বোকাখাতত ‘অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু ৰেহাই আঁচনি, ২০২১’ৰ অধীনত হিতাধিকাৰীক চেক বিতৰণ মন্ত্ৰী অতুল বৰাৰ
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰী: অসম চৰকাৰৰ বিত্ত বিভাগ আৰু বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত বোকাখাতস্থিত নাট্যমন্দিৰত আয়োজিত এক অনুষ্ঠানত আজি ১১ জানুৱাৰী তাৰিখে “অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনি ২০২১”ৰ অধীনত নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকা ‘ক্ষীপ্ৰ আদায়কাৰী শিতান’ৰ প্ৰথম শ্ৰেণীৰ ৩০০ গৰাকী হিতাধিকাৰীৰ মাজত চেক্ বিতৰণ কৰা হয়। আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই আনুষ্ঠানিক ভাৱে ৩০ গৰাকী মহিলাক চেক্ প্ৰদান কৰি মহকুমাখনত আঁচনিখনৰ শুভাৰম্ভ কৰে।অসম মাইক্ৰ’ ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ অধীনত বোকাখাত মহকুমাখনৰ মুঠ ৬২৪৩ গৰাকী হিতাধিকাৰী উপকৃত হ’ব ।![]()

উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে দায়িত্ব লোৱাৰ পাছৰপৰাই মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । তেওঁ উল্লেখ কৰে যে মহিলাসকল স্বাৱলম্বী হ’লে সমাজখন আগবাঢ়ি যাব পাৰিব। তেখেতে মহিলাসকলক ঋণ লৈ উৎপাদনমুখী কামত ব্যৱহাৰ কৰাৰ লগতে মহিলাসকলক ভৱিষ্যতে ঋণ লৈ সময়মতে পৰিশোধ কৰিবলৈ আহ্বান জনায় ।মন্ত্ৰীগৰাকীয়ে সকলো যোগ্য ব্যক্তিক কভিড-১৯ৰ সুৰক্ষাসূচক পালি গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় । আজিৰ অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় বোকাখাত মহকুমাৰ মহকুমাধিপতি ডা:নেহা যাদৱে আৰু শলাগৰ শৰাইৰ আগবঢ়ায় বোকাখাত নিৰ্বাচনী বিষয়া পৰিস্মীতা দিহিঙ্গীয়াই। আজিৰ চেক বিতৰণ অনুষ্ঠানত বোকাখাত মহকুমাৰ বিষয়া-কৰ্মচাৰীসকলৰ উপৰিও বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত থাকে।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বোকাখাতস্থিত আম্বেদকাৰ ভৱনত বোকাখাত মহকুমা কল্যাণ বিষয়া কাৰ্যালয় আৰু বোকাখাত মহকুমা অনুসূচীত জাতি উন্নয়ন পৰিষদৰ সৌজন্যত আয়োজন কৰা এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে অনুসূচীত জাতিৰ হিতাধিকাৰীসকলৰ মাজত স্প্ৰে মেচিন,প্ৰেছাৰ কুকাৰ আৰু গেছ ষ্টোভ,হস্ততাঁত আৰু চিলাই মেচিন বিতৰণ কৰে ।
Ceremonially distributed cheques to 300 beneficiaries under the Assam Microfinance Incentive and Relief Scheme in Bokakhat today.
Total 6,243 women microfinance borrowers of Bokakhat will get financial reliefs under the scheme. pic.twitter.com/ol8yQSnjzz
— Atul Bora (@ATULBORA2) January 11, 2022