নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱত চৰকাৰী মূল্যত সৰিয়হ ক্ৰয় কাৰ্য্যসূচীত অংশগ্ৰহণ ৰিণিকি ভূঞা শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ ৰাজ্যৰ কৃষক কললৈ এক সুখবৰ কঢ়িয়াই লৈ আহিছে বিজেপিৰ অসম ৰাজ্যিক কিষাণ মৰ্চাই। অসম ৰাজ্যিক কিষাণ মৰ্চাই চাংসাৰি আঠিয়াবৈ গাঁৱৰ কৃষকসকলৰ দ্বাৰা গঠিত “আকাংক্ষা” আৰু “ৰংমন” কৃষি গোটৰ সহযোগত আজি আমিনগাঁৱত এটা চৰকাৰী মূল্যত সৰিয়হ ক্ৰয় কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত অসম চৰকাৰৰ কৃষি বিভাগে চাংসাৰিৰ আকাংক্ষা কৃষি গোটৰ পৰা ২০০ কুইন্টল সৰিয়হ প্ৰতি কুইন্টলত ৫,৬৫০ টকাকৈ ক্ৰয় কৰে। প্ৰায় দুহেজাৰ বিঘা ভূমিত এই সৰিয়হ খেতি কৰিছিল আকাংক্ষা কৃষি গোটৰ কৃষকসকলে। চাংসাৰিৰ পৰা আজি আঠখন ট্ৰেক্টৰেৰে আমিনগাঁৱলৈ অনা হৈছিল এই সৰিয়হখিনি। আনহাতে চাংসাৰিৰ “ৰংমন” কৃষি গোটৰ পৰাও ১০০ বেগ সৰিয়হ ক্ৰয় কৰে কৃষি বিভাগে। এই চৰকাৰী মূল্যত সৰিয়হ ক্ৰয় কাৰ্য্যসূচীত উপস্থিত থাকে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মা। কাৰ্য্যসূচীত উপস্থিত থাকি তেওঁ কয় যে “অসমৰ কৃষকসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বিতাৰ ভাৰত তথা অসম গঢ়াৰ সপোন বাস্তৱত ৰূপায়িত কৰিব লাগিব”। তেওঁ আকাংক্ষা গোটৰ সদস্যসকলক এনেকুৱা স্বাৱলম্বিতাৰে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত ৰিণিকি ভূঞা শৰ্মাই নিজে ট্ৰেক্টৰ চলাই কৃষকসকলক উৎসাহিত কৰে। অসম চৰকাৰৰ কৃষি বিভাগে এনেকুৱা ধৰণে কৃষকৰ পৰা তেওঁলোকৰ উৎপাদিত সামগ্ৰী পোনপটীয়াভাবে উচিত মূল্যৰ বিনিময়ত ক্ৰয় কৰাৰ ফলত মধ্যভোগীয়ে সুবিধা লব নোৱাৰিব। আমিনগাঁও লোকনিৰ্মাণ বিভাগৰ অতিথিশালাৰ পৰা উক্ত সৰিয়হখিনি আমিনগাঁও এম এছ এম ই চৰকাৰী ভঁৰাললৈ অনা হয়। উক্ত স্থানতে ৰাজ্যৰ কৃষি বিভাগে সৰিয়হখিনি কৃষি আত্মসহায়ক গোট দুটাৰ পৰা চৰকাৰী নিৰ্দ্ধাৰিত মূল্যত ক্ৰয় কৰে। উক্ত কাৰ্য্যসূচীত বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্যৰ লগতে কিষাণ মৰ্চাৰ বহুতো বিষয়ববীয়া উপস্থিত থাকে।

প্ৰেৰক মুনীন ডেকা

You might also like