বোকাখাতস্থিত পানবাৰী নিগম চৌহদত মিছন অমৃত সৰোবৰ আঁচনিৰ আধাৰশিলা স্থাপন কৃষিমন্ত্ৰী অতুল বৰাৰ
এন আৰ এল ৰ সৌৰসক্তি শীতল ভঁৰাল প্ৰদান
নিয়মীয়া বার্তা, ১৮,ছেপ্টেম্বৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বোকাখাতস্থিত পানবাৰী নিগম চৌহদত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত অতুল বৰাদেৱে মিছন অমৃত সৰোবৰ আঁচনিৰ নিৰ্মান কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। সমান্তৰালকৈ নিগম চৌহদত নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ (Numaligarh Refinery Limited) দ্বাৰা দুটাকৈ সৌৰশক্তি চালিত শীতল ভঁৰালৰ নিৰ্মান কৰি উলিওৱা এটিৰ শুভ উদ্বোধন কৰে মাননীয় মন্ত্ৰীগৰাকীয়ে আৰু আন এটিৰ শুভ উদ্বোধন কৰে নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ পৰিচালন সঞ্চালক শ্ৰী ভাস্কৰজ্যোতি ফুকনদেৱে।
উক্ত অনুষ্ঠানত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আজিৰ দিনটোত অসমৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাট জিলাতো মিছন অমৃত সৰোবৰ আঁচনিৰ নিৰ্মান কাৰ্যৰ আনুষ্ঠানিক ভাৱে আধাৰশিলা স্থাপন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত কয় লগতে মন্ত্ৰীগৰাকীয়ে দেশৰ দূৰদৰ্শী আৰু শক্তিশালী মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে সকলোৰেহৈ তেখেতক শুভেচ্ছা জ্ঞাপন কৰে।
অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এই আঁচনি মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত অসমৰ প্ৰতিখন জিলাত সফল ভাৱে ৰূপায়িত হ’ব বুলি উল্লেখ কৰে। তেওঁ আৰু কয় যে, এই আঁচনিৰ অধীনত প্ৰতিখন জিলাত ৭৫ টাকৈ অমৃত সৰোবৰ পুখুৰী খন্দাৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে বিজ্ঞানসন্মত ভাৱে মীন পালনৰ লগতে পুখুৰী পাৰত মূল্যবান বৃক্ষৰোপণৰ ব্যৱস্থা কৰা হ’ব। এই অমৃত সৰোবৰ পুখুৰীয়ে আগন্তুক দিনত ৰাজ্যখনৰ গ্ৰাম্য অর্থনীতিৰ ভেটি শক্তিশালী কৰাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তদুপৰি দুটাকৈ সৌৰশক্তি চালিত শীতল ভঁৰাল স্থাপন কৰাৰ বাবে নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ (Numaligarh Refinery Limited) কৰ্তৃপক্ষক মন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা আৰু ধন্যবাদ জনায় লগতে তেওঁ কয় আমাৰ ৰাজ্যখন কৃষি প্ৰধান ৰাজ্য আৰু এই দুটা শীতল ভঁৰালৰ জৰিয়তে অঞ্চলটোৰ কৃষক সকল যথেষ্ট উপকৃত হ’ব।
আজিৰ এই অনুষ্ঠানত গোলাঘাটৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক কাজল শইকীয়া, মহাপ্ৰবন্ধক মিণ্টু সন্দিকৈ, জিলা গ্ৰাম্য উন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, গোলাঘাট জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া এলিনা পেগু দলে, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাকে প্ৰমুখ্য কৰি মহকুমা প্ৰশাসনৰ বিষয়াসকল, বিভিন্ন দল- সংগঠনৰ প্ৰতিনিধি, নিমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল, সংশ্লিষ্ট বিভাগৰ বিষয়াসকল, আত্মসহায়ক গোটৰ সদস্য আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
এই অনুষ্ঠানৰ অন্তত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত বোকাখাতৰ সাপজুৰি বঙালীগাঁৱৰ কৃষ্ণ তাঁতী আৰু তিলকা ভূমিজৰ আৱাস নিৰ্মাণকাৰ্যৰ শুভ উদ্বোধন কৰে।