয়৷

ঘটনা সংঘটিত কৰা হত্যাকাৰী লোৰেন বিলুঙক নিকাছী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া মুকুন্দ দাসৰ নেতৃত্বত অভিযান চলাই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

You might also like