ধনৰ বিনিময়ত বিজেপিৰ বিৰুদ্ধে নিশ্চুপ থকাৰ প্রতিশ্রুতি বিধায়ক অখিলৰ!
শাসক–বিৰোধী উভয় শিবিৰত নির্বাচনী তৎপৰতা অব্যাহত থকাৰ মাজতে ৰাজ্যৰ ৰাজনীতিত তীব্র আলোড়নৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত ভাইৰেল হোৱা এক ফোনকলে৷ ৰাইজৰ দলৰ সদ্য পদত্যাগী এজন নেতা আৰু এজন কর্মীৰ মাজত হোৱা কথোপকথনৰ ৰেকর্ডিঙত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ উত্থাপন হৈছে৷
কথোপকথনত উল্লেখ থকা অনুসৰি বিধায়ক গগৈয়ে বিজেপি চৰকাৰৰ এজন মন্ত্রীৰ পৰা ২০ কোটি টকা দাবী কৰিছিল৷ বিনিময়ত বিধায়ক গগৈয়ে বিজেপিৰ বিৰুদ্ধে ৰাজহুৱাভাৱে নিশ্চুপ হৈ থকাৰ প্রতিশ্রুতি দিছিল৷ অৱশ্যে এই ভাইৰেল ফোনকলটোত মন্ত্রীজনৰ নাম স্পষ্টভাৱে প্রকাশ পোৱা নাই৷
কিন্তু সমগ্র বিষয়টোৱে ৰাজনৈতিক মহলত গভীৰ প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ এই সন্দর্ভত মন্ত্রী ফুকনে তীক্ষ্ণ কটাক্ষ কৰিছে বিধায়ক গগৈক৷ তেওঁ কয় যে সামাজিক মাধ্যমত ভাইৰেল হোৱা কথোপকথনৰ বিষয়ত বিধায়ক গগৈয়ে নিজৰ স্থিতি স্পষ্ট কৰা উচিত৷ কিয়নো ৰাজনীতিত স্বচ্ছতা–জবাবদিহিতা অতি প্রয়োজনীয়৷
এনে অভিযোগৰ ক্ষেত্রত নীৰৱতা গ্রহণযোগ্য নহয়৷ এই ঘটনাৰ মাজতে ৰাইজৰ দলৰ একাধিক নেতাৰ পদত্যাগে দলীয় অসন্তুষ্টি আৰু আভ্যন্তৰীণ সংকটকো স্পষ্ট কৰিছে৷ উল্লেখ্য যে এই পর্যন্ত বিধায়ক গগৈয়ে ভাইৰেল ফোনকল অথবা ধন দাবীৰ অভিযোগ সন্দর্ভত কোনো আনুষ্ঠানিক প্রতিক্রিয়া ব্যক্ত কৰা নাই৷ আগন্তুক সময়ছোৱাত ৰাজ্যৰ ৰাজনীতিত এই বিতর্কই কি ৰূপ লয়, সেয়া লক্ষণীয় হ’ব৷
ইফালে ভার্চুৱেল সভাৰ প্রসংগত ৰাইজৰ দলৰ সভাপতিৰ দায়িত্বত থকা বিধায়ক গগৈক উভতি ধৰিছে ৰাজ্যিক বিজেপিয়ে৷ ৰাজ্যিক বিজেপিৰ মুখপাত্র কমল কুমাৰ মেধিয়ে বিধায়ক গগৈক চোকা সমালোচনা কৰি কয় যে ৰাজনীতিক হিচাপে নহয়, সাধুকথাৰ কথক হিচাপেহে বিধায়ক গগৈয়ে বিশেষ ব্যুৎপত্তি লাভ কৰিছে৷ তেওঁ নিজৰ মনৰ ভিতৰতে এটা কাহিনী তৈয়াৰ কৰি লৈ সাধুকথা শুনোৱা দি ৰাইজক শুনাই যায়৷
সেই কল্পকাহিনীকেই কিছুৱে সঁচা বুলি ধৰি লয় যদিও সময় যোৱাৰ লগে লগে সেয়া যে এক সাধুকথাহে আছিল, তাত পতিয়ন যায় ৰাইজ৷ বিধায়ক গগৈয়ে যোৱা প্রায় দুটা দশক ধৰি অসমৰ ৰাইজক এনে বহু সাধুকথা শুনালে৷ সাময়িকভাৱে সেয়া সঁচা কথা বুলি মানুহে মানি লয়৷ কিন্তু সময়ত সেই সকলো কাহিনী প্রমাণিত হয় মিছা ৰূপে৷ সাধুকথা কোৱা প্রতিযোগিতাত ভাগ ল’লে বিধায়ক গগৈয়ে প্রথম পুৰস্কাৰ পোৱাটো নিশ্চিত৷
বিজেপিৰ ভার্চুৱেল সভাৰ প্রসংগ টানি আনি যোৱা প্রায় তিনিটা দিনত বিধায়ক গগৈয়ে উত্থাপন কৰি অহা অভিযোগসমূহো তেওঁৰ কল্পনাপ্রসূত কাহিনীৰ বাদে আন একো নহয় বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্র মেধিয়ে৷ তেওঁৰ মতে, বিধায়ক গগৈয়ে ভোট কর্তনৰ নতুন কাহিনী এটা শুনোৱাৰ লগে লগে সত্যাসত্য নিৰূপণ নকৰাকৈয়ে কংগ্রেছকে ধৰি বিৰোধী দলৰ বিভিন্নজন নেতাই তেওঁৰ কথাতে হয়ভৰ দিয়াত লাগিছে৷
ৰাজ্যিক বিজেপিৰ মুখপাত্র মেধিয়ে ৰাজ্যৰ বিৰোধী দলসমূহকো তীব্র আক্রমণৰ লক্ষ্য কৰি লয়৷ তেওঁ কয় যে দিশহাৰা বিৰোধীয়ে কোনো এটা ৰাজনৈতিক ইছ্যুকে ৰাইজৰ সন্মুখত প্রতিষ্ঠা কৰিব নোৱাৰি এতিয়া চৰম হতাশাত ভুগিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বৰ বিজেপি মিত্রজোঁট চৰকাৰৰ সন্মুখত বিৰোধীয়ে উত্থাপন কৰিব খোজা কোনো এটা ইছ্যুতে ৰাইজ পতিয়ন নাযায়৷ সকলো বিৰোধী দলৰ বাবে এতিয়া কেৱল মিঞা মুছলমানৰ ভোটহে লক্ষ্য হৈ পৰিছে৷
সেইসকল লোকক তোষামোদ কৰিবৰ কাৰণে এতিয়া বিধায়ক গগৈকে ধৰি বিৰোধী দলসমূহে চৰকাৰ তথা বিজেপিৰ বিৰুদ্ধে বাৰে বাৰে উত্থাপন কৰি আহিছে কিছুমান ভিত্তিহীন–ভুৱা অভিযোগ৷
ডিজিটেল ডেস্ক, ৯ জানুৱাৰী