নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রিষ্টিয়ানো ৰ’নাল্ডো ক’ভিডত আক্রান্ত

নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ সমগ্র বিশ্বত আতংকৰ সৃষ্টি কৰা মহামাৰী ক’ভিড–১৯ৰ চিকাৰ হৈছে পর্তুগালৰ ছুপাৰ ষ্টাৰ ক্রিষ্টিয়ানো ৰ’নাল্ডো৷ ৩৫ বছৰীয়া ফুটবলাৰগৰাকীৰ ক’ভিড টেষ্টৰ ফলাফল পজিটিভ অহা বুলি মঙলবাৰে পর্তুগাল ফুটবল ফেডাৰেচনে ঘোষণা কৰিছে৷

ইয়াৰ ফলত ৰ’নাল্ডোৱে বুধবাৰে ছুইডেনৰ বিৰুদ্ধে খেলিবলগীয়া উৱেফা নেচনছ লীগৰ মেচত অংশ ল’ব নোৱাৰিব৷ ৰ’নাল্ডোৰ ফলাফল পজিটিভ অহাৰ পিছত পর্তুগাল দলৰ আন খেলুৱৈসকলৰো ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছে৷

অৱশ্যে আটাইৰে ফলাফল নিগেটিভ আহিছে আৰু তেওঁলোকে ছুইডেনৰ বিৰুদ্ধে মেচত অংশ ল’ব পাৰিব৷ উল্লেখ্য যে পাঁচবাৰৰ বেলন ডি অ’ৰ বঁটা বিজয়ী ছুপাৰষ্টাৰগৰাকীয়ে দেওবাৰে ফ্রান্সৰ বিৰুদ্ধে পর্তুগালে ড্র খেলা মেচখনত অংশ লৈছিল৷

You might also like