নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্চ মাহৰ প্রথম সপ্তাহত অনুষ্ঠিত হ’ব মেট্রিক পৰীক্ষা

নিয়মীয়া বাৰ্তা ১৪ অক্টোবৰঃ  ক’ভিডৰ আতংকৰ মাজেৰে আগন্তুক মেড্রিক পৰীক্ষা সুচাৰুৰূপে সম্পূর্ণ কৰিবলৈ সাজু হৈছে অসম মাধ্যমিক শিক্ষা পৰিষদ, চমুকৈ ছেবা৷ ইতিমধ্যে ছেবাই ঘোষণা কৰিছে ২০২১ বর্ষৰ হাইস্কুল আৰু হাইমাদ্রাছা পৰীক্ষাৰ প্র–পত্র পূৰণৰ দিন৷ মহামাৰী ক’ভিডৰ আতংকৰ বাবে এইবাৰ এমাহ পলমকৈ আৰম্ভ হ’ব প্র–পত্র পূৰণৰ প্রক্রিয়া৷ ছেবাই জাৰি কৰা জাননী অনুসৰি অহা ২ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰৰ ভিতৰত পৰীক্ষার্থীসকলে অনলাইনৰ জৰিয়তে কৰিব লাগিব প্র–পত্র পূৰণৰ কাম৷ ছেবাৰ ৱেবছাইটwww.sebaonline.org ত লগন কৰি আগন্তুক বর্ষৰ পৰীক্ষার্থীসকলে কৰিব পাৰিব প্র–পত্র পূৰণৰ লগতে লাভ কৰিব পাৰিব যাৱতীয় সকলো তথ্য৷ আনহাতে, ক’ভিডৰ বাবে এইবাৰ পূর্বৰ তুলনাত কিছু পলমকৈ অনুষ্ঠিত হ’ব পৰীক্ষা৷ ক’ভিডৰ বাবে ছাত্র–ছাত্রীসকলৰ মূল্যৱান সময় নষ্ট হোৱাৰ বাবেই এইবাৰ কিছু পলমকৈ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্র জৈনে৷ ক’ভিড প্রট’কলৰ সকলো নীতি–নিয়ম মানি মার্চৰ প্রথম সপ্তাহৰ পৰা হাইস্কুল আৰু হাইমাদ্রাছা পৰীক্ষা অনুষ্ঠিত হ’ব বুলি সদৰী কৰিছে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্র জৈনে৷

You might also like