নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাৰঘুলিত সুৰাৰ ৰাগিত সৃষ্টি কৰিছিল অপ্রীতিকৰ পৰিস্থিতিৰ

কৈ থাকিলেও ওৰ নপৰে ৰাজকন্যাৰ কলংকিত কাহিনী

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ তথাকথিত আভিজাত্যৰে উচ্ছৃংখল জীৱন যাপনত অভ্যস্ত বিতর্কিত মডেল ৰাজকন্যা বৰুৱা৷ সুৰামত্ত হৈ ৰাজকন্যাই উদ্ভণ্ডালি কৰা ঘটনা এয়াই প্রথম নহয়৷ কৈ থাকিলেও ওৰ নপৰে এইগৰাকী বিতর্কিত মডেলৰ কলংকিত কাহিনী৷ ৯জনকৈ শ্রমিকক সুৰামত্ত হৈ গাড়ীৰে খুন্দিয়াই আঘতপ্রাপ্ত কৰাৰ পাছত পোহৰলৈ আহিছে ৰাজকন্যাৰ পূর্বৰ কেইবাটাও উদ্ভণ্ডালিৰ ঘটনা৷ ২০১৫ চনত খাৰঘুলিত মদ্যপান কৰি হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাক লৈ সংবাদ মাধ্যমৰ শিৰোনামলৈ আহিছিল বিতর্কিত ৰাজকন্যা৷

জানিব পৰা মতে, এগৰাকী বান্ধৱীসহ খাৰঘুলিত নিচাসক্ত হৈ অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল ৰাজকন্যাই৷ সেই সময়ত স্থানীয় একাংশ লোকে ৰাজকন্যা আৰু তেওঁৰ বান্ধৱীক গতাই দিছিল লতাশিল আৰক্ষীক৷ থানাৰ ভিতৰতো উদ্ভণ্ডালি কৰিব এৰা নাছিল ৰাজকন্যাই৷ প্রভাৱশালী ব্যক্তিৰ সৈতে ঘনিষ্ঠতা থকাৰ কথা উল্লেখ কৰি থানাৰ ভিতৰতে ৰাজকন্যা আৰু তেওঁৰ বান্ধৱীয়ে বাৰম্বাৰ আৰক্ষীক অশালীন ব্যৱহাৰ কৰিছিল৷ ৰাজকন্যাৰ ব্যৱহাৰত একপ্রকাৰ অতিষ্ঠ হৈ পৰিছিল লতাশিল আৰক্ষী৷

ইয়াৰ পাছত ২০১৭ চনত ৰাজকন্যাই সংঘটিত কৰা এক দুর্ঘটনাত চিৰদিনৰ বাবে ঘুণীয়া হৈছিল কৰণজ্যোতি সন্দিকৈ নামৰ এজন যুৱক৷ গুৱাহাটীৰ ৰুক্মিণীগাঁৱত কৰণজ্যোতিক খুন্দিয়াই গুৰুতৰভাৱে আঘাতপ্রাপ্ত কৰিছিল এই বিতর্কিত মডেলগৰাকীয়ে৷ জানিব পৰা মতে, সোণাৰিৰ প্রাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্র হৈছে কৰণজ্যোতি৷ ৰাজকন্যা উঠি অহা এখন বাইকেৰে খুন্দিয়াই আঘাতপ্রাপ্ত কৰাৰ ফলত প্রায় দুমাহ ধৰি চিকিৎসাধীন হ’বলগীয়া হৈছিল কৰণজ্যোতি নামৰ যুৱকজন৷ সেই সময়তো দুর্ঘটনা সংঘটিত কৰি ঘটনাস্থলীত অবাঞ্ছিত পৰিস্থিতি সৃষ্টি কৰিছিল ৰাজকন্যাই৷

তদুপৰি ২০১৮ চনত গুৱাহাটীৰ মাজমজিয়াৰ এবিচিস্থিত এখন বিলাসী বাৰৰ সন্মুখতো অপ্রীতিকৰ পৰিস্থিতি সৃষ্টিৰে বিতর্কলৈ আহিছিল তথাকথিত এইগৰাকী মডেল৷ জানিব পৰা মতে, বাৰখনৰ সন্মুখত আৰক্ষীক দুর্ব্যৱহাৰ কৰাৰ লগতে প্রহাৰো কৰিছিল ৰাজকন্যাই৷ অৱশ্যে প্রভাৱশালী ব্যক্তিৰ সৈতে থকা ঘনিষ্ঠতা আৰু ধনৰ বলত এনেদৰে অপৰাধ সংঘটিত কৰিও মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছিল বিতর্কিত ৰাজকন্যা৷

You might also like