নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভগৱান কৃষ্ণই ন্যায়–কৰুণা, সমাজত শান্তিৰ বার্তা প্রসাৰ কৰিছে

🔹 জন্মাষ্টমীত বাংলাদেশৰ হিন্দুলৈ শুভেচ্ছা মহম্মদ ইউনুছৰ

নিউজ ডেস্ক, ১৭ আগষ্ট : সংখ্যালঘু হিন্দুৰ ওপৰত অকথ্য নির্যাতন আৰু হিন্দু পুৰোহিত চিন্ময় কৃষ্ণদাস ব্রহ্মচাৰীক ৰাষ্ট্রদ্রোহত গ্রেপ্তাৰ কৰাৰ এবছৰৰ পিছত কালি বাংলাদেশৰ অন্তর্ৱর্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে কৃষ্ণ জন্মাষ্টমীত দেশখনৰ হিন্দু সম্প্রদায়ক শুভেচ্ছা জ্ঞাপন কৰা বিষয়টো চর্চাৰ মাজলৈ আহিছে৷

ভগৱান শ্রীকৃষ্ণৰ আদর্শক ভূয়সী প্রশংসা কৰি মহম্মদ ইউনুছে কয় যে ভগৱান শ্রীকৃষ্ণই সমাজত ন্যায়, শান্তি আৰু মানৱীয় কৰুণাৰ বার্তা সম্প্রসাৰিত কৰিছে৷ য’তেই অন্যায় আৰু শোষণ দেখিছে, তাতেই তেওঁ দানৱীয় শক্তিক পৰাভূত কৰিবলৈ ন্যায়ৰ শক্তি হৈ সুৰক্ষা দিছে৷ তদুপৰি ইউনুছে কয় যে কৃষ্ণৰ আদর্শ কেৱল হিন্দুৰ কাৰণেই নহয়, সকলো নাগৰিকৰ বাবে৷ ধর্মীয় পৰিধিৰ ঊর্ধ্বত গৈ কৃষ্ণৰ মূল্যবোধেৰে সকলো আস্থাৰ নাগৰিকক অনুপ্রাণিত কৰে৷

You might also like