নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত লোক কল্যাণ দিৱস আৰু কৃষক মেলাৰ অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা

গোপীনাথ বৰদলৈৰ মৃত্যু তিথিত কংগ্ৰেছে গ্ৰহণ কৰা প্ৰতিবাদক সমালোচনা

নিয়মীয়া বাৰ্তা,৫ আগষ্টঃসমগ্ৰ ৰাজ্যখনৰ লগতে মাজুলী জিলাতো আজি জিলা প্ৰশাসনৰ উদ্যোগত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ‘লোক কল্যাণ দিৱস ” পালন কৰা হয়। এই উপলক্ষে আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয় স্থানীয় খনাচুকৰ শ্ৰী শ্ৰী মাধৱদেৱ কলা কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত । সভাখনত মূখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কৃষি বিভাগ, পশুপালন, সীমা সুৰক্ষা আৰু অসম চুক্তি ৰূপায়ন বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়া । সভাখনি আঁত ধৰে সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত তথ্য আৰু জনসংযোগ বিষয়া দেৱ নাৰায়ণ হাজৰিকাই ।সভাৰ আদৰণি ভাষণ আগবঢ়াই জিলা উপায়ুক্ত শ্ৰী যুত পুলক মহন্তই।

সভাৰ আৰম্ভণিৰ পূৰ্বে মাননীয় মন্ত্ৰী গৰাকীয়ে প্ৰেক্ষাগৃহৰ সন্মূখত স্বাধীনতাৰ 75 বছৰ সম্পুৰ্ণ হোৱা উপলক্ষে সমগ্র দেশৰ লগতে অসমতো অহা 13 আগষ্টৰ পৰা 15 আগষ্ট লৈ পালন কৰিবলগীয়া “ঘৰে ঘৰে জাতীয় পতাকা” শীৰ্ষক কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যেৰে তথা জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে জিলা প্ৰশাসনে সজাই তোলা “ত্ৰিৰংগা বাহন” আনুষ্ঠানিক ভাৱে মুকলি কৰে লগতে অস্থায়ীভাৱে আত্মসহায়ক গোট সমূহে স্থাপন কৰা কৃষি বিপনী সমূহ পৰিদৰ্শন কৰে। ইয়াৰ পাছত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন ও পুষ্পাঞ্জালি অৰ্পণ কৰে। মৰম মাজুলীৰ প্ৰকল্পৰ অধীনত জিলাখনৰ বিশেষভাৱে সক্ষম ১৫ জন শিশুক উপহাৰ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মাজুলী বিধান সভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী যুত ভূবন গাম ডাঙৰীয়াই কৃষি, মীন পালন আদিৰ জৰিয়তে কেনেদৰে স্বাৱলম্বী হব পাৰি সেই সম্পৰ্কে বিশেষ ভাবে বক্তব্য আগবঢ়ায়। সভাত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শ্ৰী যুত মণি ৰাম শইকিয়া,জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰী শ্ৰী যুত হিৰণ বৰাক নিঃস্বাৰ্থ, নিয়মানুৱৰ্তীতাৰেসমগ্ৰ জীৱন সেৱা আগবঢ়োৱাৰ বাবে জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে মাননীয় মন্ত্ৰী শ্ৰী যুত অতুল বৰা দেৱে। উক্ত বঁটাত এখন মানপত্ৰ, এখন গামোচা, অসম চৰকাৰে বেংক একাউণ্ট যোগে প্ৰদান কৰা পঁচিছ হাজাৰ টকা আৰু এবছৰৰ বাবে চাকৰিৰ ম্যাদ বৃদ্ধি কৰা হয়।ইয়াৰ উপৰিও জিলাখনৰ ছয় জন চতুৰ্থ বৰ্গৰ কর্মচাৰীক খাদী বস্ত্ৰ বিতৰণ,মহিলা আৰু শিশু উন্নয়ন বিভাগৰ তৰফৰ পৰা নিৰ্বাচিত হোৱা জিলাখনৰ পাঁচ জন শিশুক স্বাস্থ্যবান শিশুৰ বটা প্ৰদান, আশা কৰ্মী সন্মান, কৃষক আৰু মীন পালক সন্মান , শিপিনী সন্মান আৰু চিত্ৰাংকন প্ৰতিযোগিতা আদিৰ পুৰস্কাৰ বিতৰণ কৰে সভাত উপস্থিতি থকা বিশিষ্ট অতিথি সকলে। ইয়াৰ উপৰিও জিলা প্ৰশাসনে ব্যতিক্ৰমী চিন্তাৰে গ্ৰহণ কৰা ধ্বজাবাহী প্ৰকল্প যেনে “আমাৰ মাজুলী” “আমাৰ মাজুলী আমাৰ গাঁও” “হালধীয়া মাজুলী” “মৰম মাজুলী” “শিক্ষা সম্পৰ্ক অভিযান”ৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী যুত অতুল বৰা ডাঙৰীয়াই। উক্ত সভাত সন্মানীয় সত্ৰাধিকাৰসকল, আৰক্ষী অধীক্ষক শ্ৰী যুত গৌতম বৰা , জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া শ্ৰী যুতা দিতিমণি পেগু, অতিৰিক্ত উপায়ুক্ত শ্ৰী কাৰ্তিক কলিতা,অতিৰিক্ত উপায়ুক্ত শ্ৰী সঞ্জীৱ ফুকন, সহকাৰী আয়ুক্ত শ্ৰী ভৰত কোঁৱৰ, নিৰ্বাচনী বিষয়া শ্ৰী কেশৱানন্দ টাইড, খণ্ড উন্নয়ন বিষয়া শ্ৰী গৌৰঙ্গ দত্ত, শ্ৰী ৰোহিতেশ্বৰ শইকীয়া, মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়া, সাংবাদিক সকল, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল, আত্মসহায়ক গোট সমূহৰ সদস্যসকল, জিলাখনৰ সচেতন নাগৰিক আৰু কৃষক সকল উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়াই অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ ফুকনে। শেষত ৰাষ্ট্ৰীয় সংগীতেৰে সভাৰ সামৰণি পৰে।

You might also like