নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ অভিযোগনামা হতাশগ্ৰস্ততাৰ প্ৰতিফলন : অগপ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ মাৰ্চঃ কংগ্ৰেছ দল তথা তথাকথিত বিৰোধীৰ অভিযোগনামাত কংগ্ৰেছ দল তথা বিৰোধীৰ হতাশগ্ৰস্ততাৰ চূড়ান্ত প্ৰতিফলন ঘটিছে বুলি আজি অসম গণ পৰিষদ দলে কটাক্ষ কৰে। মহাঅভিযোগে পূৰ্বৱৰ্তী কংগ্ৰেছী চৰকাৰৰ ব্যৰ্থতা, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰকে আকৌ এবাৰ মনত পেলাই দিলে বুলি মন্তব্য কৰিছে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই। কংগ্ৰেছে পাহৰি গৈছে নিজে গঢ়া সেই কলংকিত ইতিহাস। অসমৰ উন্নয়ন আৰু বিকাশৰ অন্যতম বাধাৰ প্ৰাচীৰ আছিল কংগ্ৰেছ দল। কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনকালত অসমবাসীৰ স্বাৰ্থক জ্বলাঞ্জলি দিয়াৰ বাবেই ৰাজ্যখনে নিতৌ নতুন নতুন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। মিত্ৰজোঁটৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা প্ৰকাশ কৰাৰ পূৰ্বে কংগ্ৰেছ দলটোৱে ভাবি চোৱা উচিত দেশ আৰু ৰাজ্য শাসন কৰাৰ নামত কি আচৰণ কৰিছিল। অসমৰ দৰে ৰাজ্যখনে কংগ্ৰেছৰ শাসনকালত ৰাজপথত প্ৰাপ্য আদায়ৰ বাবে সদায়ে যুঁজ কৰি থাকিবলগীয়া হৈছিল। অসমত সন্মিলিত বিৰোধীৰ মহাযোট গঠন কৰিবলৈ যোৱা কংগ্ৰেছ বৰ্তমান প্ৰকৃততে নিঃসঙ্গ আৰু অস্তিত্বহীন দল হিচাপে পৰিগণিত হৈছে। কংগ্ৰেছৰ প্ৰতিটো কৰ্ম-কাণ্ড অসমৰ জাতীয় জীৱনৰ বাবে ক্ষতিকাৰক বুলি বিবেচিত হৈ আহিছে। দম্ভ-অহংকাৰ আৰু ভুলৰো এটা সীমা থকা উচিত। কংগ্ৰেছ দলটোৱে অনুধাৱন কৰা নাই যে ভুলৰ তালিকাখন কিমান দীঘলীয়া হ’ল। কংগ্ৰেছ দলৰ নীতিয়ে হল দমন, প্ৰলোভন আৰু বিভাজন। এই নীতিৰে কংগ্ৰেছে অসমৰ সমাজ জীৱন তচনচ কৰিলে। কংগ্ৰেছত হৈ থকা প্ৰৱল খহনীয়াই মহাঅভিযোগৰ ভিত্তি আছেনে বুলি প্ৰশ্ন কৰি লোকসভা নিৰ্বাচনৰ ১৪খন আসনতে মিত্ৰজোঁটৰ হাতত বিধ্বস্ত হ’বলৈ আৰু যে বেছি সময় নাই সেই কথা উপলব্ধি কৰা উচিত বুলি সোঁৱৰাই দিয়ে।

You might also like