নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢেঁকী

ভৰত সন্দিকৈ

যোৱা ভোগালীৰ উৰুকাৰ দিনাৰ কথা৷ বিহুৰ বজাৰখন কৰোঁ বুলি ওলাই গ’লোঁ৷ সাম্প্রতিক পৰিস্থিতিৰ বাবে মনত আগৰ উৎসাহ আৰু উদ্দীপনা একেবাৰে নাছিল৷ তথাপি বিহুৰ সামান্য নিয়মটো পালন নকৰিলে নহয় বাবেই কেইপদমান লাগতিয়াল বস্তু কিনিবৰ বাবে বজাৰ পালোঁগৈ৷ লাগতিয়াল সামগ্রীৰ ভিতৰত পিঠা আছিল অন্যতম৷
লকডাউনৰ পিছত সেইদিনাৰ বজাৰখনতেই মানুহৰ সমাগম আটাইতকৈ বেছি যেন অনুভৱ হ’ল৷ ৰাজআলিটোৰ দুয়োকাষে দুই কিলোমিটাৰমান জুৰি বজাৰখন বহিছে৷ কিনোতা বেচোঁতাৰে ৰাজপথটোও লোকাৰণ্য হৈ পৰিছে৷ শাক–পাচলি, মাছ–মাংস, ফলমূল, পিঠা–পনাৰে বজাৰখন উভৈনদী হৈ পৰিছে৷ বেচোঁতাৰ বেছিভাগেই গাঁৱৰ পৰা আহিছে৷ তেওঁলোকে হয়তো ভাবিছে দুপইচা বেছিকৈ লাভ হ’লে বিহু বুলি সপৰিয়ালে এমুঠি ভালকৈ খাব পাৰিব৷ কিনোতাসকলেও নিশ্চয় ভাবিছে ভালৰো ভাল লাগতিয়াল সতেজ বস্তুকেইপদ যেন কম দামতে পাব পাৰে৷ এইটোৱেই স্বাভাৱিক কথা৷
স্তু কিনাৰ আগতে বজাৰখন এবাৰ চাই লোৱাটো মোৰ পুৰণা অভ্যাস৷ সিদিনাও পোহাৰ মেলি থোৱা বস্তুবোৰত চকু ফুৰাই গৈ থাকোঁতে হঠাতে চকুত পৰিল এগৰাকী ষাঠিৰ ঊধর্বৰ মহিলাই ডলা এখনতে কেইবিধমান পিঠাৰ পেকেট লৈ বহি আছে৷ তিলপিঠা, ঘিলাপিঠা, নাৰিকলৰ লাডু আৰু তিলৰ লাডু– এই চাৰিবিধৰ ভিতৰত তিলপিঠাখিনি দূৰৰ পৰা দেখিয়েই পছন্দ হ’ল৷ পেকেটবোৰ চাই দেখিলোঁ, পিঠাবোৰ বে’চ মিহি আৰু তিলৰ পুৰো যথেষ্ট৷ এটা পেকেটত দহটাকৈ পিঠা আছে আৰু প্রতিটো পেকেটৰ ওপৰত দাম সত্তৰ টকা বুলি লিখা আছে৷
সুধিলোঁ, ‘দাম কম হ’বনে?’
‘তিলপিঠাৰ দাম কম নহ’ব৷ াকীবোৰত পাঁচ টকা কমাব পাৰিম৷’
‘পিঠাবোৰ াৰু ঢেঁকীত খুন্দানে?’
মানুহগৰাকীয়ে মোলৈ চাই হঁাহি মাৰি উত্তৰ দিলে, ‘ঔ আই, ইয়াকেহে কয় বোলে পর্বতত কাছকণী, ভৈয়ামত ান, ৰলাৰ ঘৰত বিচাৰে শুকান ধান৷ ঢেঁকীহেন বস্তুটো ক’ত পাব আজিকালি? ক’ৰবাত দুই এটা আছে যদিও ঢেঁকী দি পিঠা খুন্দিব কোনে? এইবোৰ আমাৰ বোৱাৰীকেইজনীয়ে উৰালত খুন্দা পিঠা৷’ মই দুটা পেকেট কিনি লৈ ততাতৈয়াকৈ বজাৰ কৰি ঘৰ পালোঁহি৷
মহিলাগৰাকীয়ে গোৱা যোজনাটো শুনি মোৰো ক’বৰ মন গৈছিল– ঢেঁকী স্বর্গলৈ গ’লগৈ চাগৈ৷ লগে লগে চাত কৰে মনত পৰিল– হোমেন ৰগোহাঞি ছাৰে লিখা ‘ঢেঁকী’ নামৰ ৰচনাখনলৈ, য’ত তেখেতে ৰাতিপুৱা বিছনাৰ পৰা ননমাকৈয়ে নিজকে প্রশ্ণ কৰিছে– ‘কি আচৰিত কথা, বেলি ওলাবৰ সময় হ’ল, কিন্তু গাঁওখনৰ কাৰো ঘৰত ঢেঁকীৰ মাত এটা নুশুনো কিয়? ইমান পৰে দেখোন ঘৰে ঘৰে ঢেঁকীৰ শব্দত গোটেই গাঁওখন খদমদম লাগিব লাগিছিল৷ অথচ আজি চাৰিওফালে নিমাত–নিটাল৷ কোনোবাই গোটেই গাঁওখনকে টোপনি বাণ মাৰিলে নেকি?’
সঁচাকৈ আজি অসমীয়া সমাজৰ পৰা ঢেঁকী হেৰাই গ’ল নেকি? ঢেঁকীৰ মাতত সাৰ পোৱা গাঁওবোৰে আজি ঢেঁকীৰ মাত শুনিবলৈ নোপোৱা হ’ল নেকি? কুকুৰা ডাকতে ঢেঁকীৰ চাবত গাঁৱৰ জীয়াৰী–বোৱাৰীৰ পূৰঠ কলাফুলত যি দেওধনী উঠিছিল তাক আজি নিস্তব্ধতাৰ হিম–শীতল পৰশে চিৰকাললৈ সুখনিদ্রাত পেলালে নেকি? এই প্রশ্ণবোৰৰ উত্তৰ সুকীয়াকৈ দিয়াৰ প্রয়োজন নাই৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্রতিজন অসমীয়া মানুহেই ইয়াৰ উত্তৰ জানে, অনুধাৱন কৰে– কিবা এটা অনামী শোকত ম্রিয়মান হৈ পৰে৷
অসমীয়া জাতীয় জীৱনৰ লগত ঢেঁকীটোৰ সম্পর্ক অবিচ্ছেদ্য৷ এটা সময়ত এনেকুৱা এখন ঘৰ নাছিল, য’ত ঢেঁকী নাছিল৷ ধান বানিবলৈ আনৰ ঘৰলৈ যোৱাটো আছিল লাজৰ বিষয়৷ অৱশ্যে বিহুৱে–সংক্রান্তিয়ে কেইবাজনীও জীয়াৰী–বোৱাৰী লগ হৈ কাৰোবাৰ ঘৰত পিঠা–পনা, সান্দহ–চিৰা খুন্দিছিল৷ কিন্তু যৌথ পৰিয়ালৰ ক্ষেত্রত ঘৰতে শকত, কেলৈ লাগে আনৰ ভকতৰ দৰে৷ বিয়া–সবাহ বা ডাঙৰ সকাম–নিকামৰ ক্ষেত্রত গৃহস্থই গাঁৱৰ গাভৰু ছোৱালী থকা কেইবাঘৰতো ধানবোৰ ভাগ কৰি দিছিল আৰু সেই গাভৰুসকলে নিজৰ ঢেঁকীত সেই ধানবোৰ ানি চাউল উলিয়াই দি সহায় কৰিছিল, কোমল চাউলকে আদি কৰি জা–জলপান খুন্দি দিছিল৷
তদুপৰি ব্যক্তিগতভাৱেও বাৰীৰ ভলুকা হ বা হাবিৰ কাক্বাঁহৰ খৰিচাখিনি খুন্দিবৰ বাবে ঘৰখনত ঢেঁকীটো লাগেই৷ নিজৰ বাৰীতে কৰি লোৱা হালধিকেইডোখৰ খুন্দিবলৈ বা শুকুৱাই থোৱা মাছ–পুঠিকেইজনী খুন্দা এটা মাৰি শুকতিকণ কৰিবলৈও জানো ঢেঁকীটো নহ’লে হ’ব? পকা মিঠাতেলকণৰ াবে ভালদৰে ৰ’দোৱা সৰিয়হখিনি খুন্দিবৰ াবেও ঢেঁকীটো নহ’লেই নহয়৷ সেয়ে বিনাদ্বিধাই ক’ব পাৰি যে অসমীয়া সমাজখনৰ লগত ঢেঁকীটোৰ সম্পর্ক অতি ওচৰ চপা৷ সেয়ে অসমীয়া লোকজীৱনৰ লগত ওতপ্রোতভাৱে সম্পর্ক থকা লোকসাহিত্য যোজনাবোৰতো ঢেঁকীৰ নাম বাৰে বাৰে উচ্চাৰিত হৈছে৷
ঢেঁকী স্বর্গলৈ গ’লেও ধান বানিব লাগে৷/ ঢেঁকীত ম’হে খালে, / উৰালত ফৰফৰালে/ কঁতৰাই সাতদিনলৈ জৰালে৷/ ঢেঁকীটো লৰক ফৰক, কঁতৰাটো ভগা/ কোন কলৈ গ’ল, তাৰহে লগা৷/ ঢেঁকীশাল ফুৰিলে খুদৰ আকাল নাই৷/ কলিয়াবৰতে পৈয়েক মৰিল, / ঢেঁকী দিওঁতে মনত পৰিল৷/ কাৰো ভাগ্যত হাতী ঘোঁৰা,/ কাৰো ভাগ্যত ঢেঁকী–থোৰা৷/ মাকতকৈ জীয়েক কাজী / ঢেঁকী–থোৰাৰে বাটে পাঁজি৷/ মানীয়েহে জানে মান/ কাঠৰ ঢেঁকী, শিলৰ খুবলি/ ানি মৰে ধান৷
উল্লিখিত প্রতিটো যোজনাতে গ্রাম্য জীৱনৰ একো–একোখন উজ্জ্বল ছবি ফুটি উঠিছে৷ তদুপৰি বিহুনাম, বিয়ানাম আদিতো ঢেঁকীৰ কথা উল্লেখ আছে৷
ঢেঁকীৰ বিভিন্ন অংগসমূহ একে কাঠৰে হ’লে স্বাস্থ্যসন্মত হয় লিও আমাৰ সমাজত এক ধাৰণা প্রচলিত হৈ আছে৷ এই ধাৰণাৰ অন্তৰালত থকা জনসাধাৰণৰ দীর্ঘদিনীয়া অভিজ্ঞতাপুষ্ট চিন্তাধাৰা বর্তি আছে বুলি ক’লেও নিশ্চয় ভুল নহ’ব৷ তেনে ধাৰণাৰ বাবেই শিলিখা কাঠৰ পৰাই ঢেঁকী, কঁতৰা, গাঁৰিশলি, থোৰা, আখলশলা আদি সকলো অংগ সাজি লৈছিল৷ অৱশ্যে বহু লোকে বুঢ়া কঁঠাল গছৰ মূঢ়াৰ পৰাও গাঁৰিশলি সাজিছিল৷ কঁঠাল গছৰ মূঢ়াৰ পৰা সজা গাঁৰিশলি শিলিখাতকৈ বেছিদিন টিকে৷ তদুপৰি ভাত বা আঞ্জাৰ চৰু ঢ়াক্বিৰ াবে তলীয়া, টাৰুমাৰি আৰু ভাত বঢ়া হেতা আদিও শিলিখা কাঠেৰেই সাজি লৈছিল৷
সহজ সৰল চহা জীৱনৰ ভালেমান লোকবিশ্বাসো এই ঢেঁকীতেই জডিত হৈ আছে, যিেবাৰ তেওঁলোকে ভালদৰে পালন কৰে৷ তৰ খৰাং হ’লে কাৰোবাৰ ঢেঁকী এটা চুৰ কৰি নি পথাৰত ওভতাই পুতি থ’লে বৰষুণ দিয়ে বুলি বিশ্বাস কৰে৷ ঢেঁকীশালত লক্ষীয়ে বাস কৰে লি ভােব আৰু সেয়ে ঢেঁকীশালখন অপৰিষ্কাৰ কৰি নাৰাখে৷ ঢেঁকীৰ ওপৰত কোনো নবহে৷ খুবলিত ধান বা চাউল এৰি থৈ নাহে৷ ঢেঁকীথোৰাটো গাঁৰিশলিৰ ওপৰত তুলি নথয়৷ সন্ধিয়া সাঁজ লগাৰ সময়ত বা ভাত খাওঁতে ঢেঁকী নিদিয়ে৷ তদুপৰি একেটা পৰিয়ালতে দুটাকৈ ঢেঁকীও নাপাতে৷ এনেবোৰ কৰিলে লক্ষীয়ে দুখ পাই ঘৰখনৰ পৰা আঁতৰি যায় বুলি জনসাধাৰণে বিশ্বাস কৰে৷ ন–কইনাক আদৰি আনোতে ঢেঁকীশাল দেখুওৱা নিয়ম৷ সেয়ে হয়তো পৰৱর্তী জীৱনত দুখ–কষ্ট পালে ন–কইনাই ঢেঁকীটোক লৈয়ে আক্ষেপ কৰে এইদৰে–
পিন্ধো াকলি ছাল,/ সাতোটা সুখৰ এটাও নাপালোঁ/ ঢেঁকীটোও নাপালোঁ ভাল৷
তাঁতশালখনৰ দৰেই ঢেঁকীশালখনো অসমীয়া গঞা মহিলাৰ নিজস্ব এলেকা লি ক’লে নিশ্চয় বঢ়াই কোৱা নহ’ব৷ যদিওবা ঢেঁকীটো মহিলাৰ নিজা সম্পত্তি লি কোৱা হয়, তথাপি বহু সময়ত সৰু সৰু পৰিয়ালত পুৰুষজনেও ঢেঁকী দি ধান বানি সহায় কৰি দিছিল আৰু মহিলাগৰাকীয়ে জাৰি–চালি চাউল উলিয়াইছিল৷ যাৰ ঘৰত দুই তিনিজনী বোৱাৰী া গাভৰু ছোৱালী থাকে তেওঁলোকে কুকুৰা ডাকতেই উঠি ধান বানি চাউল উলিয়াইহে ঘৰখনৰ বাহী বন কৰিছিল৷ এঘৰত ঢেঁকীৰ মাত শুনাৰ লগে লগে গাঁৱৰ াকীবোৰৰ ঘৰত জানো কোনোবা শুই থাকিব পাৰে? আহাৰ–শাওণ মাহত পথাৰত সকলোতকৈ আগতে হালখন থিয় কৰিব পৰাটো যিদৰে ডেকাসকলৰ বাবে গৌৰৱৰ বিষয় আছিল, তেনেদৰে গাঁৱৰ সবাতোকৈ আগতে পুৱতি নিশাতেই ধান বানিবলৈ ঢেঁকীত গুমগুমনি তুলিব পৰাটোও আছিল গঞা গাভৰুসকলৰ াবে এক গৌৰৱৰ বিষয়৷ ঢেঁকীত ধান না, চালি–জাৰি চাউল উলিওৱা বা বিধে বিধে পিঠা–পনা খুন্দি জা–জলপান প্রস্তুত কৰিবৰ াবে শৰীৰ সঞ্চালন কৰিব লাগে৷ শৰীৰৰ শক্তি প্রয়োগ কৰিব লাগে৷ ফলত জীয়াৰী–বোৱাৰীসকলে শাৰীৰিক পৰিশ্রম কৰ্বিলগীয়া হয়৷ তেওঁলোকৰ স্বাস্থ্য ৰক্ষাৰ বাবে এনে পৰিশ্রমেও যথেষ্ট সহায় কৰে৷
হু লেখক–সাহিত্যিকে তেখেতসকলৰ লেখাত ঢেঁকীৰ একো–একোখন সুন্দৰ ছবি অংকন কৰিছে৷ হু কবিৰ কবিতাৰ উপজীব্যও হৈছে এই ঢেঁকীয়েই৷
কিন্তু কি হ’ব– একালৰ ন্দাবন একালত পৰে ছন৷ যি ঢেঁকী একালত অসমীয়া মানুহৰ হিয়াৰ আমঠু আছিল, যি ঢেঁকী অসমীয়াৰ স্বাভিমান আছিল, আজি সেই ঢেঁকী পেলনীয়া জাবৰত পৰিণত হ’ল৷ আজি গাঁৱত ঢেঁকী পাবলৈ নাই৷ ঢেঁকীত বনা চাউলৰ ভাত অসমীয়া মানুহৰ পেটত হজম নোহোৱা হ’ল৷ মিলত কুটাই অনা চকচকীয়া চাউলৰ ভাত খাইহে অসমীয়া মানুহে তৃপ্তি পোৱা হ’ল৷ সম্প্রতি ম’াইল ফোন আৰু কম্পিউটাৰে আওপকীয়াকৈ যিদৰে বহু উদ্যোগৰ মূৰত ৰামটাঙোন শোধাইছে, তেনেদৰে গাঁৱৰ অলিয়ে–গলিয়ে স্থাপন কৰা ৰাইচ–মিল আৰু চাকিমিলবোৰে অসমৰ ঢেঁকীকো চিৰবিদায় দিলে৷ কেৱল এয়াই নহয়, অসমৰ পথাৰৰ পৰা গৰু–ম’হৰ হালখনো হেৰাই গ’ল৷ গোহালি উদং হ’ল৷ গাখীৰ অকণৰ াবে গাই গৰু নাইকিয়া হ’ল৷ হঁাহ–কুকুৰা, ছাগলী পুহিবলৈ এৰিলে৷ াৰীত তামোল–পাণ, আম–কঁঠাল, লেটেকু পনিয়ল নাইকিয়া হ’ল৷ আনকি তৰৰ শাক–পাচলিকেইটাও কৰি নোখোৱা হ’ল৷ গাঁৱৰ হু লোক হৈ পৰিল জাৰ নির্ভৰশীল৷ যোৱা দশককেইটাত গঢ় লৈ উঠা এই বজাৰমুখী সংস্কৃতি অসমীয়া জাতিৰ াবে মুঠেই শুভ লক্ষণ নহয়৷
সঁচা কথা, মানুহক আজৰি লাগে, জিৰণিও লাগে৷ কিন্তু নিষ্কর্মাৰ বাবে আজৰি বা জিৰণিৰ ক্বিা অর্থ থাকে জানো? কিছুবছৰৰ আগলৈকে অসমীয়া মানুহে টিভিৰ আগত বহি এলেহুৱা জীৱন যাপন কৰিবলৈ লৈছে বুলি আক্ষেপ কৰিছিলোঁ৷ আজিকালি টিভিও এলাগী হৈ পৰিছে৷ সম্প্রতি দিনৰ দিনটো ম’বাইল পিটিকি, ফেইচ্বুক, হোৱাটছ–এপত ফটো আপলোড কৰি কেইটামান লাইক বা তোষামোদযুক্ত মন্ত্ব্য কেইটামান পোৱাটোৱেই যেন জীৱনৰ শেষ উদ্দেশ্য হৈ পৰিছে৷ কিন্তু এইেবাৰে এটা জাতিক যে জীয়াই নাৰাখে ৰং তিলতিলকৈ মৃত্যুৰ ফালে লৈ গৈছে সেই কথা আজি অসমীয়া মানুহক জাব কোনে?

You might also like