৩ মার্চৰ পৰা অনুষ্ঠিত হ’ব মেট্রিক পৰীক্ষা; ৯১২টা কেন্দ্রত অৱতীর্ণ হ’ব ১ লাখ ৯৫ হাজাৰ পৰীক্ষার্থী
নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ: অহা ২০২৩ বর্ষৰ মেট্রিক পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ, চমুকৈ ছেবাই৷ অহা ৩ মার্চৰ পৰা ২০ মার্চলৈ অনুষ্ঠিত হ’ব মেড্রিক পৰীক্ষা৷ ইংৰাজী বিষয়ৰ প্রশ্ণকাকতেৰে পৰীক্ষা আৰম্ভ হ’ব৷ সময়সূচী অনুসৰি ৪ মার্চত ফাইন আর্টছ, গার্মেন ডিজাইন (ঐচ্ছিক), ৬ মার্চত গণিত, ৯ মার্চত সমাজ বিজ্ঞান, ১৩ মার্চত সাধাৰণ বিজ্ঞান, ১৮ মার্চত অনুষ্ঠিত হ’ব অসমীয়া বিষয়ৰ পৰীক্ষা৷ ইফালে ২০ মার্চত ৯টাকৈ ঐচ্ছিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ সেইদৰে ২৪ ফেব্রুৱাৰী আৰু ২৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব ব্যৱহাৰিক পৰীক্ষা৷
নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ আধাৰত এইবাৰ অনুষ্ঠিত হ’ব মেট্রিক পৰীক্ষা৷ য’ত ৯১২টা পৰীক্ষা কেন্দ্রত অৱতীর্ণ হ’ব ১ লাখ ৯৫ হাজাৰ পৰীক্ষার্থী৷ পৰীক্ষার্থীৰ সুবিধাৰ বাবে এইবাৰ ৯টাকৈ পৰীক্ষা কেন্দ্র বৃদ্ধি কৰিছে ছেবাই৷ সংবাদ মাধ্যমযোগে এই কথা সদৰী কৰে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে৷ প্রথমবাৰৰ বাবে নতুন ৰাষ্ট্রীয় শিক্ষা নীতিৰ আধাৰত অনুষ্ঠিত হ’ব লগা মেট্রিক পৰীক্ষাত থাকিব বহু গুৰুত্বপূর্ণ নিয়ম৷ ৪টাকৈ বিষয়ত থাকিব নতুন নির্দেশনা৷ গণিত, বিজ্ঞান, ইংৰাজী, সমাজ বিজ্ঞান বিষয়ত ৫০টাকৈ ১ নম্বৰ প্রশ্ণ থাকিব৷ অসমীয়া আৰু ঐচ্ছিক বিষয়ত পৰীক্ষার্থীসকলৰ বাবে থাকিব পূর্বৰ নিয়ম৷ সমান্তৰালভাৱে গণিত বিষয়ৰ উত্তৰ বহীত পৰীক্ষার্থীসকলে সমাধান কৰিব পৰা অতিৰিক্ত ঠাই দিব ছেবাই৷
উল্লেখ্য যে বিগত বর্ষবোৰৰ দৰে এইবাৰ পৰীক্ষার্থীসকলে ক’লা আৰু নীলা ৰঙৰ চিঞাহী ব্যৱহাৰ কৰিব লাগিব৷ ইফালে মে’ মাহৰ প্রথম সপ্তাহত মেট্রিকৰ ফলাফল প্রকাশ পাব বুলি সদৰী কৰে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে৷