নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত বিজেপিৰ যুৱ সমাৰোহলৈ গৈ মৰাণজনাৰ ব্যক্তি সন্ধানহীন

কামৰূপ জিলাৰ ৰঙিয়া মৰাণজানৰ এগৰাকী লোক অদ্যপি সন্ধানহীন হৈ থকাত পৰিয়ালৰ লগতে গাওঁবাসীয়ে উদ্বিগ্ন হৈপৰিছে।

জানিব পৰা মতে শাৰিৰীক ভাৱে কিছু অসুস্থ মৰাণজানৰ মহছেন আলী নামৰ লোক জনে ১৫ মাৰ্চত গুৱাহাটী খানাপাৰাত অনুষ্ঠিত বিজেপিৰ যুব সমাৰোহলৈ আন স্থানীয় লোকৰ সৈতে বাছত উঠি গৈছিল।

ইয়াৰে পাছৰে পৰা মহছেন আলী সন্ধানহীন হৈ থকাৰ লগত নিয়া মবাইল ফোনটোও বন্ধ হৈ আছে।গাঢ় সেউজীয়া টি চাৰ্ট কলা ৰঙৰ পেণ্ট পৰিহিত সন্ধাহীন হোৱা লোকজনৰ সন্ধান পালে নিকটৱৰ্তী আৰক্ষী থানা নতুবা ৰঙিয়া থানাৰ লগতে ৭০০২৫৬২৯৬০, ৯৮৫৪৬৬৩৭৮৫ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোন জনাইছে।

উক্ত সন্ধানহীন ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে আৰু সন্ধানহীন লোকজনৰ উচিত সম্ভেদ দিওতাক পঞ্চাশ হাজাৰ টকা পুৰস্কাৰ প্ৰদান কৰা হব বুলি পৰিয়ালৰ লোকে জানিব দিছে।

নিয়মীয়া বাৰ্তা, বাইহাটা চাৰিআলি, ২৫ মাৰ্চ

You might also like