নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উমলাফেৰত অসম আৰক্ষীৰ শিবিৰ ঘেৰাও দুই শতাধিক খাচিৰ

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: অসম–মেঘালয়ৰ সীমা সমস্যা আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ প্রচেষ্টা অব্যাহত ৰখাৰ সময়তে মঙলবাৰে দুয়োখন ৰাজ্যৰ সীমান্তৰ পশ্চিম কার্বি আংলঙত সৃষ্টি হ’ল উত্তেজনা৷ জিলাখনৰ উমলাফেৰত শিবিৰ অৰু বাংকাৰ ধ্বংস কৰাক কেন্দ্র কৰিয়েই এই উত্তেজনাৰ সৃষ্টি হয় বুলি জানিব পৰা গৈছে৷ অঞ্চলটোৰ এজন খাচি লোকক অসম আৰক্ষীৰ এজন কনিষ্টবলে দুর্ব্যৱহাৰ কৰাৰ অভিযোগতে দুই শতাধিক খাচি লোকে শিবিৰটো ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ উত্তেজিত খাচি লোকসকলে অসম আৰক্ষীয়ে স্থাপন কৰা তালাচী চকীৰ বাংকাৰ পর্যন্ত ভাঙি চূৰমাৰ কৰে৷

ইপিনে, উক্ত ঘটনাৰ খবৰ লাভ কৰি জিলা আৰক্ষী অধীক্ষকৰ লগতে আৰক্ষী বাহিনী উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হয়৷ অৱশ্যে মেঘালয়ৰ তৰফৰ পৰাও আৰক্ষী বাহিনী বিবদমান সীমান্ত অঞ্চললৈ ৰাওনা হয়৷ পৰৱর্তী সময়ত মেঘালয় চৰকাৰ আৰু খাচি লোকৰ হেঁচাত উক্ত আৰক্ষী তালাচী চকীটো অসমৰ ভূমিৰ পৰাই উঠাই প্রায় ৪০ কিঃমিঃ ভিতৰলৈ উলুকুঞ্চি নামৰ স্থানলৈ স্থানান্তৰ কৰিবলগীয়া হয়৷

উল্লেখ্য যে অসম–মেঘালয়ৰ সীমা সমস্যা সমাধানৰ ক্ষেত্রত সীমান্তৰ লোকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এই পহৰা চকীখন স্থাপন কৰা হয় যদিও খাচি লোকৰ উদ্ভণ্ডালিৰ পৰিপ্রেক্ষিতত সেই স্থানৰ পৰা পহৰা চকীখন স্থানান্তৰ কৰিবলগীয়া হৈছে বুলি একাংশ স্থানীয় লোকে ব্যক্ত কৰিছে৷

সম্প্রতি অসম–মেঘালয় সীমান্তৰ উমলাফেৰ অঞ্চলটো শান্ত হৈ আছে যদিও স্থানীয় ৰাইজৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰিছে৷ বর্তমানলৈ ঘটনাস্থলীত মেঘালয় আৰক্ষীয়ে পহৰা দি আছে৷ পশ্চিম কার্বি আংলং আৰক্ষীয়ে শিবিৰটো সম্পূর্ণৰূপে স্থানান্তৰ নকৰালৈকে মেঘালয় আৰক্ষীয়ে এই স্থান এৰি নোযোৱাৰ কথা প্রকাশ কৰিছে মেঘালয় অৰক্ষীয়ে৷ বাতৰি সংগ্রহ কৰিবলৈ যোৱা সাংবাদিককো বাধা দিয়ে মেঘালয় আৰক্ষীয়ে৷

You might also like