নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলাক্ষেত্ৰত তিনি বিভাগৰ ৫৪৬ গৰাকী নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশস্বৰূপে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ২১৮গৰাকী সহকাৰী অভিযন্তা, জনস্বাস্থ্য কৰিকৰী বিভাগত ১৫৫গৰাকী কাৰিকৰী বিষয়া, সাধাৰণ প্ৰশাসন বিভাগত ১৭৩গৰাকী কনিষ্ঠ প্ৰশাসনীয় সহায়কক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে।

অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী নৱনিযুক্ত যুৱক-যুৱতীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি তেওঁলোকক প্ৰশাসনলৈ নতুন কৰ্ম সংস্কৃতি অনাৰ লগতে সময়মতে ৰাইজক সেৱা প্ৰদানৰ নিশ্চয়তা প্ৰদান কৰিবলৈ আহ্বান জনায়।

অহা বছৰৰ পৰা অভিযন্তাসকলক বছৰত এবাৰকৈ এটা পৰীক্ষাৰ জৰিয়তে নিযুক্তি প্ৰদান কৰা হ’ব আৰু তেওঁলোকক তেওঁলোকৰ পছন্দ অনুসৰি বিভিন্ন বিভাগত নিযুক্তি দিয়া হ’ব। জনস্বাস্থ্য কৰিকৰী বিভাগৰ কাৰিকৰী বিষয়াসকল জল জীৱন মিছন ৰূপায়ণৰ দায়িত্বত নিয়োজিত থাকিব। নৱনিযুক্ত কনিষ্ঠ প্ৰশাসনীয় সহায়কসকলে জনতা ভৱনৰ কাৰ্যপ্ৰণালী বৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াব। লগতে অহা ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া জনতা ভৱনৰ সকলো অমীমাংসিত ফাইলৰ কাম সমাধা কাৰ্যৰ বাবে সকলো কৰ্মচাৰীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে উক্ত অনুষ্ঠানত মন্তব্য কৰে।

অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অহা ১০ মে’ৰ ভিতৰত ৰাজ্যত ১ লাখ চাকৰি দিয়াৰ লক্ষ্যৰে সকলো প্ৰয়োজনীয় পদক্ষেপ অসম চৰকাৰে গ্ৰহণ কৰাৰ কথা পুনৰবাৰ উল্লেখ কৰে।

উল্লেখ্য যে আজিৰ অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আৰু সঞ্জয় কিষাণো উপস্থিত আছিল।

You might also like