নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোগদৈ নৈত যুৱক সন্ধানহীনঃ এছ ডি আৰ এফৰ অভিযান

বিশেষ বাৰ্তা, ৮ আগষ্টঃ মৰিয়নিত আজি ভোগদৈ নৈত এজন যুৱক নিখোঁ‌জ হৈছে। আজি দুপৰীয়া হোনোৱালৰ গংগাপুৰৰ সমীপত ভোগদৈ নৈত নামি পানীত খেলি থাকোঁ‌তেই যুৱকজন দ পানীত ডুব যায়। এই সন্দৰ্ভত জানিব পৰা মতে, মৰিয়নিৰ হোনোৱাল চাহ বাগিচাৰ ১৪ নম্বৰ লাইনৰ প্ৰয়াত মঙলু কছাৰীৰ পুত্ৰ পাটাং কছাৰী ( ২২ )য়ে লগত আন দুজন কিশোৰৰ সৈতে ভোগদৈ নৈ গা ধুবলৈ গৈছিল। ইফালে, যোৱা নিশা নগা পাহাৰত হোৱা প্ৰৱল বৰষুণৰ ফলত ভোগদৈ নৈ পানীৰে উপচি পৰিছিল। আটাইকেইজনে গা ধুই পানীত খেলি থকা অৱস্থাতে পাটাং নামৰ যুৱকজন দ পানীত ডুব যায়। যুৱকজন পানীত ডুৱ যোৱা দেখি লগত থকা কিশোৰ দুজনে বচাবলৈ চেষ্টা কৰে যদিও পানীৰ সোঁ‌তে যুৱকজনক উটুৱাই নিয়ে। দুয়ো কিশোৰে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ গোট খাই বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান নোলাল। পিছত ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ লগতে অগ্নি আৰু জৰুৰীকালীন সেৱাক খৱৰ দিয়াত এছ ডি আৰ এফ-ৰ এটা দলে ডুবাৰুৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে । কিন্তু বাতৰি লিখাৰ পৰলৈকে সন্ধানহীন যুৱকজনৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। যুৱকজনৰ সলিল সমাধি ঘটাৰ লগতে পানীৰ সোঁ‌তে উটুৱাই লৈ যোৱাৰ আশংকা ব্যক্ত কৰিছে উদ্ধাৰকাৰী দলৰ এক সূত্ৰই। উল্লেখযোগ্য যে, বিগত কেইটামান বছৰত ভোগদৈ নৈত সলিল সমাধি ঘটা কেবাটাও ঘটনা সংঘটিত হৈছে। আজিৰ ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ‌ পেলাইছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like