নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগপুৰৰ পৰা অসমক পৰিচালনা কৰিবলৈ দিয়া নহ’বঃ ৰাহুল গান্ধী

নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ  অসমক নাগপুৰৰ পৰা পৰিচালনা কৰিবলৈ নিদিয়াৰ হুংকাৰ দিছে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে৷ শনিবাৰে মৰিয়নিত কংগ্রেছ প্রার্থী ৰূপজ্যোতি কুর্মীৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ আহি এক নির্বাচনী সমাৱেশত ৰাহুল গান্ধীয়ে কয় যে অসম আৰু অসমীয়াৰ ভাষা–সংস্কৃতি–কৃষ্টি– বিজেপি আৰু আৰ এছ এছে আক্রমণ কৰিছে৷ বিজেপি আৰু আৰ এছ এছে অসমৰ নিজস্ব ভাষা–সংস্কৃতি–কৃষ্টি আনকি ইতিহাসকো বিকৃত কৰিব বিচাৰিছে৷ অসম আৰু অসমীয়া নিজৰ ভাষা–সংস্কৃতিত যথেষ্ট চহকী৷ কিন্তু বিজেপি আৰু আৰ এছ এছে এই চহকী ভাষা–সংস্কৃতি–কৃষ্টি আদিক এফালৰ পৰা গ্রাস কৰিব বিচাৰিছে৷ কংগ্রেছ দলে অসমৰ ভাষা–সংস্কৃতি–কৃষ্টি– সদায় সন্মান দি আহিছে৷

তেওঁ কয়– ‘এইখন অসম আপোনালোকৰ অসম৷ আপোনালোকৰ ৰাজ্যখনক আপোনালোকেই পৰিচালনা কৰক৷ এতিয়া অসমক নাগপুৰৰ পৰা পৰিচালনা কৰি আহিছে৷ অসমক নাগপুৰৰ পৰা চলাবলৈ দিয়া নহ’ব৷’ ভাষণত তেওঁ আৰু কয় যে প্রাকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ এটা এটাকৈ সম্পদ বিজেপিয়ে পুঁজিপতিৰ হাতত বিক্রী কৰিবলৈ ওলাইছে৷ তেওঁলোকে সমগ্র অসমখনকে পুঁজিপতিক বিক্রী কৰি দিব৷ গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ আদানিৰ হাতত গতাই দিয়াটো কিমানদূৰ সমীচীন বুলিও তেওঁ প্রশ্ণ উত্থাপন কৰি কয় যে আপোনালোকৰ সম্পত্তিসমূহ কাঢ়ি মাত্র দুই–তিনিজন উদ্যোগপতিক বিজেপিয়ে দি আহিছে৷

কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে এইবাৰ চৰকাৰ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে মহাজোঁটে চৰকাৰ কৰি দৰিদ্র লোকৰ লগতে দুর্বল শ্রেণীৰ লোক, কৃষক, মহিলা, ছাত্র–ছাত্রীক ৰক্ষা কৰাৰ লগতে ৰাইজৰ অধিকাৰ ৰাইজৰ হাতত গতাই দিব৷ ৰাইজৰ ধন ৰাইজৰ স্বাস্থ্য, শিক্ষা, যোগাযোগ আদিৰ উন্নয়নত খৰচ কৰা হ’ব৷ সেই টকা দুই–চাৰিজন উদ্যোগপতিৰ জেপলৈ যাব নিদিয়ে৷ বিজেপিৰ লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীক তীব্র আক্রমণ কৰি ৰাহুল গান্ধীয়ে কয় যে দেশৰ পৰিস্থিতি ৰাইজে নিজেই প্রত্যক্ষ কৰিছে৷ বিমুদ্রাকৰণৰ নামত দেশৰ জনসাধাৰণৰ জেপৰ ধন, গাঁঠিৰ ধনসমূহ বেংকৰ জৰিয়তে চৰকাৰে ল’লে আৰু সেই ধন দেশৰ দুজনমান উদ্যোগপতিক গতাই দিলে৷ তাৰ পাছত জি এছ টিৰ নামত জনসাধাৰণৰ মূৰত অতিৰিক্ত কৰৰ বোজা জাপি দিলে৷ বিমুদ্রাকৰণ আৰু জি এছ টি প্রয়োগৰ ফলত দেশত কোনো ক’লা ধন বন্ধ নহ’ল৷ কিন্তু শ শ সৰু–বৰ উদ্যোগ চিৰদিনলৈ বন্ধ হৈ পৰিল৷ প্রধানমন্ত্রী মোদীয়ে দেশৰ কাম কৰাতকৈ দুই–চাৰিজন বিশেষ উদ্যোগপতিৰহে কাম কৰি আহিছে৷ বিজেপিৰ শাসনকালত হোৱা মূল্যবৃদ্ধিয়ে দেশৰ জনসাধাৰণক দুসাঁজ ভাত খাবলৈও চিন্তাত পেলাইছে৷

পেট্র’লজাত সামগ্রী আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে ৰাইজক জুৰুলা কৰাৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে ইউ পি এ চৰকাৰৰ দিনতকৈ ৰন্ধন গেছৰ দাম দুগুণ বৃদ্ধি পালে৷ এইবাৰ অসমৰ ৰাইজলৈ কংগ্রেছ দলে পাঁচটাকৈ গেৰাণ্টী লৈ অহাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে অসমৰ লগতে সমগ্র দেশতেই ‘কা’ বলৱৎ হ’বলৈ দিয়া নহ’ব৷ ‘কা’ৰ বিৰোধিতা কৰি অসমৰ ৰাইজে কৰা প্রতিবাদৰ মূল্য দিয়া হ’ব আৰু কোনো পৰিস্থিতিতেই ‘কা’ প্রযোজ্য হ’বলৈ কংগ্রেছে নিদিয়ে৷

সেইদৰে বিজেপিয়ে চাহ শ্রমিকক মিছা প্রতিশ্রুতি আৰু প্রলোভন দি অহা বুলি উল্লেখ কৰি কয় যে কংগ্রেছ চৰকাৰ অহাৰ পাছতেই চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি কৰাৰ গেৰাণ্টী দিয়া হৈছে৷ তদুপৰি প্রতিটো পৰিয়ালক মাহে ২০০ ইউনিট বিনামূলীয়া বিদ্যুৎ যোগান, মহিলাসকলক মাহে দুহাজাৰ টকাকৈ প্রদান আৰু ৫ লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তিৰ লগতে ২৫ লাখক বেচৰকাৰী খণ্ডত সংস্থাপনৰ গেৰাণ্টী দিয়া হৈছে৷ শনিবাৰৰ সেই নির্বাচনী সভাখনত কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে মঞ্চৰ কাষতে নৃত্য কৰি থকা শিল্পীসকলৰ সৈতেও হাত চাপৰি বজাই অংশগ্রহণ কৰে৷

আনহাতে, মৰিয়নিৰ কংগ্রেছ প্রার্থী ৰূপজ্যোতি কুর্মীয়ে আদৰণী ভাষণত কয় যে সমষ্টিটোৰ বাহিৰৰ পৰা মানুহ আনি নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই মৰিয়নিত ৰোড শ্ব’ কৰি ভিৰ দেখুৱাইছে৷ কিন্তু আজি তেওঁ মৰিয়নি সমষ্টিৰ পৰাই দুগুণ বেছি মানুহ আনি দেখুৱালে৷ এইবাৰৰ নির্বাচনতো মৰিয়নিবাসীয়ে তেওঁকেই বিজয়ী কৰিব বুলি বর্তমানৰ বিধায়কজনে উল্লেখ কৰে৷

সভাখনত সাংসদ প্রদ্যুৎ বৰদলৈয়েও ভাষণ দিয়ে৷ ৰাহুল গান্ধীৰ সমাৱেশখনত অসম প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, পর্যবেক্ষক বিকাশ উপাধ্যায়, তিতাবৰৰ কংগ্রেছ প্রার্থী ভাস্কৰজ্যোতি বৰুৱা, যোৰহাট জিলা কংগ্রেছৰ সভাপতি দীপ গগৈয়েও অংশগ্রহণ কৰে৷

You might also like