ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। যোৱানিশা ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছৰ বিৰুদ্ধে ৰূপহী নতুন বজাৰত অভিযান চলায়। আৰক্ষীৰ অভিযানত ২১টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰৰ সৈতে গ্ৰেপ্তাৰ কৰে এজন সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰীজন হ’ল ৰূপহীহাটৰ খনাটুপৰ কামাল হুছেইন।
কামালে ড্ৰাগছখিনি ৰূপহী নতুন বজাৰৰ পৰা ছাইদৰিয়ালৈ বিক্ৰী কৰিবলৈ লৈ যোৱাৰ সময়তে আৰক্ষীৰ জালত পৰে। আৰক্ষীয়ে জব্দকৃত ড্ৰাগছখিনিৰ ওজন ০২.৭৩ গ্ৰাম। ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে।