নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বীৰ শ্বহীদ বাবলু ৰাভাৰ দুধনৈ দামৰাৰ বাসগৃহত মুখ্যমন্ত্রীঃ পৰিয়ালৰ সদস্যক কর্মসংস্থাপনৰ আশ্বাস

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ  ছত্তিশগড়ত মাওবাদীৰ আক্রমণত প্রাণ আহুতি দিয়া দুধনৈৰ দামৰাৰ বীৰ শ্বহীদ বাবলু ৰাভাৰ বাসগৃহত বুধবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত হয়৷ বিয়লি পাঁচ বজাত শ্বহীদগৰাকীৰ নিজ বাসগৃহত উপস্থিত হৈয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শ্বহীদগৰাকীৰ প্রতিচ্ছবিত মাল্যার্পণ কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ লগতে শ্বহীদ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীগৰাকীৰ পিছতে শ্বহীদগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে সাংসদ তপন গগৈয়ে৷ মুখ্যমন্ত্রীগৰাকীয়ে বীৰ শ্বহীদ বাবলু ৰাভাৰ পত্নী লিপিকা ৰাভা আৰু সাত বছৰীয়া কণমাণি সন্তানৰ সৈতে মত বিনিময় কৰে৷ শ্বহীদৰ পৰিয়ালৰ সদস্যক কর্মসংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে মুখ্যমন্ত্রী সোণোৱালে৷

You might also like