নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ বঙাইগাঁও নগৰ সমিতিৰ ‘মিছন তিৰংগা’

🔹 নাককাটি পাহাৰৰ চূড়াত ত্ৰিৰংগা উৰুৱালে যুৱক-যুৱতীৰ দলে

বিশেষ বাৰ্তা, ১৭ আগষ্ট : সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ বঙাইগাঁও নগৰ সমিতিয়ে দেশৰ ৭৯সংখ্যক স্বাধীনতা দিৱস উপলক্ষে “মিছন তিৰংগা” শীৰ্ষক এক অনুষ্ঠান হাতত লয় । মিছন তিৰংগাত ৫০জনীয়া যুৱক-যুৱতীৰ দল এটাই প্ৰশিক্ষক হিম্মত বড়োৰ তত্ত্বাৱধানত প্ৰত্যেকে হাতত ৰাষ্ট্ৰীয় পতাকা লৈ বঙাইগাঁৱত অৱস্থিত প্ৰখ্যাত নাককাটি পাহাৰৰ চূড়াত উপস্থিত হয়। নাককাটি পাহাৰ বগাই চূড়াত উপস্থিত হোৱা দলটোৱে পাহাৰখনৰ চূড়াত ত্ৰিৰংগ পতাকা উৰুৱাই দেশৰ ৭৯সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে । দেশৰ সুৰক্ষা, স্বাৱলম্বন আৰু একতাৰ নিদৰ্শন হিচাপে “মিছন তিৰংগা”ৰ দৰে অনুষ্ঠান আগলৈও সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে অনুষ্ঠিত কৰি যাবলৈ প্ৰতিজ্ঞাবদ্ধ বুলি জনায় ।

You might also like