নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত বিধ্বংসী অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী : এক আশ্চৰ্যকৰ কাণ্ড। ঘৰৰ সকলো পুৰি ছাৰখাৰ হয় বিধ্বংসী অগ্নিকাণ্ডত। পিছে অক্ষত অৱস্থাত ৰ’ল পবিত্ৰ কোৰান শ্বৰীফ। সকলোৰে মাজত ইয়াক লৈ চলিছে সৰৱ চৰ্চা | নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত মণ্ডলপাৰাৰ ৰবিউল হুছেইন নামৰ এটা পৰিয়ালত সোমবাৰৰ পুৱতি নিশা শ্বৰ্ট চাৰ্কিটৰ ফলত কেনেবাকৈ জুইৰ সূত্ৰপাত ঘটে | জুইত কাপোৰ-কানি, আচবাব, নথি-পত্ৰ, নগদ ধন সকলো পুৰি ছাৰখাৰ হয় যদিও আশ্চৰ্যকৰভাৱে কোৰানখনৰ ভিতৰৰ এটা পৃষ্ঠাও পোৰা নগ’ল | দাওদাওকৈ জ্বলি উঠা জুইত ঘৰটোৰ যাৱতীয় সকলো ভস্মীভূত হয়। আনকি কাঠৰ চকী-মেজ, বিচনা আদিও পোৰে। অগ্নিকাণ্ডৰ ফলত পৰিয়ালৰ দুটাকৈ ঘৰ আৰু সৰ্বমুঠ প্ৰায় দহ-বাৰ লাখ টকাৰ ক্ষতি হোৱা বুলি ৰাইজে প্ৰকাশ কৰে | স্মৰ্তব্য যে ৰাইজে বহু কষ্টৰ অন্তত কোনোমতে জুইকুৰা নুমুৱাবলৈ সক্ষম হয় যদিও শীঘ্ৰে নগৰবেৰাত অগ্নিনিৰ্বাপণ কেন্দ্ৰ স্থাপনৰো দাবী জনাইছে সচেতন ৰাইজে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like