নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত মাজনিশা বিধ্বংসী অগ্নিকাণ্ড,লক্ষ্যাধিক টকাৰ সম্পত্তি ভস্মীভূত

নিয়মীয়া বাৰ্তা, ২৬জুলাই: কালি মাজনিশা পুনৰ ডিব্ৰুগড়ৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড।এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ডিব্ৰুগড় চহৰৰ ব্যৱসায়ীক প্ৰানকেন্দ্ৰ নতুন বজাৰত।জানিব পৰা মতে যোৱা নিশা প্ৰায় ২ বজাত শ্বৰ্ট চাৰ্কিটৰ ফলত ডিব্ৰুগড়ৰ শিৱ শংকৰ ষ্টোৰ নামৰ এখন অতি পুৰণি ষ্টেচনাৰী ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। ব্যৱসায়িক প্ৰতিষ্ঠান আৰু আবাসগৃহ লগতে থকা প্ৰতিষ্ঠান খনত মাজনিশা অগ্নিকাণ্ড সংঘটিত হোৱাত এক হোৱা দোৱা পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে দুটাকৈ চিলিণ্ডাৰ বিষ্ফোৰণ হৈ সমগ্ৰ ঘৰটোত জুই বিয়পি পৰে। কিন্তু অগ্নি নিৰ্বাপক বাহিনী আৰু এচডিআৰএফ বিভাগৰ লোকে যুদ্ধকালীন তৎপৰতাৰে প্ৰায় ৩ ঘন্টামানৰ ভিতৰত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।যাৰবাবে ব্যৱসায়িক প্ৰাণকেন্দ্ৰ নতুন বজাৰ এক সম্ভাব্য ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিবলৈ সক্ষম হয়।উক্ত অগ্নিকাণ্ডত দুজন লোকো আহত হয় বুলি জানিব পৰা গৈছে।অৱশ্যে ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই যদিও বহু লক্ষ্যাধিক বুলি অনুমান কৰা হৈছে।উল্লেখযোগ্য যে যোৱা মাৰ্চ মাহটো ডিব্ৰুগড়ৰ চহৰৰ নতুন বজাৰত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় ১৪খন ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলি চাৰখাৰ হোৱা লগতে কেইবাকোটি টকা সম্পত্তি বিনস্ত হৈছিল।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like