নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত বিধ্বস্ত ১৭ ভ্ৰাম্যমাণ থিয়েটাৰঃ ভৱিষ্যৎ অন্ধকাৰ ৩০০০ শিল্পী, কলা–কুশলী, কর্মচাৰীৰ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ সংহাৰী ক’ৰোনাই ভয়ংকৰ সংকট নমাই আনিছে ৰাজ্যৰ ভ্রাম্যমাণ থিয়েটাৰ উদ্যোগলৈ৷ মাৰাত্মক ভাইৰাছৰ দ্রুত সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্রেক্ষিতত আখৰা আৰম্ভ কৰিব নোৱাৰা ভ্রাম্যমাণ থিয়েটাৰসমূহে চলিত নাট্যবর্ষৰ নাট প্রদর্শন বাতিল কৰাত ৰাজ্যৰ তিনি সহস্রাধিক শিল্পী, কলা–কুশলী, কর্মচাৰী আদিৰ জীৱনলৈ একপ্রকাৰ অনিশ্চয়তা নমাই আনিছে৷

চলিত নাট্যবর্ষত ৰাজ্যৰ আগশাৰীৰ ১৭টা ভ্রাম্যমাণ থিয়েটাৰ দলে নাট প্রদর্শন কৰিব নোৱাৰাৰ ফলত প্রায় ৩৪ কোটি টকা লোকচানৰ সন্মুখীন হ’ব৷ এইবাৰ নাট প্রদর্শন কৰিব নোৱাৰা বাবেই এই নাট্যদলসমূহত জড়িত দুই সহস্রাধিক শিল্পী, কলা–কুশলী, কর্মচাৰী আদিয়ে জীৱিকা হেৰুৱাব৷ ফলত এইসকল শিল্পী, কলা–কুশলী, কর্মচাৰী তীব্র আর্থিক সংকটৰ সন্মুখীন হ’ব৷

উল্লেখ্য যে বিগত নাট্যবর্ষত নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলনৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছিল প্রযোজকসকলৰ লগতে শিল্পী, কলা–কুশলী, কর্মচাৰী আৰু আহ্বায়ক কমিটীসমূহ৷ আনহাতে, মহামাৰী ক’ৰোনাৰ দ্রুত সংক্রমণত ৰাজ্যত জটিল পৰিস্থিতি সৃষ্টি হোৱাত এইবাৰ ভ্রাম্যমাণ থিয়েটাৰসমূহৰ নাট প্রদর্শনক লৈ অনিশ্চয়তাই দেখা দিছিল৷

ফলত থিয়েটাৰ দলসমূহে এইবাৰ সময় মতে নাটক, নৃত্য–নাটিকা আদিৰ আখৰা আৰম্ভ কৰিব পৰা নাছিল৷ এনে অনিশ্চয়তাৰ মাজতে যোৱা ২ ছেপ্ঢেম্বৰত সদৌ অসম ভ্রাম্যমাণ থিয়েটাৰ প্রযোজক সন্থাই চলিত বর্ষত নাট প্রদর্শন বাতিলৰ সিদ্ধান্ত গ্রহণ কৰাৰ কথা ঘোষণা কৰে৷ এই সন্দর্ভত সন্থাৰ সভাপতি তথা বৰদৈচিলা থিয়েটাৰৰ প্রযোজক নজৰুল ইছলামে কয়– ‘চৰকাৰৰ নীতি–নির্দেশনা অনুসৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে ভ্রাম্যমাণ থিয়েটাৰ দলে নাট প্রদর্শন কৰাৰ পৰিৱেশ নাই৷ সেয়ে আমি ২০২০–২০২১ বর্ষত নাট প্রদর্শন বাতিলৰ সিদ্ধান্ত লওঁ৷ ইয়াৰ ফলত ভ্রাম্যমাণ থিয়েটাৰ দলসমূহ প্রচুৰ আর্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে ইয়াত জড়িত শিল্পী, কলা–কুশলী আৰু কর্মচাৰীসকলৰো যথেষ্ট লোকচান হ’ব৷’

সভাপতি ইছলামে লগতে কয়– ‘এইবাৰ আমাৰ বৰদৈচিলা থিয়েটাৰৰ ৰাজ্যৰ ভিন্ন প্রান্তত ৩০খন আহ্বায়ক কমিটীৰ সৈতে চুক্তি হৈছিল৷ নাট প্রদর্শনৰ বাবে অভিনয় শিল্পীসকলকো আগধন দিয়া হৈছিল৷ কিন্তু ক’ৰোনাই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে আমি নাট প্রদর্শন কৰা বাতিল কৰিবলৈ বাধ্য হ’লোঁ৷ ইয়াৰ ফলত আমাৰ লগতে শিল্পী, কলা–কুশলী, কর্মচাৰীসকলৰো আর্থিক ক্ষতি হ’ব৷ আনহাতে, আগশাৰীৰ থিয়েটাৰ দলসমূহে প্রতিটো পেণ্ডেল ১.২০ লাখৰ পৰা ১.৫০ লাখৰ ভিতৰত চুক্তি কৰে যদিও ক’ৰোনাই সৃষ্টি কৰা জটিল পৰিস্থিতি স্বাভাৱিক হ’লে তথা অহা বর্ষত নাট প্রদর্শন কৰিব পৰা পৰিৱেশ ঘূৰি আহিলেও চুক্তিবোৰ বিগ বাজেটৰ নহ’ব৷

প্রতিটো পেণ্ডেলৰ চুক্তি ১ লাখৰ ভিতৰত কৰিব লাগিব৷’ নাট প্রদর্শন বাতিল কৰা সন্দর্ভত সদৌ অসম ভ্রাম্যমাণ থিয়েটাৰ প্রযোজক সন্থাৰ যুটীয়া সম্পাদক তথা থিয়েটাৰ ভাগ্যদেৱীৰ প্রযোজক সুবোধ মজুমদাৰে কয়– ‘ক’ৰোনাই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ বাবে আমি এইবাৰ ভ্রাম্যমাণ থিয়েটাৰ দলসমূহৰ নাট প্রদর্শন বাতিলৰ সিদ্ধান্ত লওঁ৷ ইয়াৰ ফলত সন্থাৰ অধীনত থকা ১৭টা থিয়েটাৰ দলৰ চলিত নাট্যবর্ষত প্রায় ৩৪ কোটি টকা লোকচান হ’ব৷ প্রতিটো থিয়েটাৰ দলত ১১০ৰ পৰা ১৩০জন পর্যন্ত প্রায় দুই হাজাৰ শিল্পী, কলা–কুশলী আৰু কর্মচাৰী জড়িত হৈ থাকে৷

নাট প্রদর্শন নোহোৱাৰ ফলত এইসকল লোকেও তীব্র আর্থিক সংকটৰ সন্মুখীন হ’ব৷ আনহাতে, প্রতিটো নাট্যবর্ষত ১.৫০ কোটিৰ পৰা ২ কোটি টকা উপার্জনেৰে প্রায় ৩৪ কোটি টকা অর্জন কৰা থিয়েটাৰ দলসমূহে এইবাৰ নাট প্রদর্শন নকৰাৰ ফলত ছাউণ্ড ছিষ্টেম, তির্পাল, চকী, মঞ্চ, লাইট, ছেটিংছ, গাড়ীৰ যন্ত্রপাতি আদি বিকল হৈ পৰিব৷ ইয়াৰ ফলত অতিৰিক্তভাৱে ৭০ৰ পৰা ৯০ লাখ টকাপর্যন্ত লোকচান ভৰিব লাগিব থিয়েটাৰসমূহে৷’ সন্থাৰ অন্তর্ভুক্ত নোহোৱা প্রায় ১৩টা মজলীয়া আৰু সৰু থিয়েটাৰ দলে নাট প্রদর্শন কৰি আহিছে আৰু সেই নাট্যদলকেইটাক হিচাপত ধৰিলে ক্ষতিৰ পৰিমাণ অধিক হ’ব বুলি কয় প্রযোজক সুবোধ মজুমদাৰে৷

এনে থিয়েটাৰত জড়িত শিল্পী, কলা–কুশলী আৰু কর্মচাৰীসকলৰ অৱস্থা অধিক শোচনীয় হৈ পৰা বুলিও তেওঁ কয়৷ সেইদৰে, আৱাহন থিয়েটাৰৰ প্রযোজক কৃষ্ণ ৰয়ে কয় যে এই বর্ষত নাট বন্ধ থকাৰ ফলত প্রযোজকৰ লগতে শিল্পী, কলা–কুশলীসকলো ব্যাপক লোকচানৰ সন্মুখীন হ’ব৷ এই বর্ষত আৱাহন থিয়েটাৰৰ ৫৫খন কমিটীৰ সৈতে চুক্তি হৈছিল যদিও নাট প্রদর্শন কৰিব নোৱাৰাৰ ফলত কমিটীসমূহৰো লোকচান হ’ব৷ বিশেষকৈ মন্দিৰ, বেচৰকাৰী স্কুল, কলেজৰ সাহায্যার্থে থিয়েটাৰ আমন্ত্রণ কৰি কিছু পুঁজি সংগ্রহ কৰে যদিও সেয়া এইবাৰ বন্ধ হৈ পৰিব৷

১৫ৰ পৰা ২০ হাজাৰ টকা মাহিলি দৰমহা পোৱা থিয়েটাৰ দলৰ কলা–কুশলী, কর্মচাৰীসকল অধিক ক্ষতিৰ সন্মুখীন হ’ব বুলি প্রযোজক কৃষ্ণ ৰয়ে মন্তব্য কৰে৷ নাট বাতিল কৰা সন্দর্ভত এই বর্ষত ৰাজতিলক থিয়েটাৰত চুক্তিবদ্ধ হোৱা বলিষ্ঠ অভিনেতা চম্পক শর্মাই কয়– ‘এইবাৰ নাট্যবর্ষ বন্ধ ৰখাত আমি শিল্পী, কলা–কুশলীসকলো আধামৰা হৈ গৈছোঁ৷ এনে পৰিস্থিতিত মই এইবাৰ এটা ব্যৱসায় আৰম্ভ কৰিছোঁ৷ লগতে ‘ৰং’ চেনেলৰ বাবে চিত্রনাট্য লিখি আছোঁ৷’ আন এগৰাকী জনপ্রিয় অভিনেতা প্রদীপ নিশিথে কয় যে নাট প্রদর্শন বন্ধ ৰখাৰ ফলত নিয়মীয়া শিল্পী, কলা–কুশলীখিনি যথেষ্ট আর্থিক ক্ষতিৰ সন্মুখীন হ’ব৷

বিশেষকৈ নৃত্যশিল্পী, ছেটিংছৰ কর্মচাৰীখিনিৰ অৱস্থা অধিক শোচনীয় হ’ব৷ এনে পৰিস্থিতিত চৰকাৰে এনে শিল্পী, কলা–কুশলীসকলক এককালীন আর্থিক সাহায্য দিব লাগে৷ চলচ্চিত্র আৰু মঞ্চ জগতৰ জনপ্রিয় অভিনেত্রী তথা আৱাহন থিয়েটাৰৰ কার্যবাহী প্রযোজিকা প্রস্তুতি পৰাশৰেও অতি গুৰুত্বপূর্ণ বিষয়টো সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰে৷ তেওঁ কয়– ‘এইবাৰ আৱাহন থিয়েটাৰত জয়মতী নাটখন কৰাৰ বাবে পৰিকল্পনা কৰিছিলোঁ৷ থিয়েটাৰখন চলি থাকিলে সকলোৰে ভাল হ’লহেঁতেন৷ থিয়েটাৰ নচলালে ইয়াত জড়িত সকলোৰে বহুত কষ্ট হ’ব৷

শিল্পী, কলা–কুশলীসকলৰ বাবে চৰকাৰে চিন্তা কৰিব লাগে৷’ চলিত নাট্যবর্ষৰ বাবে থিয়েটাৰ ভাগ্যদেৱীত চুক্তিবদ্ধ হোৱা আন এগৰাকী জনপ্রিয় অভিনেত্রী কবিতা চুতীয়াই কয় যে নাট প্রদর্শন নহ’লে থিয়েটাৰত জড়িত সকলোৰে বছৰটোৰ বাবে উপার্জন নাইকিয়া হৈ যাব৷ গতিকে চৰকাৰে এই বিষয়ে চিন্তা কৰিব লাগে৷ উল্লেখ্য যে থিয়েটাৰৰ সৈতে জড়িত অভিনেতা, কলা–কুশলী সকলোৰে সৰহসংখ্যকেই নতুন প্রজন্মৰ৷

ৰুচিশীল তথা নতুন আংগিকেৰে মঞ্চস্থ কৰা নাটকৰ জৰিয়তে দর্শকক ন ন চিন্তাৰ খোৰাক দিব বিচাৰে নতুন প্রজন্মৰ অভিনেতা, কলা–কুশলীসকলে৷ কিয়নো এটা জাতিৰ জাতীয় ঐতিহ্য–সংস্কৃতিৰ এক সার্থক বাহক হ’ল নাটক৷ চলচ্চিত্র, চিত্রকলা, ভাস্কর্য আদি কলাৰ লেখীয়াকৈ দৃশ্য–শ্রব্য কলা নাটকৰ প্রদর্শন এক অপৰিহার্য অংগ৷ আনহাতে, ৰাজহুৱা প্রদর্শন অবিহনে ইয়াৰ যথোচিত মূল্যায়নো সম্ভৱ নহয়৷ এনে পৰিস্থিতিত থিয়েটাৰৰ জৰিয়তে প্রতিখন নাটকৰে মূল্যায়ন হোৱাটো বিচাৰে নতুন প্রজন্মৰ অভিনেতা, কলা–কুশলীসকলে৷

কিন্তু চলিত নাট্যবর্ষত ভ্রাম্যমাণ থিয়েটাৰে নাট প্রদর্শন বাতিল কৰাত স্বাভাৱিকতে হতাশ হৈ পৰিছে নতুন প্রজন্মৰ অভিনেতা, কলা–কুশলীসকল৷ ইয়াৰ সমান্তৰালকৈ তেওঁলোকৰ জীৱিকালৈও চৰম অনিশ্চয়তা নমাই আনিলে৷ ফলত থিয়েটাৰত জড়িত একাংশ অভিনেতা, কলা–কুশলীয়ে পাচলি বিক্রী কৰি জীৱিকা নির্বাহ কৰাৰ লগতে আন একাংশই দিন হাজিৰা কৰিব লগা হোৱাৰ প্রসংগ উত্থাপন কৰি প্রযোজক সুবোধ মজুমদাৰ, অভিনেতা চম্পক শর্মায়ো চৰকাৰক এককালীন আর্থিক সাহায্য প্রদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়৷

You might also like