নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈ য়ুথ ক্লাবত আৰজিভিএনৰ উদ্যোগত প্ৰাক-শালি খেতিৰ কৰ্মশালা

নিয়মীয়া বাৰ্তা, ২ আগষ্টঃ মঙলবাৰে দৰং মঙলদৈস্থিত য়ুথ ক্লাবত আই. টি. চি মিছন সুনহেৰা কাল” প্ৰকল্পৰ অধীনত আৰ. জি. ভি. এন (RGVN) ৰ উদ্যোগত প্ৰাক-শালি খেতিৰ কৰ্মশালা অনুষ্ঠিত হয়। জিলা সমন্বয়ক ৰাজীৱ লোচন শৰ্মাই আঁত ধৰা কৰ্মশালা খনৰ বন্তি প্ৰজ্বলন কৰে মহকুমা কৃষি বিষয়া বিদ্যুত তালুকদাৰে। অনুষ্ঠানৰ শুভাৰম্ভ কৰি মহকুমা কৃষি বিষয়াগৰাকীয়ে উপষ্ঠিত জিলা কৃষি বিষয়া কাৰ্যালয়ৰ সমূহ কৃষি উন্নয়ন বিষয়া, সহ: কৃষি পৰিদৰ্শকসকলৰ লগতে উপস্থিত থকা বিষয়াসকলক জিলাখনৰ কৃষকসকলৰ বাবে উলিওৱা আঁচনিসমূহ আৰু ইয়াৰ সফল ৰূপায়ন কৰাৰ পৰামৰ্শ আগবঢ়ায়। উপস্থিত আন এগৰাকী মহকুমা কৃষি বিষয়া জিতেন্দ্ৰ চহৰীয়াই কৃষকসকলৰ আয় দুগুন কৰাৰ বাবে কৃষি বিষয়াসকলে কৃষকসকলক যাতে সকলো প্ৰকাৰে সহায় কৰে, তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। কৰ্মশালা খনত সমল ব্যক্তি হিচাপে উপস্থিত থকা দৰং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয় বিশেষজ্ঞ বনস্মিতা বৰ্মন আৰু শংকৰ নাথে শালি খেতিৰ বিভিন্ন কৌশলৰ বিষয়ে বিতংকৈ আলোচনা কৰে। বানপানীৰ বতৰতো অনিষ্ট নোহোৱা ধানৰ বীজ বাছনি, ধান বচা, শোধন কৰা,কঠীয়া তলি প্ৰস্তুত ধান ৰোপন, জৈৱিক সাৰ প্ৰয়োগ, পোক পৰুৱা নিয়ন্ত্রন, ধান কটা আৰু ভঁড়ালত মজুত কৰাৰ পদ্ধতি সম্পৰ্কে পুংখানুপুংখ ভাৱে পৰ্যালোচনা কৰাৰ লগতে প্ৰয়োগ পদ্ধতিত গুৰুত্ব আৰোপ কৰা হয়।

You might also like