নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মোদীৰ শাসনত কেন্দ্রই পূর্বোত্তৰক বৈষম্য কৰাৰ ধাৰণা সলনি হৈছে’

🔹 দিল্লীস্থিত উত্তৰ–পূববাসীৰ প্রতি মুখ্যমন্ত্রী ড০ শর্মাৰ আহ্বান

বিশেষ বার্তা,  ১৩ মে’ : কালি সন্ধিয়া নতুন দিল্লীত বিজেপিৰ মুখ্য কার্যালয়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা উপস্থিত হৈ দলৰ জনজাতি মর্চাৰ এখন সন্মিলনত অংশগ্রহণ কৰে৷ উত্তৰ–পূর্বাঞ্চলৰ লগতে পশ্চিমবংগৰ নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত সন্মিলনখনত ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই আমাৰ জন্মভূমিৰ বিকাশৰ বাবে নৰেন্দ্র মোদীক সমর্থন কৰিবলৈ আহ্বান জনাই কয় যে উত্তৰ–পূবৰ ৰাজ্যসমূহত ইতিমধ্যে লোকসভা নির্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈ গৈছে৷ নির্বাচনৰ সময়ত উত্তৰ–পূবৰ ৰাজ্যসমূহৰ ইছ্যুসমূহৰ বিষয়ে আলোচনা কৰা হৈছে৷ আজি উত্তৰ–পূবৰ যিসকল লোক কর্মসূত্রে দিল্লীত আছে, তেওঁলোকক কিছু কথা ক’বলৈয়ে এই বৈঠক অনুষ্ঠিত কৰা হৈছে৷ ২০১৪ চনৰ আগত ছিকিমকে ধৰি উত্তৰ–পূবৰ অৱস্থা কেনে আছিল, আন্তঃগাঁথনি কেনে আছিল সেই বিষয়ে ভাবিব লাগে৷ নৰেন্দ্র মোদী প্রধানমন্ত্রী হোৱাৰ পৰা ৭০বাৰ উত্তৰ–পূবলৈ আহিছে৷ অসমলৈ ২৭বাৰ আহিছে৷ অসমৰে ৰাজ্যসভাৰ সাংসদ ড০ মনমোহন সিং যেতিয়া দেশৰ প্রধানমন্ত্রী আছিল তেওঁ পাঁচ বছৰত মাত্র তিনিবাৰহে অসমলৈ আহিছে৷ এবাৰ আহে ৰাজ্যসভা নির্বাচনৰ মনোনয়ন দাখিলৰ বাবে, এবাৰ আহে অসমৰ নির্বাচনত ভোটদান কৰিবলৈ আৰু এবাৰ আহে চৰকাৰী কার্যসূচীত৷ শাসনকালত ড০ সিঙে কেতিয়াও নাগালেণ্ড, মেঘালয়, মণিপুৰ, মিজোৰামলৈ অহা নাছিল৷ ইয়াৰ বিপৰীতে প্রধানমন্ত্রী মোদী সঘনাই উত্তৰ–পূবলৈ আহে৷ ইয়াৰ প্রত্যক্ষ প্রভাৱ সমগ্র দেশতে পৰিছে৷ পূর্বতে কেন্দ্রই উত্তৰ–পূবক বৈষম্য কৰে বুলি যি চর্চা হৈছিল, এতিয়া সেই বৈষম্যৰ কথা নাই৷ ইউটিউব, ফেচবুক আদিত যোৱা ১০ বছৰে তেনে বৈষম্যৰ বিষয়ে কোনেও উল্লেখ কৰা নাই৷ সেই ধাৰণা এতিয়া সলনি হৈছে৷ এতিয়া উত্তৰ–পূব যে দেশৰ অংশ সেইটো কোনেও উলাই কৰিব নোৱাৰে৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই কর্ণাটকৰ বেংগালুৰুত প্রধানমন্ত্রী মোদীয়ে আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ এক কার্যসূচীত অংশগ্রহণ কৰি বিশ্ববিদ্যালয়খনত উত্তৰ–পূবৰ কিমান ছাত্র–ছাত্রী আছে সেই বিষয়ে ৰাজ্যখনৰ মুখ্যমন্ত্রীক সোধাৰ প্রসংগ উল্লেখ কৰি কয় যে মোদীয়ে সুধিব লাগিছিল বিশ্ববিদ্যালয়খনত গুজৰাটৰ ছাত্র–ছাত্রী কিমান আছে? কিন্তু মোদীয়ে সুধিলে উত্তৰ–পূবৰ ছাত্র–ছাত্রীৰ কথা৷ ইয়াতেই মোদীৰ উত্তৰ–পূবৰ প্রতি থকা মনোভাব ওলাই পৰিছে৷ আমি হৈছোঁ ৰাজনীতিক৷ কিন্তু মোদী হৈছে ষ্টেটমেনছ৷ উত্তৰ–পূবৰ প্রতি মোদীৰ ভাল ভাব আছে বাবেই দিল্লী আৰক্ষীতো এতিয়া উত্তৰ–পূবৰ লোকক নিয়োজিত কৰিছে৷ উত্তৰ–পূবৰ সামগ্রিক বিকাশৰ বাবে মোদীয়ে ইতিমধ্যে ৫৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে৷ যোৱা ১০ বছৰত উত্তৰ–পূবত দ্বৈত ৰে’ললাইন, ৰে’লপথ বিদ্যুতীকৰণ আদিৰ কাম চলি আছে৷ সমগ্র উত্তৰ–পূবত ৰাষ্ট্রীয় ঘাইপথ উন্নীতকৰণৰ বাবে ৯০ হাজাৰ কোটি টকা বিনিয়োগ কৰিছে৷ মোদীৰ ১০ বছৰীয়া শাসনকালত উত্তৰ–পূবত শান্তি আহিছে৷ মণিপুৰৰ দুর্ভাগ্যজনক ঘটনাক বাদ দি এই সময়ছোৱাত উত্তৰ–পূবত বোমা বিস্ফোৰণ, গুলীয়াগুলীৰ ঘটনা সংঘটিত হোৱা নাই৷ ছেমিকণ্ডাক্টৰৰ দৰে ২৭ হাজাৰ কোটি টকা ব্যয়েৰে উদ্যোগ স্থাপন কৰা হৈছে৷ এই উদ্যোগটো হৈছে ভৱিষ্যতৰ উদ্যোগ, ইলেক্ট্র’নিক বিপ্লৱৰ উদ্যোগ৷ পূর্বতে গোর্খাসকলক ভাৰতত বিদেশী হিচাপে গণ্য কৰা হৈছিল৷ কিন্তু এতিয়া সমগ্র ভাৰতত গোর্খাসকল বিদেশী নহয়৷ তাৰ বাবে বিধি প্রস্তুত কৰা হৈছে৷ চিকেন নেকৰ প্রসংগ উল্লেখ কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মোদীয়ে পশ্চিমবংগ আৰু উত্তৰ–পূবৰ মাজত সুৰংগ পথ নির্মাণৰো লক্ষ্য স্থিৰ কৰিছে৷ কংগ্রেছ নেতা এ কে এণ্টনীয়ে উত্তৰ–পূবৰ সীমান্ত অঞ্চলৰ উন্নয়নৰ বিৰোধিতা কৰি সীমান্তত উন্নয়ন হ’লে চীনা আহিব বুলি কৰা মন্তব্যত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রধানমন্ত্রী মোদীয়ে অৰুণাচল প্রদেশৰ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰি এতিয়ালৈ চীনা সীমান্তলৈ যোৱাৰ বাবে দুটা ৰাষ্ট্রীয় ঘাইপথ নির্মাণ কৰিছে৷ টাৱাঙলৈ ৰে’ল যোগাযোগৰো কাম কৰি আছে৷

এসময়ত অসমে ব্রহ্মপুত্রৰ ওপৰত প্রথমখন দলঙৰ বাবে আন্দোলন কৰিবলগীয়া হৈছিল৷ কিন্তু এতিয়া ধলা–শদিয়া, বগীবিল দলং হোৱাৰ লগতে কলীয়াভোমোৰাৰ দ্বিতীয়খন দলং, শৰাইঘাটৰ দ্বিতীয়খন দলং হৈ গৈছে৷ গুৱাহাটী–উত্তৰ গুৱাহাটী দলং, শুৱালকুছি–পলাশবাৰী দলং, ধুবুৰী–ফুলবাৰী দলঙৰ কাম হৈ আছে৷ ইয়াৰ ফলত উত্তৰ–পূর্বাঞ্চলত পর্যটকৰ সংখ্যাও বৃদ্ধি পাইছে৷ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ কাম–কাজক সমালোচনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেজৰিৱালে দিল্লীত মহল্লা ক্লিনিক কৰিছে৷ কিন্তু মই অসমত মেডিকেল কলেজ কৰিছোঁ৷ কেজৰিৱালে শেহতীয়াকৈ কোৱা কথা–বতৰা সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে কেজৰিৱাল ৫২ দিন তিহাৰ জে’লত থাকি জামিনত আহিছে৷ তিহাৰ জে’লত ডাঙৰ ডাঙৰ অপৰাধী থাকে৷ তেওঁ পুনৰ জে’ললৈও যাব লাগিব৷ বর্তমান তেওঁৰ মানসিক অৱস্থা সুস্থ অৱস্থাৰ সৈতে তুলনা নকৰিব৷ দুই–চাৰি দিনলৈ তেওঁৰ কথা বিশ্বাস নকৰিব৷ আন্না হাজাৰেক তেওঁ কেনেদৰে প্রতাৰণা কৰিছিল সেই কথাও এতিয়া পাহৰিছে৷ জে’লৰ পৰা অহাৰ পাছত এনে হোৱাটো কমন ছিণ্টম৷ নিশাৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মাই দিল্লীৰ মংগলপুৰী এলেকাত আন এক নির্বাচনী কার্যসূচীত অংশগ্রহণ কৰে৷ ইফালে, বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে মুখ্যমন্ত্রী ড০ শর্মাই আজি পঞ্জাবত, কাইলৈ ওড়িশাত আৰু ১৫ মে’ত ঝাৰখণ্ডত নির্বাচনী প্রচাৰ চলাবলৈ যাব৷

You might also like