নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বহীদৰ আত্মবলিদান অথলে যাবলৈ দিয়া নহ’ব

মাওবাদীৰ আক্রমণত প্রাণ আহুতি দিয়া সৰুপেটাৰ দিলীপ কুমাৰ দাসৰ ঘৰত সর্বানন্দ সোণোৱাল

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ ‘‘বীৰ শ্বহীদ দিলীপ কুমাৰ দাসৰ আত্মত্যাগ কোনো কাৰণতেই অথলে যাবলৈ দিয়া নহ’ব’৷ যোৱা ৩ এপ্রিলত ছত্তিশগডৰ বিজাপুৰ সংৰক্ষিত বনাঞ্চলত  মাওবাদীৰে সংঘর্ষত শ্বহীদ হোৱা ২১০ নং কোব্রা বেটেলিয়নৰ পৰিদর্শক, দুই কণমানি সন্তানৰ পিতৃ দিলীপ    মাৰ দাসৰ পৰিয়ালবর্গক সমবেদনা জনাই সাংবাদিকৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ আবেলি প্রায় ৩ বজাত মুখ্যমন্ত্রী সোণোৱালে শ্বহীদগৰাকীৰ বাসগৃহত উপস্থিত হয়৷ মুখ্যমন্ত্রীগৰাকীয়ে ৰাষ্ট্রীয় শ্বহীদ দিলীপ কুমাৰ দাসলৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি দেশবাসীয়ে অনাগত কাললৈও ৰাষ্ট্রীয় শ্বহীদগৰাকীৰ আত্মবলিদান সদায় স্মৰণ কৰিব বুলিও মন্তব্য কৰে৷ তেওঁ কয়– নিশ্চিতভাৱে তেওঁ দেখুৱাই যোৱা পথেৰে আমিও আগবাঢ়িব লাগিব আৰু তেওঁৰ আধৰুৱা কামখিনি আমি সম্পূর্ণ কৰিব লাগিব৷ আনহাতে আৰম্ভণিতে মুখ্যমন্ত্রীগৰাকীয়ে শ্বহীদগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ প্রতিকৃতিৰ সন্মুখত শ্রদ্ধা জ্ঞাপন কৰে৷

তাৰ পিছতেই মুখ্যমন্ত্রীগৰাকীয়ে তেওঁৰ পৰিয়ালবর্গৰ খা–খবৰ লয় আৰু সমবেদনা জ্ঞাপন কৰে৷ আনহাতে মুখ্যমন্ত্রীৰ সৈতে অহা সাংসদ তপন কুমাৰ গগৈয়ে ছত্তিশগডত মাওবাদীৰে সংঘর্ষত শ্বহীদ দুয়োগৰাকী ‘অসম সন্তান’ক লৈ গভীৰ শ্রদ্ধা জ্ঞাপন কৰে৷ মাওবাদীৰ বর্বৰ আক্রমণক তেওঁ তীব্র গৰিহণা দিয়ে৷ আনহাতে ‘ৰাষ্ট্রীয় শ্বহীদ’গৰাকীক দেশৰ সর্বোচ্চ সাহসিকতাৰ বঁটা ‘ৰাষ্ট্রপতি আৰক্ষী পদক’ প্রদানৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রীৰ ওচৰত প্রদান কৰা এখন স্মাৰক–পত্রৰ জৰিয়তে দাবী তোলে বৃহত্তৰ সৰুপেটা অঞ্চলৰ ৰাইজে৷ তদুপৰি একেখন স্মাৰক–পত্রতে ঘৰখনৰ মূল উপার্জনকাৰী ব্যক্তি শ্বহীদ দিলীপ কুমাৰ দাসৰ অনুপস্থিতিত শ্বহীদগৰাকীৰ নাবালক দুই সন্তানৰ প্রতি লক্ষ্য ৰাখি শ্বহীদগৰাকীৰ পত্নী প্রাঞ্জলী দাসক ৰাজ্য চৰকাৰৰ অধীনত নিযুক্তিৰ দাবীও উত্থাপন কৰা হয়৷

আনহাতে শ্বহীদগৰাকীৰ ওপজা গাঁও ‘ভাৰেগাঁও উন্নয়ন সমিতি’ৰ তৰফৰ পৰাও মুখ্যমন্ত্রীগৰাকীক ৰাষ্ট্রীয় শ্বহীদগৰাকীৰ স্মৃতি যুগমীয়াকৈ ৰখাৰ স্বার্থত আন দুটাকৈ দাবীসম্বলিত আন এখন স্মাৰক–পত্র মুখ্যমন্ত্রী সোণোৱালক অর্পণ কৰা হয়৷ স্মাৰক–পত্রত ৰাষ্ট্রীয় শ্বহীদ দিলীপ কুমাৰ দাসৰ ঘৰৰ সন্মুখেৰে যোৱা পথছোৱাৰ নাম শ্বহীদ দিলীপ কুমাৰ দাস পথ হিচাপে নামকৰণ কৰাৰ বাবে দাবী উত্থাপন কৰা হয়৷ তদুপৰি শ্বহীদগৰাকীক সমাধিস্থ কৰা স্থানৰ সন্মুখেৰে যোৱা ঐতিহাসিক গোসাঁইকমল আলিৰ কেঁচা পথছোৱাৰ পকীকৰণৰ লগতে সমাধিস্থলীত শ্বহীগৰাকীৰ এটা আবক্ষ মূর্তি স্থাপনৰো ব্যৱস্থা গ্রহণৰ বাবে দাবী জনোৱা হৈছে৷

You might also like