নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ অফলামুখ ফেৰীঘাটত টিকটক লৈ উত্তপ্ত পৰিস্থিতি যাত্রীৰ

নদী পাৰ হৈ যোৰহাটলৈ যাবলৈ ৮–৯ ঘণ্টা অপেক্ষা

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ অফলামুখ ফেৰীঘাটত আজিও কমা নাহ যাত্রীৰ ভিৰ৷ পুৱা তিনি বজাতেহ আহি তিনি শতাধিক লোকে ৰ’পেক্সত যাবলৈ টিকটৰ বাবে লাহন ধৰে যদিও বহু লোকে পুৱাৰ পৰা অপেক্ষা কৰিও টিকট নোপোৱাত হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হয়৷ এজন এজন যাত্রীয়ে একেলগে বহুতৰে টিকট কাটি লোৱা বাবেহ টিকটৰ নাটনি হয়৷ ফেৰীঘাটত অভাৱনীয়ভাৱে সৃষ্টি হোৱা এহ উত্তপ্ত পৰিস্থিতিৰ পাছত বনগাঁও আৰক্ষীয়ে যাত্রীসকলক বুজোৱাৰ পাছতহে শান্ত হয় পৰিৱেশ৷

আনহাতে পুৱা তিনি–চাৰি বজাতেহ অহা যাত্রীসকলে পুৱা ৯ বজাত নাৱৰ টিকট নাপাই বিয়লি তিনি বজালৈকে হাবিয়ে–বননিয়ে বহি বোন্দাপৰ দি সময় অতিবাহিত কৰিব লগা হয়৷ অভিযোগ মতে এহ সমগ্র ঘটনা পর্যাপ্ত ফেৰী নথকা বাবেহ সংঘটিত হৈ আহিছে৷ আনহাতে নদীৰ পাৰত থকা দোকানসমূহ জিলা প্রশাসনে হঠাহৰ পৰা সিঠাহলৈ নিয়াৰ ক্ষেত্রত এক অপ্রীতিকৰ পৰিৱেশৰ সূচনা হয়৷ যি সময়ত যাত্রীয়ে এটোপাল বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে, পুৱাৰ পৰা ভোকে–লঘোনে যাত্রীসকলে বোন্দাপৰ দিছে, সেহ সময়ত উজনি মাজুলীৰ চক্র বিষয়া নৱজ্যোতি দাসে নদীৰ পাৰৰ পৰা দোকান উঠাহ নিয়াৰ পাছতো বর্তমান যি স্থানত দোকানীসকলে দোকানসমূহ বনালে তাৰ পৰাও পুনৰ উঠাহ নিবলৈ কোৱাত দোকানীসকলে বিষয়াজনক জাবাবদিহি কৰা পৰিলক্ষিত হয়৷

ভুক্তভোগী দোকানীসকলে কয়– আমি জিলা প্রশাসনৰ নির্দেশনা মানিয়ে দোকানসমূহ পূর্বৰ স্থানৰ পৰা আঁতৰাহ হাবি–জংঘল কাটি এহ স্থানত নির্মাণ কৰিছোঁ, তাৰ পাছতো আমাক আকৌ পুনৰ বিষয়াজনে এহ স্থানৰ পৰাও ডঠাহ নিবলৈ কৈছে, যিটো বিষয়ত আমি একমত নহয়৷ কাৰণ আমি এক উপযুক্ত স্থানতেহ সকলো যাত্রীৰ সুবিধা হোৱাকৈ দোকানসমূহ দিয়াৰ ব্যৱস্থা কৰিছোঁ৷

আনহাতে মাজুলী জিলাৰ উপায়ুক্তজনে এই দোকানীসকলৰ সুবিধা–সুবিধাৰ বুজ লোৱা নাহ বুলিও অভিযোগ উঠিছে৷ চক্র বিষয়াজনে দোকানীসকলক ডাবি–ধমক দিয়াৰ লগতে প্রয়োজনত পুলিচ লগাহ উচ্ছেদ কৰিম বুলি কোৱাত ভুক্তভোগীসকল উত্তেজিত হৈ পৰে আৰু বিষয়টো মুখ্যমন্ত্রীক বিবেচনা কৰিবলৈ আহ্বান জনায়৷ যি সময়ত যাত্রীসকলে চিকিৎসালয়, ছাত্র–ছাত্রীসকলে বিদ্যালয়–মহাবিদ্যালয়, মাতৃসকলে নিজ সন্তানক লৈ ঘাটত তিনি ঘণ্টাৰ পৰা পাঁচ ঘণ্টা পর্যন্ত বোন্দাপৰ দি থকা যাত্রীসকলৰ খবৰ ল’বলৈ সময় নথকা মাজুলী জিলা প্রশাসনে এহ স্থানীয় দোকানীসকলক ডাবি–ধমকি দিয়া কার্যত প্রতিক্রিয়া প্রকাশ কৰিছে সচেতন মহলে৷
এতিয়াও সুগম হোৱা নাই যোৰহাট–মাজুলীৰ যোগাযোগ ব্যৱস্থা
যোৰহাটৰ নিমাতীঘাটত যোৱা ৮ ছেপ্টেম্বৰত দুখন ফেৰীৰ মাজত খুন্দা লাগি থিতাতে এখন ফেৰী ধ্বংসস্তূপত পৰিণত হৈছিল৷ ফেৰীখনৰ সম্পূর্ণ পানীত ডুব যোৱাৰ পাছত এগৰাকী যোৰহাট চিকিৎসা মহাবিদ্যালয়ত, এগৰাকী ব্রহ্মপুত্রত দুদিনৰ পাছত মৃতদেহ আৰু আন এজনৰ এইপর্যন্ত কোনো শুংসূত্র নাই৷ এছ ডি আৰ এফ, এন ডি আৰ এফৰ দ্বাৰা ব্রহ্মপুত্রত অনুসন্ধান কৰি এই সময়লৈকে পোৱা নাই ডাঃ বিক্রমজিৎ বৰুৱাৰ সন্ধান৷ ঘটনাৰ লগে লগে যোৰহাট আৰু নিমাতীৰ মাজত চলাচল কৰা এটা মেচিন থকা সকলো ফেৰী বন্ধ কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰাৰ পাছতেই ওলাই পৰিল জোলোঙাৰ মেকুৰী৷ নিমাতী আৰু মাজুলীৰ মাজত একাংশ চতুৰ ব্যৱসায়ীয়ে টালি–টোপোলা মাৰি ইমানদিনে টকা ঘটি আহিছিল৷ ঘটনাটো ঘটাৰ পাছতে পোহৰলৈ আহিছে যে ব্যৱসায়ীসকলে যিসমূহ নাও চলাই আহিছিল, সেইসমূহৰ প্রতিখনৰে এশ এবুৰি বিশংগতি থকা নাও৷ ব্যক্তিগত নাওসমূহৰ ভিতৰত এখনো দুটা ইঞ্জিন আৰু যাত্রী সুৰক্ষাৰ বাবে লাইফ জেকেট আৰু প্রার্থমিক স্বাস্থ্যৰ বাবে এফ এ বক্স আদি নাছিল৷

এটা ঘটনাত দুজনকৈ যাত্রীৰ মৃত্যু ঘটাৰ পাছতে ওলাই পৰিছে ঘাটটোৰ বিভিন্ন বিসংগতিসমূহ৷ যি সময়ত মানুহে মংগল গ্রহত প্রৱেশৰ কথা চিন্তা–চর্চা কৰি আছে, সেই সময়ত মাত্র কেইকিলোমিটাৰ জলপথ অতিক্রম কৰিবলৈ নাই মাজুলীৰ ফেৰীসমূহত সাধাৰণ সুৰক্ষা আহিলা৷ আনহাতে এই সমস্যাৰ বাবে নিমাতী ফেৰীঘাটৰ এটা ইঞ্জিনযুক্ত ফেৰীসমূহ বন্ধ ঘোষণা কৰাৰ লগে লগেই মাজুলীৰ লোকসকলৰ মাজত হাহাকাৰ লাগিল৷ ঘটনাৰ আগলৈকে বিপদসংকুল অৱস্থাতে যোৰহাট–মাজুলীৰ মাজত যাত্রীক পাৰাপাৰ কৰাই আহিছিল বিসংগতিযুক্ত ফেৰীসমূহে৷ ইয়াৰ উপৰি নিমাতীঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া–কর্মচাৰীয়ে ব্যৱসায়ীসকলৰ পৰা মোটা অংকৰ ভাগ লৈ চৰকাৰী ফেৰী সীমিতভাৱে চলোৱা ব্যৱস্থা কৰি দিছিল বুলি স্থানীয় একাংশই জনায়৷ ফলত ঘটনাৰ পাছতে ওলাই পৰিল চৰকাৰী ফেৰীসমূহৰ ৰহস্যৰ কথা৷ চৰকাৰী ফেৰীসমূহ বিভাগৰ বিষয়াৰ লগত গোপন বুজাবুজি কৰি এখন চৰকাৰী ফেৰীক দুবাৰকৈ চলিবলৈ দিয়া নাছিল আৰু যি সময়ত অধিক যাত্রী অহা–যোৱা কৰে, সেই সময়ত চৰকাৰে ফেৰী বন্ধ কৰিছিল৷

যাৰ সুবিধা লৈ চলাইছে ব্যক্তিগত ফেৰীসমূহে আৰু উপার্জন ভাগ–বাটোৱাৰা হৈছিল চৰকাৰী বিষয়া আৰু ব্যৱসায়ীৰ মাজত৷ নিমাতীঘাটত এনেদৰে চলি আহিছিল বৃহৎ ছিণ্ডিকেট একাংশ আভ্যন্তৰীণ জল পৰিবহণ বিষয়া–কর্মচাৰী আৰু ব্যৱসায়ীৰ মাজত৷ নিমাতী আৰু মাজুলীৰ ঘটনাৰ সন্দর্ভত কালিলৈকে যোৰহাট আৰক্ষীয়ে ৬জনক জে’ললৈ প্রেৰণ আৰু ৪জনক যোৰহাট আৰক্ষীয়ে কালি মাজুলীৰ পৰা গ্রেপ্তাৰ কৰে৷ আনহাতে এই বিসংগতি ফেৰীসমূহ বন্ধ কৰি দিয়াৰ পাছতে যাত্রীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ প্রতিদিনে নিমাতীঘাটেৰে ১০ হাজৰৰোধিক যাত্রীসহ কেইবাশ যান–বাহন পাৰ হোৱা ঘাটটোত এতিয়া মাত্র পাঁচশ লোক পাৰ কৰিব পৰা নাই৷ মাজুলী আৰু নিমাতী দুয়োটা ঘাটতে হাজাৰ হাজাৰ যাত্রীয়ে পুৱা ৫ বজাৰ পৰা লাইন পাটিও টিকট নাপাই অনাই–বনাই ভোকে–লঘোনে ঘাটতে থাকিব লগা হৈছে৷ আনহাতে দুদিনমানৰ পাছত নিমাতীলৈ আৰু দুখন ফেৰী আহিব বুলি পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে আশ্বাস দিছে যদিও বিভিন্ন পৰীক্ষার্থী, ৰোগীৰ জৰুৰীকালীন সেৱাত থকা লোকসকল সমস্যাত পৰিছে৷ নিমাতী–মাজুলী জলপথটো উন্নয়নৰ বাবে এতিয়ালৈকে কেন্দ্রীয় দুজন মন্ত্রী ক্রমে সর্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছাসহ বহু মন্ত্রী–বিধায়কে দৈনিক আশ্বাস দিছে যদিও কেতিয়া মাজুলী জিলাৰ বৃহৎ সমস্যা দূৰ হ’ব সেয়া সময়েহে ক’ব৷

You might also like