নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতত মোদীয়ে সম্বোধন কৰিব বিজয় সংকল্প সমাৱেশঃ  যোৰহাট–নাজিৰা খুমটাইত ৰাজহুৱা সভা প্রয়ংকা গান্ধীৰ

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ  প্রথম পর্যায়ৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে হাই ভল্টেজ প্রচাৰেৰে ভোটদাতা ৰাইজৰ মাজত সোমাই পৰিছে বিজেপি আৰু কংগ্রেছ দল৷ ৰাজ্যৰ বিজেপি আৰু কংগ্রেছ দলৰ নেতৃত্বই ইটোৰ পাছত সিটো সমষ্টিত ধাৰাবাহিক ৰূপত নির্বাচনী প্রচাৰকার্য চলাই থকাৰ সময়তে প্রচাৰ অভিযানত নামি পৰিছে দল দুটাৰ শীর্ষ নেতৃত্ব৷

বিজেপিৰ হৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাকে ধৰি দলটোৰ কেন্দ্রীয় নেতৃত্বই ইতিমধ্যে ৰণাংগনত নামি পৰিছে৷ বহি থকা নাই বিৰোধী কংগ্রেছো৷

কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে আৰু শনিবাৰে উজনি অসমত মহাজোঁটৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী ভদ্রাও আজি দুদিনীয়া ভ্রমণসূচীৰে অসমত নির্বাচনী প্রচাৰ চলোৱাৰ বাবে উপস্থিত হ’ব৷

নির্বাচনী অধিসূচনা প্রকাশ হোৱাৰ পাছত প্রিয়ংকা গান্ধীৰ এই অসম ভ্রমণ হ’ব দ্বিতীয়বাৰৰ ভ্রমণ৷

উল্লেখ্য যে শনিবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চাবুৱাত বিজেপি মিত্রজোঁটৰ হৈ নির্বাচনী প্রচাৰ চলোৱাৰ বিপৰীতে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে মৰিয়নি আৰু গহপুৰত দুখনকৈ নির্বাচনী সমাৱেশত অংশ লয়৷

ইপিনে আজি প্রধানমন্ত্রী মোদী বোকাখাত সমষ্টিত বিজেপি মিত্রজোঁটৰ প্রার্থী অতুল বৰাৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহিব৷ সেইদৰে কাইলৈৰ দিনটোত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ হৈ নির্বাচনী প্রচাৰ চলাব কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী ভদ্রাই৷

নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্রিয়ংকা গান্ধী ভদ্রাই আজি যোৰহাট, নাজিৰা আৰু খুমটাইত তিনিখনকৈ নির্বাচনী সমাৱেশত অংশগ্রহণ কৰিব৷ নিশাটো অসমতে কটাই পৰহিলৈ অর্থাৎ সোমবাৰে কংগ্রেছ নেত্রীগৰাকীয়ে সৰুপথাৰ, কলিয়াবৰ আৰু বটদ্রৱাত তিনিখনকৈ নির্বাচনী সমাৱেশত অংশ ল’ব৷ সেই দিনাই তেওঁ বৰদোৱা সত্রও দর্শন কৰিব৷

মুঠতে প্রথম পর্যায়ৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি আৰু কংগ্রেছৰ হাই ভল্টেজ নির্বাচনী প্রচাৰ আৰম্ভ হৈছে৷

You might also like