নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিলিটাৰত ৪ টকাকৈ দাম বৃদ্ধি গাখীৰৰ; ১ আগষ্টৰ পৰা প্রতিলিটাৰত পাইকাৰী মূল্য হ’ব ৫৪ টকা

নিয়মীয়া বাৰ্তা, ২৬জুলাই: কেন্দ্রীয় চৰকাৰে পেকেটযুক্ত গাখীৰ–দৈ আদিৰ ওপৰত ৫ শতাংশ জি এছ টি আৰোপ কৰাৰ পাছতে এইবাৰ প্রতিলিটাৰ গাখীৰৰ দাম বৃদ্ধিৰ সিদ্ধান্ত লৈছে গো–পালক সন্থাই৷ আজি সোণাপুৰত এখন সংবাদ মেলযোগে বৃহত্তৰ গুৱাহাটী গো–পালক সন্থাই গাখীৰৰ মূল্য ৪ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে৷ মূলতঃ পশুখাদ্যৰ দাম বৃদ্ধিৰ অজুহাতত গাখীৰৰ মূল্যবৃদ্ধি কৰিবলৈ বাধ্য হৈছে বুলি জানিবলৈ দিয়ে গো–পালক সন্থাই৷ সেই অনুসৰি ১ আগষ্টৰ পৰা প্রতিলিটাৰ গাখীৰৰ পাইকাৰী দাম ৫৪ টকা হ’ব৷

উল্লেখ্য যে বর্তমান গুৱাহাটী মহানগৰীৰ লগতে অন্য চহৰত প্রতিলিটাৰ খুচুৰা গাখীৰৰ দাম ৬০ টকাকৈ আৰু পেকেটযুক্ত গাখীৰৰ দাম ৬২ টকাকৈ বিক্রী হৈ আছে৷ গাখীৰৰ এনে মূল্যবৃদ্ধিৰ ফলত খুচুৰা গাখীৰৰ প্রতিলিটাৰৰ দাম বৃদ্ধিৰ সম্ভাৱনা আছে৷ গো–পালক সন্থাই বিগত দুবছৰ পূর্বে পশুখাদ্যৰ দাম বৃদ্ধিৰ অজুহাতত প্রতিলিটাৰৰ গাখীৰৰ পাইকাৰী মূল্য ২ টকাকৈ বৃদ্ধি কৰিছিল৷ পুনৰ ৪ টকাকৈ প্রতিলিটাৰ গাখীৰৰ দাম বৃদ্ধি কৰাৰ ফলত সাধাৰণ গ্রাহকৰ ওপৰত যথেষ্ট প্রভাৱ পৰিব৷ গাখীৰৰ এই মূল্যবৃদ্ধিয়ে মিঠাইৰো দাম ২–৩ টকাকৈ বৃদ্ধিৰ সম্ভাৱনাৰ কথা ইতিমধ্যে স্পষ্ট কৰিছে মহানগৰীৰ মিঠাই বিক্রেতা প্রতিষ্ঠানসমূহে৷

গো–পালক সন্থাই এই সন্দর্ভত উল্লেখ কৰে যে ক’ভিড পৰিস্থিতিৰ পাছতে গৰুৰ খাদ্য–সামগ্রীৰ লগতে অন্যান্য সামগ্রীৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ বর্তমান পৰিস্থিতিত গো–পালন কৰি গাখীৰ বিক্রী কৰাটো যথেষ্ট খৰচী হৈ পৰাৰ লগতে দৈনন্দিন জীৱনতো গো–পালকসকলৰ সমস্যা বৃদ্ধি কৰিছে৷ সমান্তৰালভাৱে একাংশ কোম্পানীয়ে পেকেট গাখীৰ বিক্রীৰ নামত দাম বৃদ্ধি কৰাৰ ফলত প্রভাৱ পৰিছে খুচুৰা গাখীৰ বিক্রেতাসকলৰ মাজত৷ এনে সকলো দিশ সামৰিয়েই গাখীৰৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈছে গো–পালক সন্থাই৷ ইফালে এই দাম বৃদ্ধিৰ পাছত খুচুৰা গাখীৰৰ মূল্য প্রতিলিটাৰত কিমান হ’ব, তাক নির্ধাৰণ কৰিবলৈ কাইলৈ আন এখন সভা অনুষ্ঠিত হ’ব খুচুৰা বিক্রেতাসকলৰ মাজত৷ কার্যতঃ ১ আগষ্টৰ পৰা যে প্রতিলিটাৰ গাখীৰৰ মূল্য অধিক হাৰত বৃদ্ধি পাব সেয়া নিশ্চিত হৈ পৰিছে৷

You might also like