নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ জোৰদাৰ প্ৰচাৰ মন্ত্ৰী পীয়ূষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ। আকৰ্ষণীয় হৈ উঠিছে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। সমান্তৰালকৈ দলীয় প্ৰাৰ্থীৰ হৈ জোৰদাৰ প্ৰচাৰত নামিছে মন্ত্ৰী পীয়ূষ হাজৰীকা। অহা এপ্ৰিল মাহৰ ১৯ তাৰিখে হ’ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। তাকে লৈ ব্যস্ততাৰ অন্ত নাই মন্ত্ৰী হাজৰীকাৰ। বিজেপিক সবল নেতৃত্ব দিবলৈ যোৰহাটৰ পৰা আৰম্ভ কৰে প্ৰচাৰ অভিযান। যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ বজ্ৰকণ্ঠে প্ৰচাৰ চলায় মন্ত্ৰীগৰাকীয়ে। বিজেপিৰ ৰাজ্যিক উপ-সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত ১৭ মাৰ্চত যোৰহাটত হয় বৃহৎ যোগদান কাৰ্যসূচী। প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সু-নেতৃত্বৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে দুই সহস্ৰাধিকে। ইপিনে উক্ত দিনাই মৰিয়নি বিধানসভা সমষ্টিৰ প্ৰায় ৫০০গৰাকী বিভিন্ন দলৰ নেতা-কৰ্মী আৰু ব্যক্তিয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী হাজৰীকাই ঘোষণা কৰে ‘অব কী বাৰ ৪০০ পাৰ’। কেৱল ইমানেই নহয় নিৰ্বাচনী প্ৰচাৰৰ মাজতে মৰিয়নি বিধানসভা সমষ্টিৰ নামচেচুৰ বিজেপিৰ অন্যতম জ্যেষ্ঠ কাৰ্যকৰ্তা সূৰ্য্য কুৰ্মী আৰু তেওঁৰ পৰিয়ালক তেওঁৰ বাসগৃহত গৈ সাক্ষাতো কৰে মন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনী প্ৰচাৰেই নহয় অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰতো আগৰণুৱা পীয়ূষ হাজৰীকাই বিষ্ণুজ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠী চেলেংহাটৰ উদ্যোগত আৰু সমূহ চেলেংহাট আৰু টীয়কবাসীৰ সহযোগত চেলেংহাটত আয়োজিত “সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা-২০২৪”ত ভক্তপ্ৰাণ ৰাইজৰ সৈতে উপস্থিত থাকে। চাওতাল সমাজৰ উলাহৰ পৱিত্ৰ “বাহা পৰৱ” উৎসৱত চেলংহাট আঞ্চলিক চাওতাল উন্নয়ন সন্থাৰ উদ্যোগত আয়োজিত অনুষ্ঠানতো উপস্থিত থাকি চাওতালসকলক সন্মান প্ৰদৰ্শন কৰে মন্ত্ৰী পীয়ূষ হাজৰীকাই। ইয়াৰ পিছত শিৱসাগৰ। যাত্ৰাৰ সময়ত যোৰহাটৰ মেলেং মেটেলি গাঁৱত অনুষ্ঠিত একশৰণ ভাগৱতী সমাজ অসমৰ যোৰহাট জিলা শাখাৰ ৪৪তম্ বাৰ্ষিক পালনাম কাৰ্যসূচীত সেৱা আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে। তাৰ পাছতেই ডিমৌৰ পাৰিজাত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বৃহৎ যোগদান কাৰ্যসূচী। যোগদান কাৰ্যসূচীত ব্লক কংগ্ৰেছৰ কাৰ্যবাহী সভাপতি আদিকে ধৰি প্ৰায় ৭০গৰাকীৰো অধিক ব্যক্তিয়ে বিজেপিত যোগদান কৰে। তেওঁ ভাষণত কয় আমাৰ লক্ষ্য কেৱল ৪০০ পাৰ কৰাই নহয় আমাৰ লক্ষ্য ৰাইজৰ উন্নতি তথা ৰাজ্যৰ উন্নতি। নৰেন্দ্ৰ মোদীক ৩য়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দেশবাসীয়ে পাব বিচাৰিছে বুলি মন্ত্ৰী হাজৰীকাই কয়। কেৱল নিৰ্বাচনী প্ৰচাৰেই যে কৰিছে তেনে নহয় শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপিৰ নতুন কাৰ্যালয়ো মুকলি কৰে তেওঁ। ইপিনে চৰাইদেউ জিলা বিজেপি কার্যালয়ৰ বাকৰিতো তিনিশৰো অধিক ব্যক্তিয়ে বিজেপিত যোগদান কৰে মন্ত্ৰী হাজৰীকাৰ উপস্থিতিত। বিজেপিৰ দ্বাৰা আয়োজিত বিশাল বাইক ৰেলীত প্ৰায় ৮০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে। সমান্তৰালকৈ বৰাক উপত্যকাতো বাজিছে নিৰ্বাচনী ৰণডংকা। উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে চলায় লোকসভা নিৰ্বাচনৰ প্ৰচাৰ। দলৰ পৰিকল্পনা, নিৰ্বাচনী ৰণকৌশল তথা সামগ্ৰিক প্ৰস্তুতি সন্দৰ্ভত কৰে বিশদভাৱে আলোচনা কৰে। আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰজোঁটৰ কৰিমগঞ্জ লোকসভাৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ কৰিমগঞ্জৰ গিৰিশগঞ্জত চলায় প্ৰচাৰ। উপস্থিত সকলোকে দেশৰ হকে, বিকাশ আৰু উন্নয়নৰ হকে বিজেপিক ভোটদান কৰিবলৈ আহ্বান জনায় মন্ত্ৰী হাজৰীকাই। হাইলাকান্দি জিলাতো লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি। হাইলাকান্দি টাউন হলত আয়োজিত যোগদান কাৰ্যসূচীত আনুষ্ঠানিকভাৱে যোগদান কৰে প্ৰায় ৫০০ ন-কাৰ্যকৰ্তাই। সকলোকে উষ্ম আদৰণি জনায় মন্ত্ৰীগৰাকীয়ে। আকৌ এবাৰ মোদী চৰকাৰ ধ্বনিৰে হাইলাকান্দি জিলা বিজেপিৰ উদ্যোগত লালাত আয়োজিত এখনি নিৰ্বাচনী জনসভা সম্বোধন কৰে মন্ত্ৰী হাজৰীকাই। বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ মাজতে কেইবাগৰাকীও জ্যেষ্ঠ দলীয় সতীৰ্থৰ সৈতে কাটিগড়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমৰ চান্দ জৈনৰ বাসগৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে মন্ত্ৰী হাজৰীকাই। জনগণৰ বিপুল উছাহ-আগ্ৰহৰ মাজেৰে কাটিগড়া সমষ্টিৰ সৈদপুৰ আমতলা মাঠত অনুষ্ঠিত নিৰ্বাচনী জনসভা সম্বোধন কৰে মন্ত্ৰী হাজৰীকাই। বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যক বিপুল ভোটেৰে জয়ী কৰিবলৈ আহ্বান জনায় সকলোকে। এই সভাতেই প্ৰায় ২০০ আন আন দলৰ কৰ্মীয়ে বিজেপিত যোগদান কৰে। সমান্তৰালকৈ কাটিগড়া সমষ্টিৰ কুশিয়াৰকুলত অনুষ্ঠিত নিৰ্বাচনী জনসভা সম্বোধন কৰাৰ লগতে শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত কালাইন মণ্ডলৰ বিহাড়া বজাৰত ৰাইজৰ ব্যাপক উচাহ-উদ্দীপনাৰ মাজত এখনি বিশাল নিৰ্বাচনী জনসভা সম্বোধন কৰে মন্ত্ৰী পীয়ূষ হাজৰীকাই। এনেদৰে দিন ৰাতি একাকাৰ কৰি দলৰ স্বাৰ্থত ৰাজ্যবাসীৰ স্বাৰ্থত লোকসভা নিৰ্বাচনৰ জোৰদাৰ প্ৰচাৰত ব্যস্ত মন্ত্ৰী পীয়ূষ হাজৰীকা।

You might also like