নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ জুনৰ সন্ধিয়া মোদী ৩.০

🔹 দেওবাৰে তৃতীয়বাৰলৈ প্রধানমন্ত্রীৰূপে ল’ব শপতৰ

🔹 চন্দ্রবাবু নাইডু আৰু নীতিশ কুমাৰে বিচাৰিলে গুৰুত্বপূৰ্ণ দপ্তৰ

বিশেষ বাৰ্তা, ৭ জুন : লোকসভা নির্বাচনৰ সদ্যঘোষিত ফলাফলত বিজেপি নেতৃত্বাধীন এনডিএ মিত্রজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতে নতুন দিল্লীত চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে৷ তৃতীয়বাৰৰ বাবে দেশৰ প্রধানমন্ত্রী হিচাপে নৰেন্দ্র মোদীয়ে শপতগ্রহণ কৰাটো ইতিমধ্যে নিশ্চিত হৈছে৷ পৰহি অনুষ্ঠিত এনডিএৰ বৈঠকত সর্বসন্মতিক্রমে মোদীক নেতা হিচাপে নির্বাচন কৰাৰ পিছত অহা ৯ জুনত তেওঁ শপত ল’ব বুলি প্রকাশ পাইছে৷ পূর্বে ৮ জুন অর্থাৎ শনিবাৰে মোদীয়ে তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হিচাপে শপত গ্রহণ কৰিব বুলি প্রকাশ পাইছিল যদিও এটা বিশেষ সূত্রই প্রকাশ কৰা অনুসৰি ৯ জুনৰ সন্ধিয়াহে প্রধানমন্ত্রীগৰাকীয়ে শপত ল’ব৷ এনডিএৰ অন্যতম অংশীদাৰী দল তেলুগু দেশম পার্টী (টিডিপি)ৰ মুৰব্বী চন্দ্রবাবু নাইডুৱে ৯ জুনত অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ কথা আছিল৷ কিন্তু সেইদিনা প্রধানমন্ত্রী হিচাপে মোদীৰ শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছত নাইডুৱে অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ দিন ১২ জুনলৈ পিছুৱাই দিছে বুলি জানিব পৰা গৈছে৷ প্রধানমন্ত্রী মোদীৰ শপতগ্রহণ অনুষ্ঠানত দেওবাৰে তেলুগু দেশম পার্টীৰ মুৰব্বীগৰাকী উপস্থিত থাকিব৷ এনডিএৰ মিত্রজোঁটৰ অংশীদাৰী দলসমূহৰ উপৰি মোদীৰ শপতগ্রহণ অনুষ্ঠানত কেইবাগৰাকী বিদেশী ৰাষ্ট্রপ্রধান উপস্থিত থাকিব বুলি প্রকাশ পাইছে৷ প্রাপ্ত তথ্য অনুসৰি বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনা, শ্রীলংকাৰ ৰাষ্ট্রপতি ৰণিল ৱিক্রমসিংঘে, নেপালৰ প্রধানমন্ত্রী পুষ্পকমল দাহাল, ভূটানৰ প্রধানমন্ত্রী চেৰিং টোবগে আৰু মৰিছাছৰ প্রধানমন্ত্রী প্রবিন্দ জুগনাথ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব৷ ইতিমধ্যে প্রধানমন্ত্রী মোদীয়ে নিজেই উক্ত বিদেশী ৰাষ্ট্রনেতাকেইগৰাকীক ফোনযোগে শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্রণ জনাইছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যম এ এন আইত প্রকাশিত বাতৰি অনুসৰি বুধবাৰে প্রধানমন্ত্রী মোদীয়ে বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সৈতে ফোনযোগে বার্তালাপ কৰে৷ এই বার্তালাপৰ সময়তে শ্বেখ হাছিনাক শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্রণ জনাইছে৷ ফোনযোগে হোৱা বার্তালাপৰ সময়তে তৃতীয়বাৰৰ বাবে জয়যুক্ত হোৱাৰ বাবে প্রধানমন্ত্রী মোদীক শ্বেখ হাছিনাই অভিনন্দন জ্ঞাপন কৰে৷ প্রকাশিত তথ্য অনুসৰি, প্রধানমন্ত্রীগৰাকীয়ে ফোনযোগে আমন্ত্রণ জনোৱাৰ পিছতে বৃহস্পতিবাৰে উক্ত ৰাষ্ট্রপ্রধানসকলক আনুষ্ঠানিকভাৱে শপতগ্রহণ অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা হৈছে৷ উল্লেখ্য যে ২০১৪ বর্ষত শপতগ্রহণৰ সময়ত নৰেন্দ্র মোদীয়ে ছার্ক সন্মিলনৰ সদস্য দেশসমূহক আমন্ত্রণ জনাইছিল৷ ২০১৯ বর্ষৰ শপতগ্রহণ অনুষ্ঠানলৈ বাংলাদেশ, ভূটান, ম্যানমাৰ, নেপাল, শ্রীলংকা আৰু থাইলেণ্ডৰে গঠিত বিমষ্টেক সন্মিলনৰ মুৰব্বীসকলক আমন্ত্রণ জনোৱা হৈছিল৷ ২০১৯ বর্ষত প্রধানমন্ত্রীগৰাকীৰ সৈতে ২৪জন কেবিনেট মন্ত্রী আৰু ৯জন ৰাজ্যিক মন্ত্রীয়ে শপতগ্রহণ কৰিছিল৷ এইবাৰ যিহেতু বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই, সেয়েহে কিমানজন মন্ত্রীয়ে মোদীৰ সৈতে শপতগ্রহণ কৰিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ সূত্র অনুসৰি দেওবাৰে ৰাষ্ট্রপতি ভৱনত সন্ধিয়া ৬ বজাত শপতগ্রহণ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ শপত লোৱাৰ লগে লগে আৰম্ভ হ’ব মোদী ৩.০ কার্যকাল৷

গুৰুত্বপূর্ণ দপ্তৰ বিচাৰি বিজেপিৰ ওপৰত চাপ বৃদ্ধি এনডিএৰ অংশীদাৰ টিডিপি–জেডিইউৰ

বিগত দুটা লোকসভা নির্বাচনৰ দৰে বিজেপিয়ে এইবাৰ একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ ফলত কেন্দ্রীয় মন্ত্রীসভা গঠনত প্রচণ্ড চাপৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে৷ এনডিএ মিত্রজোঁটত বিজেপিৰ পিছতে বৃহত্তম দল হিচাপে পৰিগণিত হোৱা চন্দ্রবাবু নাইডু নেতৃত্বাধীন টিডিপি আৰু নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউৱে কেন্দ্রীয় মন্ত্রীসভাত একাধিক মন্ত্রী পদৰ দাবী উত্থাপন কৰিছে৷ কেৱল মন্ত্রী পদেই নহয়, দুয়োটা সমর্থনকাৰী দলে লোকসভা তথা ৰাজ্যসভাৰ অধ্যক্ষ পদৰ দৰে গুৰুত্বপূর্ণ পদ বিচাৰি দাবী উত্থাপন কৰা বুলি প্রকাশ পাইছে৷ সূত্র অনুসৰি টিডিপিৰ মুৰব্বী চন্দ্রবাবু নাইডুৱে চাৰিটা কেবিনেট মন্ত্রী পদৰ লগতে লোকসভাৰ অধ্যক্ষৰ পদো দাবী কৰিছে৷ একেদৰে ৰে’ল, বিত্তসহ তিনিটা গুৰুত্বপূর্ণ কেবিনেট মন্ত্রী পদৰ লগতে একাধিক ৰাজ্যিক মন্ত্রীৰ পদ বিচাৰিছে জেডিইউৰ নেতা তথা বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে৷ আন আন অংশীদাৰী দলসমূহৰ ভিতৰত বিজেপিৰ সমস্যা বঢ়াইছে বিহাৰৰ ছিৰাগ পাছোৱান নেতৃত্বাধীন এল জে পি, জিতন ৰাম মাঝিৰ হাম, উত্তৰ প্রদেশৰ আপনা দল, মহাৰাষ্ট্রৰ একনাথ শিন্দে নেতৃত্বাধীন শিৱ সেনাই৷ এই আটাইবোৰ দলেই নিজাববীয়াকৈ কেন্দ্রীয় মন্ত্রীসভাত গুৰুত্বপূর্ণ দপ্তৰৰ মন্ত্রীৰ পদ বিচাৰি নিজৰ নিজৰ দাবী উত্থাপন কৰিছে৷ ইয়াৰ বিপৰীতে মূল দপ্তৰসমূহ অংশীদাৰী দলৰ হাতত এৰি দিবলৈ বিচৰা নাই বিজেপিয়ে৷ বিশেষকৈ গৃহ, বিত্ত, প্রতিৰক্ষা আৰু বৈদেশিক পৰিক্রমা বিভাগৰ দৰে গুৰুত্বপূর্ণ বিভাগসমূহৰ দায়িত্ব নিজৰ হাততে ৰাখিব বিচাৰিছে বিজেপিয়ে৷ প্রাপ্ত তথ্য অনুসৰি, নির্বাচনৰ পূর্বে যেতিয়া নীতিশ কুমাৰৰ সৈতে বিজেপিয়ে বুজাবুজি কৰিছিল, তেতিয়া এনডিএ ক্ষমতালৈ আহিলে জেডিইউক তিনিটা পূর্ণ পর্যায়ৰ মন্ত্রীপদ প্রদানৰ আশ্বাস দিয়া হৈছিল৷ কিন্তু পৰিস্থিতি চাই সংখ্যাগৰিষ্ঠতাৰ অভাৱৰ প্রতি লক্ষ্য ৰাখি বিজেপিৰ ওচৰত তিনিটাৰ পৰিৱর্তে চাৰিটাকৈ মন্ত্রীপদ দাবী কৰা বুলি জানিব পৰা গৈছে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি মূলতঃ আন্তঃগাঁথনি সংক্রান্তীয় দপ্তৰসমূহ বিচাৰিছে নীতিশ কুমাৰে৷ ইয়াৰ মাজত আছে ৰে’ল, গ্রামোন্নয়ন আৰু জলসম্পদৰ দৰে গুৰুত্বপূর্ণ দপ্তৰ৷ তদুপৰি ২০২৩ বর্ষত নীতিশ কুমাৰে আর্থ–সামাজিক সমীক্ষাৰ পিছত ৰাজ্যৰ ৯৫ লাখ পিছপৰি থকা পৰিয়ালক দুই লাখ টকাকৈ আর্থিক সাহায্য প্রদানৰ কথা ঘোষণা কৰিছিল৷ পৰৱর্তী বছৰত বিহাৰত নির্বাচন অনুষ্ঠিত হ’ব৷ সেয়েহে প্রতিশ্রুতি পূৰণৰ বাবে চলিত বিত্তীয় বর্ষত নিজৰ অংশৰ ধন বৃদ্ধি কৰিবলৈ নীতিশ কুমাৰে কেন্দ্রৰ ওচৰত দাবী উত্থাপন কৰিব পাৰে৷ একে সময়তে নীতিশ কুমাৰে সাধাৰণ ন্যূনতম কার্যসূচী প্রস্তুত কৰাৰ ক্ষেত্রতো গুৰুত্ব আৰোপ কৰিছে৷ সেইদৰে বিহাৰৰ মুখ্যমন্ত্রীগৰাকীৰ দলটোৱে কেন্দ্রীয় চৰকাৰে আৰম্ভ কৰা অগ্ণিপথ আঁচনি পুনৰ বিবেচনা কৰিবলৈও দাবী উত্থাপন কৰিছে৷ জেডিইউৰ নেতা কে চি ত্যাগীয়ে বৃহস্পতিবাৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমত কয়– ‘ভোটদাতাৰ একাংশই অগ্ণিপথ আঁচনিক লৈ ক্ষুব্ধ৷ আমাৰ দলে বিচাৰে জনসাধাৰণে তোলা এই দাবীৰ ওপৰত সবিস্তাৰে আলোচনা হওক আৰু এইটো প্রত্যাহাৰ কৰক৷’ একেদৰে কেন্দ্রীয় চৰকাৰে দেশত অভিন্ন দেৱানী বিধি বলৱৎ কৰাৰ কথাও ঘোষণা কৰি আহিছে৷ এই সন্দর্ভতো জেডিইউয়ে প্রতিক্রিয়া প্রকাশ কৰিছে৷ দলটোৰ নেতা ত্যাগীৰ মতে, তেওঁলোক অভিন্ন দেৱানী বিধিৰ বিৰোধী নহয়৷ কিন্তু এই আইন প্রণয়নৰ পূর্বে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰাটো উচিত৷ আনহাতে তেলুগু দেশম পার্টীৰ মুৰব্বী চন্দ্রবাবু নাইডুৱেও জলসম্পদ, গ্রামোন্নয়ন, পথ পৰিবহণ আদিৰ দৰে গুৰুত্বপূর্ণ মন্ত্রী পদৰ দাবী উত্থাপন কৰিছে৷ সমান্তৰালভাৱে অন্ধ্রপ্রদেশ বিভক্ত হৈ পৃথক তেলেংগানা ৰাজ্য হোৱাৰ পিছত সৃষ্টি হোৱা আর্থিক চাপ নিৰাময় কৰিবলৈ বিশেষ আর্থিক পেকেজৰো দাবী উত্থাপন কৰিছে নাইডুৱে৷ বিশেষ সূত্রই প্রকাশ কৰা অনুসৰি সম্প্রতি অন্ধ্রপ্রদেশৰ ঋণৰ পৰিমাণ ৩.৫০ লাখ কোটি৷ এই ঋণ পৰিশোধ কৰাৰ বাবেই চন্দ্রবাবু নাইডুৱে আর্থিক পেকেজৰ দাবী উত্থাপন কৰিছে৷ এনডিএৰ অংশীদাৰ সৰু দলসমূহৰ ভিতৰত বিহাৰৰ ছিৰাগ পাছোৱান নেতৃত্বাধীন দলে ৫খন আসন লাভ কৰিছে৷ সেয়েহে তেওঁলোকেও এটা কেবিনেট মন্ত্রী আৰু এটা ৰাজ্যিক মন্ত্রীৰ পদৰ বাবে দাবী উত্থাপন কৰিছে৷ বিহাৰত জিতনৰাম মাঝিৰ দলেও এখন আসন লাভ কৰিছে৷ তেৱোঁ বিচাৰিছে এটি কেবিনেট মন্ত্রীৰ পদ৷ ইফালে, মহাৰাষ্ট্রত ৭খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে একনাথ শিন্দে নেতৃত্বাধীন শিৱ সেনাই৷ তেওঁলোকেও এটা কেবিনেট আৰু এটা ৰাজ্যিক মন্ত্রীৰ পদ বিচাৰিছে৷ মন্ত্রী বিচাৰি বিজেপিৰ ওচৰত দাবী উত্থাপন কৰা আন আন সৰু দলসমূহ হৈছে– উত্তৰ প্রদেশৰ আৰএলডি, আপনা দল আৰু জেডিএছ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে নতুন চৰকাৰ গঠনক লৈ এনডিএ মিত্রজোঁট আৰু বিজেপিৰ সুকীয়া সুকীয়া কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে৷ কেবিনেট গঠনক লৈ চর্চা অব্যাহত থকাৰ সময়তে আজি দিনৰ ১১ বজাত সংসদৰ চেণ্ট্ৰেল হলত সকলো এনডিএৰ সাংসদৰ এখন বৈঠক অনুষ্ঠিত হ’ব৷ এই বৈঠকত এনডিএৰ অংশীদাৰী দলসমূহৰ নেতাৰ লগতে বহুসংখ্যক মুখ্যমন্ত্রী, উপ–মুখ্যমন্ত্রী আৰু দলৰ জ্যেষ্ঠ নেতাক আমন্ত্রণ জনোৱা হৈছে৷ কালি পুৱাৰ ভাগতে বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ আৰু ৰাজনাথ সিঙে দলটোৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে এখন বৈঠকত মিলিত হয়৷

You might also like