নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ ঘোষণা অসাৰঃ দর্শনার্থীৰ বাবে মুকলি নহ’ল সুধাকণ্ঠৰ সমাধিক্ষেত্র

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ:  অসমবাসীৰ হিয়াৰ আমঠু, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জালুকবাৰীত থকা সমাধিক্ষেত্র দর্শনার্থীৰ বাবে বর্তমানেও খুলি নিদিয়াত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

উল্লেখ্য যে লকডাউন শিথিল কৰি দিয়াৰ পিছতে দীর্ঘদিন ধৰি বন্ধ হৈ থকা সুধাকণ্ঠৰ সমাধিক্ষেত্রটো দর্শনার্থীৰ বাবে মুকলি কৰি দিবলৈ বিশ্বৰত্ন ভূপেন হাজৰিকা সমন্বয় সত্র, জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতিয়ে চৰকাৰক দাবী জনাই আহিছিল৷ যোৱা ৮ ছেপ্টেম্বৰত সমাধিক্ষেত্রত আয়োজিত সুধাকণ্ঠৰ ৯৫সংখ্যক জন্মতিথিত অংশগ্রহণ কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ক’ভিড প্রট’কল মানি সেইদিনাৰ পৰাই সমাধিক্ষেত্র ৰাইজৰ বাবে মুকলি কৰা হ’ব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল৷

কিন্তু স্বাস্থ্যমন্ত্রী মহন্তই ঘোষণা কৰাৰ পাঁচদিন উকলি যোৱাৰ পিছতো আজিপর্যন্ত খোল নাখালে সমাধিক্ষেত্রৰ দুৱাৰ৷

আনহাতে সমাধিক্ষেত্র মুকলি কৰা হ’ব বুলি স্বাস্থ্যমন্ত্রীয়ে কৰা ঘোষণাৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত প্রকাশ পোৱাৰ পিছতে দৈনিক দূৰণিৰ বহু দর্শনার্থীৰ সমাধিক্ষেত্রলৈ আগমন ঘটিছে যদিও সমাধিৰ দুৱাৰ খোল নোখোৱাত নিৰাশ হৈ উভতিব লগা হৈছে৷ যাক লৈ সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়াৰ৷ এইক্ষেত্রত শীঘ্রে বিহিত ব্যৱস্থা ল’বলৈ বিভাগীয় কর্তৃপক্ষক দাবী জনাইছে জালুকবাৰী কেন্দ্রীয় নাগৰিক সমিতিয়ে৷

You might also like