নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত ফেৰীৰ ছিণ্ডিকেটৰ কাণ্ডাৰীঃ ডিব্রুগড়ত পানীৰাম কলিতাক গ্রেপ্তাৰ যোৰহাট আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ নিমাতীঘাটত সংঘটিত ভয়ংকৰ ফেৰী দুর্ঘটনাৰ পাছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়া–কর্মচাৰীৰ কমিছনৰাজ উন্মোচিত হোৱাৰ সমান্তৰালভাৱে চর্চালৈ আহিছিল এটা বিশেষ নাম– পানীৰাম কলিতা৷ দৈনিক ইপাৰ–সিপাৰ হোৱা শ শ যাত্রীৰ জীৱনৰ সৈতে হেতালি খেলি এইজন পানীৰাম কলিতাই নিমাতীঘাট আৰু কমলাবাৰীত দীর্ঘদিন ধৰি ফেৰীৰ ছিণ্ডিকেট চলাই আহিছিল৷ আনকি দুর্ঘটনাগ্রস্ত অভিশপ্ত ‘মা কমলা’ৰ মালিকো হৈছে ছিণ্ডিকেটৰ কাণ্ডাৰী পানীৰাম কলিতা৷ পিছে এইবাৰ পানীৰাম কলিতা ৰঙাঘৰৰ আলহী হ’বলগীয়া হ’ল৷

শাৰীৰিক অসুস্থতাৰ দোহাই দি ডিব্রুগড়ৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আদিত্য নার্ছিং হোমত চিকিৎসাধীন অৱস্থাতে যোৰহাট আৰক্ষীয়ে ডিব্রুগড়ৰ আৰক্ষীৰ সহযোগত ছিণ্ডিকেটৰ চর্দাৰজনক গ্রেপ্তাৰ কৰে৷ যোৰহাট আৰক্ষীয়ে ইতিপূর্বে এক ফৌজদাৰী গোচৰ ৰুজু কৰিছিল যদিও পলাতক হৈ আছিল পানীৰাম কলিতা৷ উল্লেখ্য যে নিমাতীঘাট আৰু কমলাবাৰীত ফেৰী সেৱাৰ নামত ধৃত পানীৰাম কলিতাই দীর্ঘদিন ধৰি ছিণ্ডিকেট চলাই অহাৰ অভিযোগ উঠি আহিছে৷ পানীৰাম কলিতাৰ আঙুলিৰ ঠাঁৰত উঠা–বহা কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে৷ ফলত আওপুৰণি ফেৰী পানীৰাম কলিতাই নির্বিবাদে নিমাতীঘাটত চলাই আহিব পাৰিছিল৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগেও বছৰ বছৰ ধৰি ফেৰী ছিণ্ডিকেটৰ কাণ্ডাৰী পানীৰাম কলিতাৰ ওচৰত নতশিৰে চলি আহিছে৷ কিয়নো পানীৰাম কলিতাৰ যোৰহাট আৰু মাজুলীৰ দুটাকৈ তেল ডিপোত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে প্রায় আশী লাখৰো অধিক টকা পৰিশোধ কৰিব লগা আছে৷ যাৰ সুবাদতে পানীৰাম কলিতাই নিজ ইচ্ছাৰে বিভাগে ছিণ্ডিকেট চলাই অহাৰ সুবিধা লাভ কৰি আহিছে৷

পানীৰাম কলিতাৰ তিনিখন ফেৰী দীর্ঘদিন ধৰি নিমাতীঘাটত চলি আহিছিল৷ যিকেইখনৰ নাই ফিটনেছ৷ মা কমলাও তেনেকুৱা এখন ম্যাদ উকলি যোৱা ফেৰী আছিল৷ ৰাজ্য কঁপোৱা নিমাতীঘাটৰ ফেৰী দুর্ঘটনা সন্দর্ভত ব্যাপক তৎপৰতা গ্রহণ কৰিছে যোৰহাট আৰক্ষীয়ে৷ ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে কঠোৰ হোৱা বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ পাছতেই ফৌজদাৰী গোচৰ ৰুজু কৰি নিমাতীঘাটৰ ফেৰী দুর্ঘটনাৰ লগত জডিত থকাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে ৭জনকৈ লোকক গ্রেপ্তাৰ কৰি ছয় দিনৰ জিম্মাত লৈছে৷

গ্রেপ্তাৰ কৰা লোককেইজন হৈছে– ফেৰীখনৰ গুৰিয়াল ধনবৰ দাস, ঘাটৰ সহায়ক যোগেন দত্ত, আই ডব্লিউ টিৰ মাষ্টাৰৰোল কর্মচাৰী বিজু কুমাৰ দাস, আই ডাব্লিউ টিৰ মাষ্টাৰৰোল কর্মচাৰী জয়ন্ত দত্ত, খালাচী বিনোদ বৰুৱা, আই ডব্লিউ টিৰ মাষ্টাৰৰোল কর্মচাৰী বাবুল চন্দ্র নেওগ আৰু প্রদীপ বৰবৰা৷ ইয়াৰে প্রদীপ বৰবৰাক কালি গ্রেপ্তাৰ কৰাৰ বিপৰীতে আন ৬জনক শনিবাৰে নিশা গ্রেপ্তাৰ কৰা হৈছিল৷ আটাইকেজনৰ বিৰুদ্ধে ইতিমধ্যে যোৰহাট আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৪নং ধাৰাৰ অধীনত ১৯৩৩/২১ নম্বৰৰ ফৌজাদাৰী গোচৰ ৰুজু কৰিছে৷

ইফালে ‘মা কমলা’ নামৰ অভিশপ্ত ফেৰীখনৰ টিকট সংগ্রাহক বিপুল বৰা, চালক বদন দত্ত, গুৰিয়াল প্রশান্ত পামেগামক যোৰহাট আৰক্ষীয়ে কালি মাজুলীৰ পৰা গ্রেপ্তাৰ কৰি চাৰি দিনৰ জিম্মাত লয়৷ আৰক্ষীয়ে পানীৰাম কলিতাৰ পুত্র গৌতম কলিতাকো কালি আটক কৰিছে৷ এতিয়ালৈকে নিমাতীঘাট কাণ্ড সন্দর্ভত আৰক্ষীৰ জালত পৰিছে মুঠ ১২জন৷ ইফালে, বুধবাৰে সংঘটিত হোৱা নিমাতীঘাটৰ ফেৰী দুর্ঘটনা সন্দর্ভত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কার্যবাহী অভিযন্তা বিক্রমজিৎ চৌধুৰী, যোৰহাট উপ–সংমণ্ডলৰ সহকাৰী অভিযন্তা মুকুট গগৈ, কনিষ্ঠ অভিযন্তা ৰাতুল তামুলীক তৎকালে নিলম্বিত কৰা হৈছে৷ তদুপৰি ফেৰী দুর্ঘটনাত নিখোজ হৈ থকা ডাঃ বিক্রমজিৎ বৰুৱাৰ আজিও সন্ধান নোলাল৷ এছ ডি আৰ এফ আৰু এন ডি আৰ এফে নিৰন্তৰভাৱে ব্রহ্মপুত্রৰ বুকুত অভিযান চলাই আছে যদিও এতিয়ালৈ সফল হ’ব পৰা নাই৷

You might also like