নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰৰ বদৰপুৰত কোটি টকাতকৈও অধিক মূল্যৰ মুকুতাসহ গ্ৰেপ্তাৰ এজন

কাছাৰ জিলাৰ বদৰপুৰ ৰে’ল ষ্টেচনত অভিযান চলাই বিপুল পৰিমাণৰ মুকুতাসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে ৰে’ল আৰক্ষীয়ে।

জানিব পৰা মতে, অভিযানত মুঠ ৬৯৯টা মুকুতা উদ্ধাৰ কৰা হৈছে। ধৃত সৰবৰাহকাৰীজন মিজোৰামৰ বাসিন্দা থাং চিয়ান মুয়াং। আৰক্ষীৰ সূত্ৰ অনুসৰি, উদ্ধাৰ হোৱা মুকুতাৰ বজাৰ মূল্য এক কোটি টকাতকৈও অধিক। ধৃত যুৱকজনে মুকুতাখিনি আনন্দ বিহাৰ এক্সপ্ৰেছেৰে দিল্লীলৈ লৈ গৈ আছিল।

এক গোপন সূত্ৰৰ ভিত্তিত বদৰপুৰ জি আৰ পি আৰু শুল্ক বিভাগে যৌথ অভিযান চলাই ৰে’লখনত তালাচী চলায়। এই অভিযানত মুকুতাখিনি জব্দ কৰাৰ লগতে সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে। ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে অধিক তদন্ত আৰম্ভ কৰিছে।

নিয়মীয়া বাৰ্তা, শিলচৰ, ৭ মার্চ :
You might also like