নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত ভুৱন গামৰ হৈ ৰণোজ পেগুৰ নিৰ্বাচনী প্ৰচাৰ

মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে সমষ্টিটোত নিৰ্বাচনী তৎপৰতা তুংগত উঠিছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ বিজয় নিশ্চিত কৰিবলৈ এতিয়া কঁকালত টঙালি বান্ধি নামি পৰিছে দলটোৰ ৰথী-মহাৰথীসকল।

মাজুলীৰ বিভিন্ন প্ৰান্তত বিজেপি প্ৰাৰ্থীজনৰ হৈ প্ৰচাৰ চলায় ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেতেওঁ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভুৱন গামক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়।

সভাসমূহত মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে মাজুলীৰ সৰ্বাংগীণ বিকাশৰ বাবে বিজেপিৰ জয় অপৰিহাৰ্য বুলি মন্তব্য কৰে। নিৰ্বাচনী প্ৰচাৰৰ এই জোৱাৰক অধিক শক্তিশালী কৰিবলৈ অহা ২৯ মাৰ্চত মাজুলীত উপস্থিত হব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীগৰাকীয়ে সিদিনা ভুৱন গামৰ সমৰ্থনত কেইবাখনো বিশাল জনসভাত সম্বোধন কৰাৰ কথা আছে। মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণক লৈ মাজুলীৰ বিজেপি কৰ্মী-সমৰ্থকসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। কেৱল জিলা সদৰতে নহয়মাজুলীৰ মিচিং গাঁওসমূহৰ পৰা আৰম্ভ কৰি সত্ৰীয়া পৰিৱেশলৈকে সকলোতে এতিয়া নিৰ্বাচনী চৰ্চা।

ভুৱন গামে নিজেও ঘৰে ঘৰে গৈ আশীৰ্বাদ লৈছে। বিৰোধী দলসমূহৰ প্ৰত্যাহ্বানক নেওচি বিজেপিৰ এই হাই-ভল্টেজ প্ৰচাৰে সমষ্টিটোত এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। বিজেপিৰ আত্মবিশ্বাস যে মাজুলীৰ ৰাইজে পুনৰবাৰ উন্নয়নৰ স্বাৰ্থত তেওঁলোকৰ প্ৰাৰ্থীজনকেই নিৰ্বাচিত কৰিব।

নিয়মীয়া বাৰ্তা, নতুন বজাৰ, ২৫ মাৰ্চ

You might also like