নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনেদৰে জানিব আপোনাৰ ফেচবুক প্ৰফাইল কোনে খুচৰিছে…

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ ফেচবুক বৰ্তমান সময়ত সকলোতকৈ জনপ্ৰিয় সামাজিক মাধ্যম। বিশ্বত ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে। বেছিভাগেই আজি দিনত ফেচবুকত অনলাইন থাকে বা থাকি ভাল পায়। কিন্তু কিছুমান লোক আছে যি আপোনাৰ প্ৰফাইল খুচৰি থাকে। আজি এনে এটা তথ্য দিব বিচাৰিছো যিটো কোনোবাই আপোনাৰ ফেচবুক প্ৰফাইল খুচৰিলে এটা বিশেষ প্ৰক্ৰিয়াৰে জানিব পাৰিব।

জানো আহক প্ৰক্ৰিয়াটোঃ
প্ৰথমতে আপুনি আপোনাৰ ফেচবুক ম’বাইলৰ পৰিৱর্তে ডেস্কটপ বা লেপটপত লগইন কৰক। তাৰ পাছত আপোনাৰ টাইমলাইনলৈ যাওক। তাৰ পাছত আপোনাৰ keybordত Ctrl+U টিপক। টিপাৰ পিছতে আপোনাৰ টাইমলাইনত বহু আখৰ দেখিবলৈ পাব। এতিয়া Ctrl+F টিপক। টিপাৰ পিছতে সোঁফালে ওপৰত এটা সৰু বক্স দেখা পাব। এতিয়া তাত আপুনি BUDDY_ID বুলি টাইপ কৰি ENTER মাৰক। ইয়াৰ লগে লগে আপুনি দেখিবলৈ পাব বহুত BUDDY_ID. আইডিবোৰৰ ওপৰত হালধীয়া ৰং এটি থাকিব। আৰু BUDDY_ID বোৰৰ কাষত দেখিবলৈ পাব ১৫টা সংখ্যাৰ এটি নম্বৰ।

এই নম্বৰবোৰ হৈছে শেহতীয়াভাৱে আপোনাৰ প্ৰ’ফাইল খুচুৰা লোকৰ আইডি নম্বৰ। এতিয়া তাৰে যিকোনো এটা BUDDY_ID নম্বৰ (কেৱল নম্বৰটোহে) COPY কৰক। তাৰ পিছত New Tab এটা লৈ তাত facebook.com/আপুনি copy কৰা নম্বৰটো Paste কৰক আৰু Enter মাৰক। এতিয়া যিজন লোকৰ ফে’চবুক প্ৰ’ফাইল খোল খাই সেইজনেই আপোনাৰ প্ৰফাইল খুচুৰা মানুহ। এতিয়া অন্য এটা BUDDY_ID COPY কৰি পুনৰ একে নিয়মেৰে Paste কৰক। এনেদেৰে যিমান BUDDY_ID নম্বৰ দেখিবলৈ পাব, সেইবোৰেই হৈছে শেহতীয়াভাৱে আপোনাৰ প্ৰফাইল খুচুৰা লোক।

You might also like