নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীত একেদিনাই ৮খনকৈ পানী যোগান আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ আজি আগষ্ট মাহৰ প্ৰথম দিনটোতেই বজালী জিলাৰ পাটাছাৰকুছি সমষ্টিত জল জীৱন মিছনৰ অধীনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা নিৰ্মিত মুঠ ৮খনকৈ খোৱাপানী যোগান আঁচনিৰ শুভাৰম্ভ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷ সমষ্টিটোৰ বিধায়ক তথা মন্ত্ৰী দাসে একেটা দিনতে বৃহৎসংখ্যকভাৱে আঠটাকৈ খোৱাপানী যোগান আঁচনি ক্ৰমে বৰসাহান পানী যোগান আঁচনি, বৰবাটাবাৰী-ৰায়পুৰ পানী যোগান আঁচনি, সৰিহ চাকলা পানী যোগান আঁচনি, গোবিন্দপুৰ পানী যোগান আঁচনি, ভোগপুৰ-বামাখাটা পানী যোগান আঁচনি, ৰিহাবাৰী পানী যোগান আঁচনি, পিপলা খণ্ড-১ পানী যোগান আঁচনি আৰু নলনা পানী যোগান আঁচনিৰ শুভাৰম্ভ কৰি কয় যে এই পানী যোগান আঁচনিকেইখনৰ জৰিয়তে ভোগপুৰ বামাখাটাত ৫৫১টা পৰিয়াল, বৰসাহানত ১৮১টা পৰিয়াল, সৰিহ চাকলাত ৩১০টা পৰিয়াল, ৰিহাবাৰীত ৪৮৫টা পৰিয়াল, গোবিন্দপুৰত ৪৬১টা পৰিয়াল, নলনাত ১৯৫টা পৰিয়াল, পিপলা খণ্ড-১ত ৪৩০টা পৰিয়াল আৰু বৰবাটাবাৰী ৰায়পুৰত ১৯৫টা পৰিয়ালকে ধৰি মুঠ ২৮০৮টা পৰিয়াল উপকৃত হ’ব৷ আজি শুভাৰম্ভ কৰা আঁচনিকেইখনে অঞ্চলবাসীৰ খোৱাপানীৰ ক্ষেত্ৰত থকা দুখ-কষ্ট লাঘৱ কৰাৰ লগতে দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি মন্ত্ৰী দাসে আশা ব্যক্ত কৰে৷ মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে কয় যে জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ তথ্য অনুসৰি পাটাছাৰকুছি সমষ্টিৰ ৮২খন গাঁৱৰ ৪৭৫টা চুবুৰিত মুঠ ৩০০২৪টা পৰিয়াললৈ ২০২৪ চনৰ ভিতৰত বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য স্থিৰ কৰা হৈছে। বিভাগটোৰ দ্বাৰা সমষ্টিটোত ইতিমধ্যে ৮৪৩০টা পৰিয়াললৈ নলযোগে গৃহসংযোগ প্রদান কৰা হৈছে৷ আনহাতে ইতিপূর্বে নির্মিত ৪৫ খন পানীযোগান আঁচনিৰ ৰেট্ৰোফিটিং আঁচনিৰ জৰিয়তে ১৩৫১০টা নলযোগে গৃহসংযোগৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ ভিতৰত ২৪খন আঁচনি সম্পূৰ্ণ কৰা হোৱাৰ লগতে নতুনকৈ অনুমোদিত ৩৩খন আঁচনিৰ ভিতৰত ৯খন আঁচনিৰ কাম নির্মীয়মান অৱস্থাত আছে। ইয়াৰোপৰি ৪১খন নতুন আঁচনিৰ প্ৰস্তাৱ চৰকাৰলৈ আগবঢ়োৱা হৈছে বুলিও মন্ত্ৰী দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ আজি এই অনুষ্ঠানকেইটাত মন্ত্ৰী দাসৰ সৈতে জলজীৱন মিছনৰ জিলা মিছন সঞ্চালক তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বজালী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা সঞ্জীৱ কুমাৰ বৰদলৈ, নিতুল তালুকদাৰ, বজালী জিলা উন্নয়ন আয়ুক্ত মানস দাস, বজালী জিলা পৰিষদৰ অধ্যক্ষ ৰঞ্জিত শালৈ, বিজেপিৰ বজালী জিলা সমিতিৰ সভাপতি নগেন চৌধুৰীকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like