ডিজিটেল ডেস্ক, ৮ মাৰ্চ : তিনিচুকীয়া জিলাৰ পেঙেৰী অঞ্চলত শুকুৰবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰৰ মৃত্যু হয়। পেঙেৰীৰ ব্ৰহ্মাজান চাহ বাগিচাৰ ছয় নম্বৰ লাইনত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে।
শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত দহ-বাৰটা হাতীৰ জাকে ব্ৰহ্মাজান চাহ বাগিচাৰ ভিতৰত প্ৰৱেশ কৰে আৰু নিশা প্ৰায় ১১.৩০ বজাত হাতীজাকে বুধন ৰাউটিয়া (৪০) আৰু তেওঁৰ মাতৃ অনিতা ৰাউটিয়া (৭৫) বাস কৰা ঘৰটোত আক্ৰমণ চলায়। হাতীজাকে ঘৰটো ভাঙি সোমাই আক্ৰমণ কৰাত দুয়োগৰাকীৰ থিতাতে মৃত্যু হয় ।
ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় ৰাইজে বন বিভাগ আৰু আৰক্ষীক খবৰ দিয়াত বন বিভাগ আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। উল্লেখ্য যে ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত খাটাংপানী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ এই অঞ্চলটোত বন্যহস্তীয়ে দীৰ্ঘদিন ধৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে।