নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত প্ৰসাদ খাই বিষক্ৰিয়াত আক্ৰান্ত বহুজন

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ : কামৰূপ জিলাৰ ৰাজাপাৰা কুকুৰমাৰাত এক খাদ্য বিষক্ৰিয়াত বহুলোক আক্ৰান্ত হোৱা খবৰে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। খবৰ অনুসৰি ৰাজাপাৰাৰ কুকুৰমাৰাৰ এজন ব্যৱসায়ীয়ে নতুনকৈ আৰম্ভ কৰা এখন হাৰ্ডৱেৰ দোকান হোলীৰ দিনটোত আৰম্ভ কৰিছিল। দোকানৰ শুভাৰম্ভ উপলক্ষে তাত গাওঁখনৰ বহু লোকক নিমন্ত্ৰন কৰা হৈছিল। উল্লেখ্য যে হোলীৰ দিনটোত আৰম্ভনী অনুষ্ঠানলৈ গৈ দোকানখনত প্ৰসাদ খাই অসুস্থ হৈছে কুকুৰামাৰা গাঁওখনৰ ২০জনৰো অধিক লোকে। জানিব পৰা মতে হোলীৰ দিনটোত হাৰ্ডৱেৰ দোকানখত প্ৰসাদ খোৱাৰ পিছৰেই পৰা ইজনৰ পিচত আনজন লোক খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈছে। উল্লেখ্য, যোৱা ২৫ মাৰ্চত হোলী উপলক্ষে নতুনকৈ আৰম্ভ কৰা হাৰ্ডৱেৰ দোকানখনত প্ৰসাদ খোৱাৰ পিছৰে পৰা গাওঁখনৰ বহুকেইজন লোকৰ অত্যাধিক হাৰত শৌচ, বমি, পেটৰ বিষ হোৱাত লোককেইজনক নিশাই ততাতৈয়াকৈ ধূপধৰা বিকালী আদৰ্শ চিকিৎসালয় আৰু বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়।ইয়াৰ পিছতে বহুকেইজন লোকক নিশাটো চিকিৎসা কৰাৰ পিছতে ঘৰলৈ যাব দিয়া হৈছে যদিও কেইজনমানক উন্নত চিকিৎসাৰ বাবে বকোস্থিত অৰুণোদয় চিকিৎসালয়ৰ লগতে অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা অনুসৰি বাতৰি লিখা সময়লৈকে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ধূপধৰা বিকালী আদৰ্শ চিকিৎসালয়ত এতিয়াও বিষক্ৰিয়াত আক্ৰান্ত বহুকেইজন লোক চিকিৎসাধীন হৈ আছে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like