কথা দি কথা ৰাখিলে মুখ্যমন্ত্রীয়েঃ ১০০ দিনতে মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই
ড০ শর্মাৰ উপস্থিতিত মাইক্র’ফাইনেঞ্চ প্রতিষ্ঠানৰে বিত্ত বিভাগৰ বহু আকাংক্ষিত বুজাবুজিৰ চুক্তি সম্পন্ন
- ঋণ আদায় দি থকাসকলক চৰকাৰে পুৰস্কাৰ হিচাপে দিব সর্বাধিক ২৫ হাজাৰ টকাকৈ
- ঋণ আদায় দিব নোৱাৰাসকলৰ সমুদায় ধন পৰিশোধ কৰিব চৰকাৰে
- মাইক্র’ফাইনেঞ্চ বেংকৰ পৰা ওলাই গৈ কাবুলিৱালাৰ কবলত নপৰিবলৈ জনসাধাৰণক মুখ্যমন্ত্রীৰ আহ্বান
- বিত্তীয় প্রতিষ্ঠানসমূহকো আৰবিআইৰ আওতাত থাকি ঋণ দিয়াৰ নির্দেশ
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: প্রতিশ্রুতি মতেই কাম কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বর্তমানৰ ৰাজ্য চৰকাৰখনৰ ১০০টা দিন অতিক্রমৰ মুহূর্ততে মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই এই ঐতিহাসিক কার্যব্যৱস্থা গ্রহণ কৰে৷ মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই সম্পর্কত যোৱা বিধানসভা নির্বাচনৰ সময়ত বিজেপিয়ে দিয়া প্রতিশ্রুতি ৰূপায়ণৰ ক্ষেত্রত আনুষ্ঠানিক প্রক্রিয়া আৰম্ভ কৰি মুখ্যমন্ত্রী ড০ শর্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে মাইক্র’ফাইনেঞ্চ প্রতিষ্ঠানৰ সৈতে মঙলবাৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ লগে লগে সেই ঋণ ৰেহাইৰ ঘোষণা কার্যকৰী হোৱাৰ পথ প্রশস্ত হৈ পৰাই নহয়, প্রক্রিয়া আৰম্ভও হ’ল৷
খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে নির্বাচনৰ সময়ত মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ যি প্রতিশ্রুতি দিয়া হৈছিল, সেই প্রতিশ্রুতি পূৰণৰ বাবে নতুন চৰকাৰখনে দায়িত্বভাৰ গ্রহণ কৰিয়েই প্রথমখন কেবিনেটতে মন্ত্রী অশোক সিংঘালৰ নেতৃত্বত এখন কমিটী গঠন কৰি দিয়ে৷ পৰৱর্তী পর্যায়ত উক্ত কমিটীৰ বৈঠকত মাইক্র’ফাইনেঞ্চৰ লগত জড়িত খণ্ডৰ সৈতে হোৱা আলোচনাত দুটা কথা স্পষ্টকৈ ওলাই পৰে৷ এটা হৈছে মাইক্র’ফাইনেঞ্চৰ ঋণ লোৱাসকলৰ একাংশই নিয়ম অনুসৰি ঋণৰ ধন পৰিশোধ কৰি আছে আৰু একাংশই ঋণৰ ধন পৰিশোধ কৰিব পৰা নাই৷ আনটো হৈছে একাংশ মাইক্র’ফাইনেঞ্চ প্রতিষ্ঠানে আৰবিআইৰ নীতি–নিয়মৰ বাহিৰত গৈ একাংশ লোকক ঋণ প্রদান কৰিছে৷ আৰবিআইৰ নীতি অনুসৰি মাইক্র’ফাইনেঞ্চে এগৰাকী মহিলাক তিনিটা বেংকে সর্বাধিক ১.২৫ লাখ টকাহে ঋণ দিব পাৰে৷ কিন্তু বহু ক্ষেত্রত আৰবিআইৰ সেই নীতি উলংঘা কৰি অধিক ঋণ প্রদান কৰিছে৷ এই সম্পর্কত ইতিপূর্বে ৰাজ্য চৰকাৰে বিধানসভাত এখন আইনো প্রণয়ন কৰিছে৷ সেই আইনক ৰাজ্যপালে অনুমোদন জনাই অধিসূচনাও জাৰি কৰিছে৷
উক্ত আইন অনুসৰিও এগৰাকী মহিলাক সর্বাধিক ১.২৫ লাখ মাইক্র’ফাইনেঞ্চৰ ঋণ দিব পাৰে৷ তিনিটাতকৈ অধিক বেংকে এগৰাকী মহিলাক ঋণ দিব নোৱাৰে৷ তদুপৰি ঋণ দিয়াৰ সময়ত ব্যক্তিগৰাকীৰ আর্থিক সচ্ছলতা চোৱাৰ লগতে এজেণ্টে কোনো হাৰাশাস্তি কৰিব নোৱাৰিব৷ যোৱা তিনিটা মাহত তেনেধৰণৰ অভাৱ–ভিযোগ নোহোৱা হৈছে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাইক্র’ফাইনেঞ্চৰ ঋণ লোৱা এনেধৰণৰ কিছু মহিলা আছে যিসকলে ঋণ লৈছে আৰু নিয়মিত ৰূপত ঋণ আদায় দি আহিছে৷ কিছুমানে ১.২৫ লাখ টকাৰ ঋণ লৈ ব্যৱসায় কৰি এতিয়া ১০ লাখ টকা পর্যন্ত ঋণ লৈছে৷ তেওঁলোকে ব্যৱসায় কৰাৰ বাবে ঋণ লোৱাৰ পক্ষপাতী৷ তেনে মহিলাৰ সংখ্যা যোৱা ৩১ মার্চলৈকে ১১ লাখ আছিল আৰু যোৱা জুন মাহলৈকে সেই সংখ্যা ১৪ লাখলৈ বৃদ্ধি পাইছে৷ তেওঁলোকে মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই বিচৰা নাই৷ কিন্তু দায়িত্বশীল চৰকাৰ হিচাপে বর্তমানৰ চৰকাৰখনে দায়িত্বশীল মনোভাবেৰে সেইসকল মহিলাকো প্রত্যেককে সর্বাধিক ২৫ হাজাৰ টকালৈকে পুৰস্কাৰ আগবঢ়াই সহায় কৰিব বিচাৰিছে৷
তেওঁলোকৰ যিসকলৰ ১০ হাজাৰ টকা, ১৫ হাজাৰ টকা, ২০ হাজাৰ টকা ঋণ ওভতাই দিবলৈ বাকী আছে, তেওঁলোকে নিবিচৰা সত্ত্বেও চৰকাৰে সেই ধন আগবঢ়াব৷ অৱশ্যে কাৰোবাৰ যদি ৩০ হাজাৰ টকা পৰিশোধ কৰিবলৈ বাকী আছে তেওঁক চৰকাৰে সর্বাধিক ২৫ হাজাৰ টকাকৈ আগবঢ়াব৷ এই পৰিমাণ গড়ে ২২ হাজাৰ টকামান হ’ব৷ সেইসকল লোকৰ বাবে চৰকাৰৰ ২,৫০০ৰ পৰা ৩,০০০ কোটি টকা ব্যয় হ’ব৷ আনহাতে যিসকলে এটা বছৰে ইনষ্টলমেণ্ট আদায় দিব পৰা নাই আৰু আদায় দিব পৰা অৱস্থাতো নাই, সেইসকলৰ সমুদায় ঋণ চৰকাৰে পৰিশোধ কৰিব৷ ইয়াৰ বাবে চৰকাৰে অচিৰেই আবেদনৰ প্র–পত্র পূৰণৰ ব্যৱস্থা কৰিব৷ অৱশ্যে ডাক্তৰ–ইঞ্জিনীয়াৰৰ পত্নীয়ে সেই সুবিধা লাভ নকৰিব৷ দাৰিদ্র্য সীমাৰেখাৰ তলৰ লোকেহে সেই ঋণ মাফ পাব৷ আবেদনৰ প্র–পত্র লাভৰ পিছত নিশ্চিত হ’ব চৰকাৰে কিমানসংখ্যকৰ সমুদায় ঋণ পৰিশোধ কৰিব লাগিব৷ ইফালে, আৰবিআইৰ নীতি উলংঘা কৰি ঋণ দিয়াৰ সম্পূর্ণ দায়িত্ব সংশ্লিষ্ট বিত্তীয় প্রতিষ্ঠানে গ্রহণ কৰিব লাগিব৷
মন্ত্রী ড০ শর্মাৰ মতে, এই সমগ্র ব্যৱস্থাটোত ১২ হাজাৰ কোটি টকাৰ লেনদেন হৈছে৷ ইয়াৰে ৭,২০০ কোটি টকা চৰকাৰে বহন কৰিব লাগিব৷ বাকীখিনি মাইক্র’ফাইনেঞ্চ প্রতিষ্ঠানে বহন কৰিব লাগিব৷ মাইক্র’ফাইনেঞ্চৰ কবলৰ পৰা ওলাই গৈ জনসাধাৰণক অসমৰ কাবুলিৱালাৰ কবলত নপৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ গ্রামাঞ্চলত এতিয়াও ১০ শতাংশ সুদত ঋণ দিয়াৰ ব্যৱস্থা চলি আছে৷ এনে উচ্চ সুদত ঋণ লৈ কোনেও সেই ধন ওভতাই দিব নোৱাৰে৷ আজিও অসমত বহু ব্যক্তি আছে তেনেদৰে লোৱা ঋণ ওভতাই দিব পৰা নাই৷ সেইদৰে মাইক্র’ফাইনেঞ্চ প্রতিষ্ঠানসমূহকো আৰবিআইৰ নীতি অনুসৰিহে ঋণ দিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আৰ বি আয়েও যিসকলৰ ঋণ ওভতাই দিয়াৰ সামর্থ্য নাই, তেওঁলোকক ঋণ দিয়াৰ বিৰোধিতা কৰিছে৷ চৰকাৰেও সেইসকল লোকক ঋণ লোৱাৰ পৰিৱর্তে অৰুণোদয়কে ধৰি বিভিন্ন আঁচনিৰ অধীনত সামৰাৰ ব্যৱস্থা কৰিছে৷ বেংক প্রতিষ্ঠানসমূহক গ্রাহকক ন্যায় প্রদান দিয়াটো নিশ্চিত কৰাৰ আহ্বান জনাই কয় যে বানপানীৰ সময়ত গ্রাহকে ঋণ ওভতাই দিব নোৱাৰে৷ বেংকে নিজেই সেই কথা উপলব্ধি কৰি সেই সময়ছোৱাত গ্রাহকক হাৰাশাস্তি নকৰিবলৈ তেওঁ আহ্বান জনায়৷
মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে নিয়মীয়াকৈ ঋণ ওভতাই থকাসকলক অনাগত দিনত প্রেৰণা দিয়াৰ বাবে চৰকাৰে বছৰি কিছু টকা উদগনি হিচাপে দিয়াৰ ব্যৱস্থা কৰিব৷ অসম চৰকাৰে মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপত আৰবিআয়ে অনুমোদন দিয়াৰ লগতে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণেও ভাল পাইছে বুলি উল্লেখ কৰে৷ আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই ১০০টা দিনত চৰকাৰে ইয়াতকৈ অধিক দ্রুতগতিত আগবাঢ়িব নোৱাৰে বুলি উল্লেখ কৰি কয় যে এক লাখ নিযুক্তিৰ ক্ষেত্রতো চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে৷ পৰহি আৰু কালি জিলা উপায়ুক্তসকলৰ সৈতে ২১ ঘণ্টা ধৰি বৈঠক অনুষ্ঠিত কৰি ৰাজ্যখনক কেনেদৰে আগবঢ়াই নিব, সেই বিষয়ে আলোচনা কৰিছে৷ এই বছৰতে অসমত ১০ লাখ গৃহ নির্মাণ হ’ব৷ ইয়াত ১১ হাজাৰ কোটি টকাৰ বিনিয়োগ হ’ব৷
নির্বাচনৰ সময়ত প্রতিশ্রুতি দিয়াৰ দৰে অৰুণোদয়ৰ হিতাধিকাৰীয়েও অনাগত দিনত মাহে তিনি হাজাৰ টকাকৈ লাভ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রত্যেক সমষ্টিত ৫ হাজাৰকৈ হিতাধিকাৰী বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে৷ ফলত অৰুণোদয় আঁচনিত ৰাজ্যখনত নতুনকৈ ৬.৩৬ লাখ হিতাধিকাৰী বৃদ্ধি হ’ব৷ প্রত্যেক মাহৰ ১০ তাৰিখে বিভিন্ন আঁচনিৰ ৪২ লাখ হিতাধিকাৰীক তেওঁলোকৰ বেংক একাউণ্টযোগে প্রাপ্য ধন প্রদান কৰা হৈছে৷ আজিৰ এই অনুষ্ঠানতে ৩৮টা বেংকিং প্রতিষ্ঠানৰ সৈতে ৰাজ্য চৰকাৰৰ বুজাবুজি চুক্তি সম্পাদিত হয়৷ এই বুজাবুজিৰ চুক্তি অহা ২০২৩ চনৰ ৩১ মার্চ পর্যন্ত কার্যকৰী হৈ থাকিব৷
এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা উল্লেখনীয় ক্ষুদ্র বিত্তীয় আৰু বেংক প্রতিষ্ঠানসমূহ হ’ল– মাইক্র’ফাইনেঞ্চ ইনষ্টিটিউচনছ নেটৱর্ক, নর্থ ইষ্ট স্মল ফাইনেঞ্চ বেংক, এছ’চিয়েচন অৱ স্মল ফাইনেঞ্চ বেংক অৱ ইণ্ডিয়া, নাইটিংগেল ফিনভেষ্ট প্রাইভেট লিমিটেড, গ্রামীণ ডেভেলপমেণ্ট এণ্ড ফাইনেঞ্চ লিমিটেড, নর্থ ইষ্ট মাইক্র’ফাইনেঞ্চ এছ’চিয়েচন, বন্ধন বেংক লিমিটেড, আৰোহণ ফাইনেন্সিয়েল ছার্ভিচেজ লিমিটেড, এইচ ডি এফ চি বেংক লিমিটেড, ফিউজন ফাইক্র’ফাইনেঞ্চ প্রাইভেট লিমিটেড, এল এন টি ফাইনেন্সিয়েল লিমিটেড আৰু আশীর্বাদ মাইক্র’ফাইনেঞ্চ লিমিটেড৷ অনুষ্ঠানত মুখ্যমন্ত্রীৰ সৈতে বিত্তমন্ত্রী অজন্তা নেওগ, কৃষিমন্ত্রী অতুল বৰা, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, মন্ত্রী অশোক সিংঘাল, ঊর্খাও গৌড়া ব্রহ্ম, মুখ্য সচিব জিষ্ণু বৰুৱাও উপস্থিত থাকে৷
ক্ষুদ্র বিত্তীয় প্রতিষ্ঠানসমূহৰ প্রতিনিধিসকলে ৰাজ্য চৰকাৰৰ এই পদক্ষেপক এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰি মন্তব্য কৰে যে ৰাজ্যখনত ১০০ শতাংশ বিত্তীয় অন্তর্ভুক্তি সুনিশ্চিত কৰাৰ দিশত ইয়ে এক সুদূৰপ্রসাৰী প্রভাৱ পেলাব৷ অনুষ্ঠানটোত ক্ষুদ্র বিত্তীয় প্রতিষ্ঠান আৰু বেংকসমূহৰ হৈ আৰোহণৰ মুখ্য কার্যবাহী বিষয়া মনোজ কুমাৰ নাম্বিয়াৰ, বন্ধন বেংকৰ সভাপতি কুমাৰ আশিস আৰু এম এফ আই এমৰ মুখ্য কার্যবাহী বিষয়া তথা সঞ্চালক ড০ আলোক কুমাৰেও বক্তব্য প্রদান কৰে৷