নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাত স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ ৭৫ফুট ওখ প্ৰতিমূৰ্তিৰ শুভ উদ্বোধন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ সদৌ টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতি আৰু নাজিৰা মহকুমা সমিতিৰ উদ্যোগত নাজিৰা নগৰত নিৰ্মাণ সম্পূৰ্ণ কৰা  ৭৫ ফুট উচ্চতাৰ চাউলুং চুকাফা প্ৰতিমূৰ্তিটো উন্মোচন কৰে অসম চৰকাৰৰ বিত্ত স্বাস্থ্য শিক্ষা তথা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

উল্লেখ্য যে উত্তৰপূৰ্বাঞ্চলৰ ভিতৰতে  চাউলুং চুকাফাৰ  এইটোৱে হব আটাইতকৈ ডাঙৰ প্ৰতিমূৰ্তি ৷ ২০১৪ চনৰ পৰা নাজিৰা নগৰৰ পথৰ দাঁতিতেই নিৰ্মাণ কৰি থকা হৈছিল এই প্ৰতিমূৰ্ত্তিটো।

আজি এই চাউলুং চুকাফা প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত ১০১ গৰাকী  তাই পোৰোহিত আৰু ১২০০ জন ভকত বৈষ্ণৱৰ উপস্থিতত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে। তেওঁ টুইটযোগে কয়, ‘নাজিৰাত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত নিৰ্মিত ঐক্য, সম্প্ৰীতিৰ প্ৰতীক, বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ ৭৫ফুট ওখ প্ৰতিমূৰ্তিৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছো ৷অনুষ্ঠানত মন্ত্ৰী শ্ৰী যোগেন মহন, সাংসদ শ্ৰী কামাখ্যা প্ৰসাদ তাছা আৰু একাংশ মাননীয় বিধায়ক উপস্থিত আছিল ৷’

You might also like