নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী : কোন দিশে পৰীক্ষা ব্যৱস্থা৷ এইবাৰ নকল যোগানত নামিল স্বয়ং শিক্ষাগুৰু, চতুৰ্থবৰ্গ কৰ্মচাৰীৰ ৷ জোনাই মূৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বৃহৎ পৰিমাণৰ নকলসহ আটক দুজন শিক্ষক, এজন চতুৰ্থবৰ্গ কৰ্মচাৰী, এজন কম্পিউটাৰ দোকানী৷ উল্লেখযোগ্য পৰীক্ষা আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতে বিদ্যালয়ৰটোৰ চকীদাৰজন স্কুটী লৈ গল চাহ চিঙৰা আনিবলৈ ৷ উভতি আহি পৰীক্ষা কেন্দ্ৰত পোৱাৰ সময়তে দায়িত্বত থকা আৰক্ষীয়ে চকীদাৰজনৰ স্কুটী পৰীক্ষা কৰোঁতে ওলায় পৰিল আচল কথা৷ স্কুটীৰ ভিতৰত চাহ চিঙৰাৰ পৰিৱৰ্তে জাপে জাপে ওলাল নকল আৰু নকল। অৱশেষত চকীদাৰজনক আৰু সোধাপোচা কৰাত এখন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ এজন শিক্ষক, এজন তৃতীয়বৰ্গৰ কৰ্মচাৰী আৰু এজন কম্পিউটাৰ দোকানীক আটক কৰে নকল যোগান দিয়া অভিযোগত৷ কোন নম্বৰ পৰীক্ষা গৃহত, কোনজন পৰীক্ষাৰ্থীক যোগান ধৰিব নকল, পৰীক্ষাৰ্থীৰ ৰোল নম্বৰ আৰু নামসহ চতুৰ্থবৰ্গৰ কৰ্মচাৰী পৰা নকল উদ্ধাৰ কৰিলে আৰক্ষীয়ে ৷ পৰীক্ষা গৃহত ছাত্ৰক নকল যোগানৰ দিয়াৰ অভিযোগত আৰক্ষীয়ে আটক কৰা লোককেইজন হল অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক পদ্ম কুলী, তৃতীয়বৰ্গ কৰ্মচাৰী লীলাধৰ পায়েং, চতুৰ্থবৰ্গৰ কৰ্মচাৰী দেৱন পাতিৰ আৰু কম্পিউটাৰ দোকানৰ মালিক ধীৰাজ দুৱৰা৷ জোনাই ৰাংকপ তিনিআলিস্থিত ৰাংকপ Rangkap Digital JGA Computer Education Centre জেৰক্স চেণ্টাৰত অভিযান চলাই নকল জেৰক্স মেচিসহ জব্দ আৰক্ষীৰ ৷ জোনাই আৰক্ষীয়ে চাৰিজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে৷
প্ৰেৰক কৰবী দলে