নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগ্য ছাত্ৰ-ছাত্ৰীৰ জলপানি নিশ্চিত কৰিবলৈ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ গুৰুত্ব

🔹 খানাপাৰাত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ প্ৰশিক্ষণ কৰ্মশালা

🔹 কাৰিকৰী সমস্যাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীক কৰ্মচাৰীসকলে আন্তৰিকতাৰে সহায়ৰ হাত আগবঢ়াব লাগে: মন্ত্ৰী হাজৰিকা

বিশেষ বাৰ্তা, ২৪ আগষ্ট : অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি খানাপাৰাস্থিত প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ ব্যৱস্থাপনাত আয়োজিত বিভাগীয় নিৰ্বাচিত কৰ্মচাৰীসকলৰ এক বিশেষ এদিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আৰম্ভণী অনুষ্ঠানত অংশ লয় । উল্লেখ্য যে বিগত সময়ত ‘প্ৰি-মেট্ৰিক’ আৰু ‘প’ষ্ট-মেট্ৰিক’ এই দুটা শাখাত ভাৰত চৰকাৰে আগবঢ়াই অহা জলপানি আবেদন কৰাৰ সংখ্যাৰ ফালৰ পৰা অসম যথেষ্ট পিছপৰি আছিল । সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছতে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এই বিষয়টো দৃষ্টিগোচৰ হৈছিল আৰু বিভাগক এইক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছিল । বিভাগীয় পৰ্যালোচনাত মন্ত্ৰী হাজৰিকাই উপলব্ধি কৰিছিল যে কাৰিকৰী সমস্যাৰ বাবে বহু ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় প’ৰ্টেলত জলপানিৰ বাবে আবেদন কৰিবলৈ সক্ষম নহয় । এই অসুবিধা দূৰ কৰিবৰ বাবে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনীয় কাৰিকৰী সহায় কৰিবলৈ বিভাগীয়ভাৱে একাংশ কৰ্মচাৰীক ‘ফেচিলিটেটৰ’ হিচাপে দায়িত্ব প্ৰদান কৰা হৈছিল । আজি এইসকল কৰ্মচাৰীক বিভাগীয়ভাৱে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে । মন্ত্ৰী হাজৰিকাই আজি কৰ্মশালাৰ আৰম্ভণিত উপস্থিত থাকি কৰ্মচাৰীসকলক উদ্দেশ্যি কয় যে আমাৰ ৰাজ্যৰ অনুসূচিত জাতি, জনজাতি আৰু অনান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মুঠ সংখ্যাৰ বহু কমসংখ্যকেহে ৰাষ্ট্ৰীয় প’ৰ্টেলত জলপানিৰ বাবে আবেদন কৰে । শতাংশৰ ফালৰ পৰা ১৫ৰ পৰা ৩০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে আবেদন কৰে । ইয়াৰ মূলতে একাংশ ছাত্ৰ-ছাত্ৰীৰ মাজত কাৰিকৰী সুবিধা আৰু প্ৰয়োজনীয় সজাগতাৰ অভাৱ বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কৰ্মচাৰীসকলক এইক্ষেত্ৰত সহায়ক হিচাপে কাম কৰিবলৈ আহ্বান জনায় । নিৰ্দিষ্ট সময়ৰ ভিতৰত যোগ্য সকলো ছাত্ৰ-ছাত্ৰীয়ে যাতে ৰাষ্ট্ৰীয় প’ৰ্টেলত আবেদন কৰিবলৈ সক্ষম হয়, সেয়া সুনিশ্চিত কৰিবলৈও মন্ত্ৰীগৰাকীয়ে তেওঁলোকক ‘মিছন মোড’ত কাম কৰিবলৈ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিগত বৰ্ষত অসমৰ ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা জলপানিৰ মুঠ পৰিমাণ আছিল প্ৰায় ১৩২ কোটি টকা, এইবাৰ এই টকাৰ পৰিমাণ যাতে বৃদ্ধি হৈ প্ৰায় ৩০০ কোটি পৰ্যন্ত হ’ব পাৰে তাৰ বাবে সকলো যোগ্য ছাত্ৰ-ছাত্ৰীয়েই যাতে জলপানিৰ বাবে আবেদন কৰিব পাৰে, সেয়া আমি নিশ্চিত কৰিব লাগিব । আজিৰ এই অনুষ্ঠানত সামাজিক ন্যায় আৰু সবলীকৰণ, জনজাতি পৰিক্ৰমা (সমতল) বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহু, অনুসূচিত জাতি আৰু পিছপৰা জাতি কল্যাণৰ সঞ্চালক ড° কুলশ্ৰী নাথ, জনজাতি পৰিক্ৰমা (সমতল)ৰ সঞ্চালক ভৱানী প্ৰসাদ শৰ্মা আৰু বিভাগৰ আন বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল ।

You might also like